Barpeta District Sahitya Sabha: সৰভোগত বৰপেটা জিলা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন
সৰভোগত বৰপেটা জিলা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণিঃ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা প্ৰদানৰ সিদ্ধান্ত

DD TIMES সৰভোগ, ২১ ডিচেম্বৰঃ সৰভোগত আজি বৰপেটা জিলা সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন খন বৰনগৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হয় ৷

প্ৰয়াত হলিৰাম মহন্ত ঠাকুৰ আৰু চিন্তাহৰণ পাটগিৰি দেৱৰ প্ৰচেষ্টাত ১৯২৩ চনতেই বৰনগৰ সাহিত্য সভা গঠন হয় ৷ বৰনগৰ সাহিত্য সভাৰ কাৰ্যালয়ত জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰী দেৱৰ সভাপতিত্বত উক্ত অনুষ্ঠান অনুষ্ঠিত হয়।
ৰাতিপুৱা পতাকা উত্তোলন কৰে জিলা সভাপতি গিৰিধৰ চৌধুৰী, বন্তি প্ৰজ্বলন কৰে ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য্য, স্মৃতি তৰ্পণ কৰে গোবিন্দ তালুকদাৰ, বৃক্ষ ৰোপণ কৰে দীনেশ চন্দ্ৰ নাথ, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰে হৰকিষন মহেশ্বৰী, জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে ৰামকৃষ্ণ তালুকদাৰে ৷
সভাত বৰপেটা জিলাৰ বহু কেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
১) সভাত অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ জীৱনী গ্ৰন্থ বৰপেটা জিলা সাহিত্য সভাৰ পৰা প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
২) সভাত বৰপেটা জিলা সাহিত্য সভাৰ ফালৰ পৰা এহেজাৰ কবিতাৰ এখন সংকলন প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
৩) সভাৰ সিদ্ধান্ত মৰ্মে অহা বছৰৰ পৰা অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা ২০২৬ জিলাৰ যিকোনো এজন ব্যক্তিক সাহিত্যৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰাৰ ঘোষণা কৰা হয়।
সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ ৰাখে ড° ঊষা দাসৰ লগতে বহু কেইজন বিশিষ্ট সাহিত্যিকে।
উক্ত সভাত ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য্য দেৱৰ কথা সাহিত্যৰ জনক ভট্টদেৱৰ জীবন দৰ্শন সম্পৰ্কে মূল্যবান এখন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক প্ৰমোদ শৰ্মাই ৷
সভাখনৰ আঁত ধৰে জিলা সম্পাদক প্ৰদীপ কুমাৰ দাসে ৷ উক্ত সভাত জিলা খনৰ বহু শাখাৰ পৰা অহা প্ৰতিনিধি সকল উপস্থিত থাকে ৷
শেষত সভাখন সুন্দৰভাৱে সফল কৰাৰ বাবে বৰনগৰ শাখাৰ সম্পাদক প্ৰাণজিত দাস (কাব্যনীলে) শলাগৰ শৰাই আগবঢ়ায়৷

