অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Barkala Higher Secondary School: বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মায়া তালুকদাৰৰ বিদায় সম্বৰ্ধনা

Spread the love

বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মায়া তালুকদাৰৰ বিদায় সম্বৰ্ধনা সভা

DD TIMES বেবেজীয়া, ১ জানুৱাৰীঃ নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী মায়া তালুকদাৰৰ কালি শিক্ষক জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ উপলক্ষে আজি বিদ্যালয়ত এখনি গাম্ভীৰ্যপূৰ্ণ বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙে সভাপতিত্ব কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ, সুবক্তা, অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকাৰ লগতে বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গোবিন চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ৰজত মুদৈ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মঞ্জু ৰাণী লস্কৰ, সমাজকৰ্মী চৰন সিং, মোহিনী মোহন লস্কৰ, অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক দিলীপ লস্কৰ আৰু বীৰেন নাথ।

বিদ্যালয়ৰ শিক্ষক ভদ্ৰ কান্ত ডেকা আৰু শিক্ষয়িত্ৰী নিহাৰিকা বৰুৱাই আঁতধৰা সভাখনিত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি মোহিনী মোহন ডেকাই বিদায়ী শিক্ষাগুৰু মায়া তালুকদাৰৰ সুদীৰ্ঘ কৰ্মজীৱনৰ সফলতাৰে সামৰণি মৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷

তেখেতে কয় যে অসমীয়া ভাষাৰ ক্ষেত্ৰত মায়া তালুকদাৰৰ এক উল্লেখনীয় দখল আছে ৷ এগৰাকী কবি হিচাপে তেখেতে “প্ৰাণৰ পুতলী” শীৰ্ষক কবিতা পুথিখনৰ কথাও দৃষ্টিগোচৰ কৰে ৷ বিদ্যালয়ৰ জ্যেষ্ঠ বিষয় শিক্ষক ব্ৰজেন বৰাই ভাষণ প্ৰদান কৰি সুদীৰ্ঘকালৰ সহকৰ্মী গৰাকী কৰ্মময় জীৱনৰ আলোকপাত কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে পাঁচ গচি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মায়া তালুকদাৰ, মোহিনী মোহন ডেকা, মঞ্জু ৰাণী লস্কৰ,চৰন সিং আৰু মোহিনী মোহন লস্কৰে ৷ পৰৱৰ্তী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিবেশন কৰে ৷

বিদ্যালয়ৰ ছাত্ৰী মালিন টেৰংপীৰ নৃত্য প্ৰদৰ্শনে উপস্থিত সকলোকে সকলোকে আপ্লুত কৰে ৷ বিদায়ৰ সম্বৰ্ধনাত কৃতী শিক্ষয়িত্ৰী গৰাকীলৈ বিদ্যালয়ৰ পৰা সম্বৰ্দ্ধনা পত্ৰ, গামোচা, শৰাই,গ্ৰন্থ, বস্ত্ৰ, ধনৰ টোপোলাৰে সন্মান যঁচা হয় । লগতে সহকৰ্মী ,ছাত্ৰ-ছাত্ৰী , প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু ৰাইজেও তেখেতক বিভিন্ন উপহাৰ ,গামোচা আদিৰে বিদায় সম্ভাষণ জ্ঞাপন কৰে ৷

বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি নিজৰ ভাষণত শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰী, অভিভাৱক, পৰিচালনা সমিতি, বৰক’লাবাসী ৰাইজক ভূয়সী প্ৰশংসা কৰে ৷ নিজৰ সুদীৰ্ঘকালৰ শিক্ষকতা জীৱনৰ অভিজ্ঞতাই তেওঁৰ জীৱন ধন্য কৰা বুলি উল্লেখ কৰাৰ লগতে সকলো ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

সভাপতিৰ ভাষণত বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙে মায়া তালুকদাৰৰ সুদীৰ্ঘ কৰ্মজীৱনৰ আলোকপাত কৰি বক্তব্য আগবঢ়াই ৷ এগৰাকী কৃতী শিক্ষক আৰু ভাল প্ৰশাসকৰ সকলো গুণ তেখেতৰ কৰ্মত প্ৰতিফলিত হৈছে বুলিও উল্লেখ কৰে ৷

সকলো সময়তে বিদ্যালয়ৰ উন্নতিৰ সপোনৰ পম খেদি শিক্ষকতাৰ দ্বায়িত্ব যি নিষ্ঠা আৰু দক্ষতাৰে সমাপন কৰিলে সি নতুন প্ৰজন্মৰ বাবে আদৰ্শ বুলি তেওঁ উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!