BA LLB: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ বিএ এলএলবি পাঠ্যক্ৰমৰ বাবে বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ অনুমতি
DD TIMES নগাঁও, ২৫ ছেপ্টেম্বৰঃ বাৰ কাউন্সিল অফ ইণ্ডিয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিএ এলএলবি পাঠ্যক্ৰম (সন্মান বিষয়) (পাঁচ বছৰীয়া সংযুক্ত পাঠ্যক্ৰম) আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে ৷

উল্লেখযোগ্য, জুনৰ ১২ তাৰিখে বাৰ কাউন্সিল অফ ইণ্ডিয়াই এই পাঠ্যক্ৰম মুকলি কৰাৰ সম্পৰ্কত পৰিদৰ্শন কাৰ্যসূচী সমাপন কৰিছিল৷
এই পৰিদৰ্শনৰ পিছত যাৱতীয় সকলো প্ৰয়োজনীয় বিধিসন্মত দিশৰ যোগাত্মকতা লাভ কৰি বিশ্ববিদ্যালয়খনক কালি এই অনুমতি প্ৰদান কৰিলে বাৰ কাউন্সিল অফ ইণ্ডিয়াই ৷
বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ BCI D – 3417: 2025 (I.E/Std. 11.9.2025) এক পত্ৰযোগে পঞ্জীয়কলৈ এই বাৰ্তা প্ৰেৰণ কৰা হৈছে । বাৰ কাউন্সিলৰ এই সিদ্ধান্তই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক যাত্ৰাত এক নব সংযোগ ঘটাব ৷
এই বাৰ্তাই বিশ্ববিদ্যালয় পৰিয়ালৈ সুখৰ বতৰা কঢ়িয়াইছে বুলি উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰা, পঞ্জীয়ক ড° শৰৎ হাজৰিকাই জনাইছে ৷
উল্লেখ্য, চলিত শিক্ষাবৰ্ষৰ পৰা বিশ্ববিদ্যালয়খনৰ গুৱাহাটী গোটত এই পাঠ্যক্ৰমৰ শুভাৰম্ভ হ’ব ৷ প্ৰণিধানযোগ্য, বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটত ২০১৫ চনৰ পৰা এল এল এম আৰু পি এইচ ডি পাঠ্যক্ৰম অব্যাহত আছে।