অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

BANGAIGAON BOOK FAIR: কবিৰ দায়ৱদ্ধতাই কবিতাৰ উত্তৰণৰ বাট কাটেঃ ড° এম কামালুদ্দিন আহমেদ

Spread the love

অসম গ্ৰন্থমেলা , বঙাইগাঁৱত ছদিনত কুৰি লক্ষ্যাধিক টকাৰ কিতাপ বিক্ৰী

কবিতাৰ ছন্দৰে জীপাল জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহ

কবিৰ দায়ৱদ্ধতাই কবিতাৰ উত্তৰণৰ বাট কাটেঃ ড° এম কামালুদ্দিন আহমেদ

DD TIMES বঙাইগাঁও, ২৭ অক্টোবৰঃ ভাষা-সাহিত্য, সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ৰ চৰ্চাৰে আকৰ্ষণীয় হৈ পৰা অসম গ্ৰন্থমেলা, বঙাইগাঁৱত আশাব্যঞ্জক হৈছে কিতাপ বিক্ৰীৰ পৰিমান ৷

আজি ষষ্ঠ দিনালৈ ইয়াত ২০ লাখৰো অধিক টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷

ইপিনে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দয়দানত আয়োজন কৰা গ্ৰন্থমেলাৰ প্ৰাংগণত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় কবি সন্মিলন ৷

কবি সন্মিলন সঞ্চালনা কৰে বিশিষ্ট কবি, সমালোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° এম কামালুদ্দিন আহমেদে ৷ তেওঁ কয় যে অসমীয়া কবিতাই বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে দীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰিছে ৷

ভাৰতীয় আৰু বিশ্ব সাহিত্যৰ প্ৰেক্ষাপটৰ সৈতে তুলনা কৰিলে সাম্প্ৰতিক অসমীয়া কবিতাৰ ৰূপটোক আকৰ্ষণীয় বুলি ক’ব পাৰি ৷

কিন্তু আৰু অধিক উত্তৰণৰ প্ৰয়োজন আছে৷ সৃষ্টিৰ প্ৰতি কবিসকলৰ দায়ৱদ্ধতাই এই উত্তৰণৰ বাট কাটিব পাৰিব৷ আৰু এতিয়াৰ কবিসকলে এই দায়ৱদ্ধতাৰে কাম কৰি থকা বুলি বিশ্বাস কৰোঁ ৷

কবি সন্মিলনত অংশগ্ৰহণ কৰে সৌৰভ শইকীয়া, হিল্লোজ্যোতি সিংহ, প্ৰতীম বৰুৱা, বিভাৰাণী তালুকদাৰ, কনক চন্দ্ৰ ৰায়, মনহৰি বায়ন, পদুমী সিংহ, খঞ্জনা শৰ্মা, মিতালী ভট্টাচাৰ্য, পবিত্ৰ কুমাৰ নাথ, ৰাধেশ্যাম নাথ, মৈত্ৰেয়ী পাটৰ, সংগীতা মেধি, অলক চন্দ্ৰ ৰায়, উৎপল কলিতা, উৎপল ডেকা, ধীমান বৰ্মন, গীতা কলিতা, দিগন্ত নিবিড়ে ৷

ইপিনে সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাত আজি অংশগ্ৰহণ কৰে মূলাগাঁৱৰ বোধিবৃক্ষ বিদ্যালয়, বঙাইগাঁও হাইস্কুল আৰু ব্ৰেইনট্ৰি ইন্টাৰনেশ্বনেল স্কুলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!