অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

BCCI U-19 Women’s T2O Tournament: ১৯ অনুৰ্ধ্ব টি-২০ মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেললৈ অসম দল ঘোষণা

Spread the love

১৯ অনুৰ্ধ্ব টি-২০ মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেললৈ অসম দল ঘোষণা

DD TIMES গুৱাহাটী, ২৩ অক্টোবৰঃ অসম ক্ৰিকেট সন্থাই অহা ২৬ অক্টোবৰৰ পৰা নাগপুৰত হবলগীয়া বি চি চি আইৰ ১৯ অনুৰ্ধ্ব টি-২০ মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈৰ লগতে সহায়ক ষ্টাফৰ নাম প্ৰকাশ কৰিছে।

খেলুৱৈসকল : কাকু বৰ্মন (অধিনায়ক), খুছি কুমাৰী (উপ অধিনায়ক), প্ৰিয়ংকা কলিতা, ৰীমা পেগু, ডলী কাৰ্দং, নেহা চন্দ, পয়ুনিধি দাস, গ্ৰীত্ৰিশা শইকীয়া, ৰেশ্মী সিনহা, আকাংক্ষা শাণ্ডিল্য, ৰিয়া পৌৰেল, অংকিতা সোণোৱাল, ডেইজী তাঁতী, স্বস্তি বিশ্বকৰ্মা আৰু কৌশল্যা চাহু।

সহায়ক ষ্টাফ : মুখ্য প্ৰশিক্ষক – ড° গণেশ দত্ত চুঘ, প্ৰশিক্ষক তথা মেনেজাৰ – তিলক দাস, সহকাৰী প্ৰশিক্ষক – পাপৰি গগৈ, ট্ৰেইনাৰ – জয়দীপ বৰুৱা আৰু ফিজিঅ’– সুকন্যা চহৰীয়া।

অসম ক্ৰিকেট সন্থাই আগন্তুক প্ৰতিযোগিতাখনৰ বাবে দল আৰু সহযোগী ষ্টাফলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!