BEAUTIFUL NALBARI: শাৰদ সুন্দৰী অনামিকাক লৈ উৎফুল্লিত নলবাৰী
শাৰদ সুন্দৰী অনামিকাক লৈ উৎফুল্লিত নলবাৰী
DD TIMES নলবাৰী, ২ অক্টোবৰঃ জনপ্ৰিয় মডেল অনামিকা বৰ্মন শাৰদ সুন্দৰী হিচাপে বিবেচিত হোৱাক কেন্দ্ৰ কৰি নলবাৰীত আনন্দৰ লহৰ উঠা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে নলবাৰী জিলাৰ সন্ধা নিবাসী ৰাজ্যৰ আগশাৰীৰ মডেল অনামিকা বৰ্মন এইবাৰ ‘প্ৰজ্ঞা’ৰ উদ্যোগত আয়োজিত ৰাজ্যিক ভিত্তিত শাৰদ সুন্দৰী প্ৰতিযোগিতাৰ শীৰ্ষ পাঁচৰ অন্তৰ্ভুক্ত হৈছে।
শীৰ্ষ দহৰ পাঁচ নম্বৰ স্থান অধিকাৰ কৰি সুখী অনুভৱ কৰা অনামিকা বৰ্মনে আজি সাংবাদিকৰ সন্মুখত কয়, “এই সন্মানে মোক আহ্লাদিত কৰিছে। লগতে নতুন উদ্যমেৰে মডেলিঙৰ জগতত জড়িত হৈ থকাৰ বাবে প্ৰেৰণা যোগাইছে।”
উল্লেখ্য যে নলবাৰী জিলাৰ সন্ধা নিবাসী অনামিকা বৰ্মনে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মডেলিং প্ৰতিযোগিতাত পুৰষ্কৃত হৈছে।