অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

BASKETBALL COMPETITION: উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৬৮ তম পুৰুষ আৰু ৪৮তম মহিলা সৰ্বভাৰতীয় আন্তঃৰে’লৱে বাস্কেটবল চেম্পিয়নশ্বিপ, ২০২৫ৰ আয়োজন

Spread the love

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৬৮ তম পুৰুষ আৰু ৪৮তম মহিলা সৰ্বভাৰতীয় আন্তঃৰে’লৱে বাস্কেটবল চেম্পিয়নশ্বিপ, ২০২৫ৰ আয়োজন


DD TIMES মালিগাঁও, ৪ নৱেম্বৰ, ২০২৫ঃ উত্তৰ-পূব সীমান্ত ৰেলৱেই উত্তৰ-পূব সীমান্ত ৰেলৱে ক্ৰীড়া সংস্থাৰ (এনএফআৰএছএ)ৰ দ্বাৰা আয়োজিত ৬৮ তম পুৰুষ আৰু ৪৮তম মহিলা সৰ্বভাৰতীয় আন্তঃৰেলৱে বাস্কেটবল চেম্পিয়নশ্বিপ, ২০২৫ৰ আয়োজন কৰিছে।

এই চেম্পিয়নশ্বিপ মালিগাঁওৰ এনএফআৰএছএ ইনড’ৰ ষ্টেডিয়ামত ৩ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰ, ২০২৫লৈ অনুষ্ঠিত হ’ব আৰু ভাৰতীয় ৰেলৱেৰ বিভিন্ন সংমণ্ডলৰ পৰা অহা শীৰ্ষ ক্ৰীড়া দলসমূহৰ উৎসাহজনক অংশগ্ৰহণৰ সাক্ষী হৈ ৰব।


চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান এই ৰেলৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলৰ উপস্থিতিত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱৰ গৌৰৱময় উপস্থিতিত শুভ উদ্বোধন কৰা হয়।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকে সকলো দল আৰু অংশগ্ৰহণকাৰীসকলক উষ্ম স্বাগতম জনাই আগন্তুক উত্তেজনাপূৰ্ণ আৰু সফল প্ৰতিযোগিতাৰ বাবে শুভকামনা জ্ঞাপন কৰে।


এই বছৰৰ চেম্পিয়নশ্বিপত ৰেফাৰী, নিৰ্বাচক আৰু পৰ্যবেক্ষকসকলৰ লগতে মুঠ ২০টা পুৰুষ দল আৰু ১৪ টা মহিলা দলে অংশগ্ৰহণ কৰিছে, য’ত ৫০০ৰো অধিক অংশগ্ৰহণকাৰী অন্তৰ্ভুক্ত আছে। পুৰুষ চেম্পিয়নশ্বিপৰ মেচসমূহ ৩ৰ পৰা ১০ নৱেম্বৰ, ২০২৫ পৰ্যন্ত আৰু মহিলা চেম্পিয়নশ্বিপ ৬ৰ পৰা ১১ নৱেম্বৰ, ২০২৫লৈ অনুষ্ঠিত হ’ব।


অংশগ্ৰহণকাৰী পুৰুষ দলসমূহৰ ভিতৰত আছে এনএফআৰ, এনআৰ, আইচিএফ, ইআৰ, ডব্লিউআৰ, চিআৰ, ডব্লিউচিআৰ, এছচিআৰ, বিএলডব্লিউ, আৰডিএছঅ’, এছইচিআৰ, পিএলডব্লিউ, এনইআৰ, ইচিআৰ, এনডব্লিউআৰ, চিএলডব্লিউ, মেট্ৰ’, আৰপিএফ, আৰচিএফ আৰু এছআৰ।

মহিলা দলসমূহৰ ভিতৰত আছে এনএফআৰ, এছচিআৰ, এছডব্লিউআৰ, চিআৰ, এছইচিআৰ, এনআৰ, ডব্লিউআৰ, ইআৰ, এনইআৰ, এনডব্লিউআৰ, চিএলডব্লিউ, আইচিএফ, এছআৰ আৰু ইচিআৰ।

ৰে’লৱে ব’ৰ্ডৰ দ্বাৰা মুঠ ২৭ জন ৰেফাৰী মনোনীত কৰা হৈছে, যাক ৬ জন নিৰ্বাচক আৰু ২ জন পৰ্যবেক্ষকে সহায় কৰিব, যাতে প্ৰতিযোগিতাৰ পৰিচালন সুগম আৰু নিকা হয়।


সৰ্বভাৰতীয় আন্তঃৰেলৱে বাস্কেটবল চেম্পিয়নশ্বিপ ভাৰতীয় ৰেলৱেৰ ক্ৰীড়া কেলেণ্ডাৰৰ অন্যতম প্ৰতিষ্ঠিত আৰু বহু প্ৰতীক্ষিত এক উৎসাহজনক অনুষ্ঠান, যি প্ৰতিভাৱান বাস্কেটবল খেলুৱৈসকলক চিনাক্তকৰণ আৰু প্ৰতিপালনৰ বাবে এক মঞ্চ হিচাপে কাম কৰে।

ক্ৰীড়া আৰু শাৰীৰিক সুস্থতাৰ প্ৰসাৰৰ প্ৰতি থকা নিৰন্তৰ প্ৰতিশ্ৰুতিৰ বাবে পৰিচিত উত্তৰ-পূব সীমান্ত ৰেলৱেই এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰাত গৌৰৱ অনুভৱ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!