অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

B BOROOAH COLLEGE: বৰুৱা কলেজত প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত ‘সূৰ্যকণ্ঠ’ জুবিন গাৰ্গৰ স্মৃতি চাৰণ সভা

Spread the love

বি বৰুৱা কলেজত প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত ‘সূৰ্যকণ্ঠ’ জুবিন গাৰ্গৰ স্মৃতি চাৰণ সভাঃ জুবিন গাৰ্গে এটা আদৰ্শ আগত ৰাখি আমাক পোন হৈ কথা ক’ব শিকালেঃ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা

DD TIMES গুৱাহাটী, ১১ অক্টোবৰঃ জুবিন গাৰ্গে এটা আদৰ্শ আগত ৰাখি আমাক পোন হৈ কথা ক’ব শিকালে -বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ উদ্যোগত বি বৰুৱা কলেজৰ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আজি আয়োজিত ‘সূৰ্যকণ্ঠ’ জুবিন গাৰ্গৰ স্মৃতি চাৰণ অনুষ্ঠানত মুখ্য স্মৃতি চাৰক হিচাপে ভাষণ প্ৰদান কৰি এইদৰে কয় জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই।

Oplus_131072

প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিভাৰ সন্দৰ্ভত আলোকপাত কৰি সাংবাদিক শৰ্মাই জুবিন গাৰ্গক কেবল গায়ক হিচাপেই সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি বুলি উল্লেখ কৰি কণ্ঠ শিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক অভিনেতা, চলচ্চিত্র পৰিচালক হিচাপে তেওঁ অসামান্য প্ৰতিভাৰ
স্বাক্ষৰ ৰাখি গৈছে বুলিও কয়।

সংগীত শিল্পী গৰাকীৰ কৰ্ম জীৱনৰ বিভিন্ন বিষয় সন্দৰ্ভত বিশ্লেষণ কৰি সাংবাদিক শৰ্মাই জুবিন গাৰ্গে অসমীয়া সংগীতত এক নতুন ধাৰাৰ সৃষ্টি কৰি জাতীয় জীৱনক সমৃদ্ধ কৰি থৈ গ’ল বুলিও কয়। সূৰ্যকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে আৰম্ভ হোৱা স্মৃতি চাৰণ অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ সাধাৰণ সম্পাদক ড° বিজয় শংকৰ গোস্বামীয়ে।

বি বৰুৱা কলেজৰ সৈতে জুবিন গাৰ্গৰ সম্পৰ্ক সন্দৰ্ভত বিস্তৃত ভাৱে কয় কলেজৰ অধ্যক্ষ ড° সত্যেন্দ্ৰনাথ বৰ্মনে। এই স্মৃতি চাৰণ সভাখনৰে ৰজিতা খুৱাই প্ৰকাশ কৰা স্মৃতিগ্ৰন্হ উন্মোচন কৰে জুবিন গাৰ্গৰ সংগীত জীৱনৰ সুদীৰ্ঘ দিনৰ সংগী শিল্পী ক্ৰমে দিগন্ত ভাৰতী, দুদুল শইকীয়া আৰু ছবিন দাসে।

নিজস্ব স্মৃতি চাৰণত দিগন্ত ভাৰতীয়ে সূৰ্যকণ্ঠৰ শিল্পী জীৱনৰ বিভিন্ন প্ৰসংগ উল্লেখ কৰি জুবিন গাৰ্গৰ সৈতে কাম কৰা সময়ৰ বহু কথা ব্যক্ত কৰে। জুবিন গাৰ্গে ৫০ বছৰতে ১০০ বছৰৰ কাম কৰি থৈ যোৱা বুলিও ভাৰতীয়ে উল্লেখ কৰে।

স্মৃতিগ্ৰন্থ ‘সূৰ্যকণ্ঠ’ৰ সম্পাদক তথা জুবিন গাৰ্গৰ স্কুলীয়া বন্ধু হেমচন্দ্র পাঠকে কৈশোৰৰ পৰা বিগত ৪০ বছৰ ধৰি বন্ধুত্বৰ সম্পৰ্কৰে বান্ধ খাই থকা শিল্পী গৰাকীৰ বহু কথা স্মৃতি চাৰণ কৰে। স্মৃতি চাৰণ সভাখনৰ সভাপতি তথা বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ সভাপতি আৰু কলেজৰ অৱসৰী অধ্যাপক জগদীশ চন্দ্র গোস্বামীয়ে ১৯ ৯২ চনত জুবিন গাৰ্গে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত পশ্চিমীয়া সংগীতত স্বৰ্ণ পদক লাভ কৰি কলেজ খনলৈ কঢ়িয়াই অনা সন্মানৰ কথা প্ৰকাশ কৰি সেই সময়ত কলেজৰ দলটোৰ তত্বাবধায়ক হিচাপে থকা বুলি কয়।

সংগীত জীৱনৰ প্ৰাৰম্ভণিতে জুবিনক সেই সন্মানে তেওঁক বিশেষ ভাৱে অনুপ্রাণিত কৰিছিল বুলিও গোস্বামীয়ে অনুষ্ঠানত ব্যক্ত কৰে। অনুষ্ঠানৰে সংগতি ৰাখি বিশিষ্ট কণ্ঠ শিল্পী নিৰ্মালী দাস, ৰিয়াজ তালুকদাৰ, ড° নিজান পেগু, অংগৰিকা আয়ুসী বৰা, বিশাল কলিতা,জ্যেতিষ্মান কলিতা আদি শিল্পী সকলে জুবিন গাৰ্গৰ কণ্ঠৰ গীত পৰিৱেশন কৰে।

উল্লেখ্য যে এই অনুষ্ঠানতে জুবিন গাৰ্গে কণ্ঠদান কৰা শ্ৰব্য কেছেট আৰু চি ডিৰ সংগ্ৰাহক নগাঁও জিলা কলিয়াবৰ কুঁৱৰীতোলৰ চিন্ময় জ্যোতি শইকীয়াই বহু আপুৰুগীয়া কেছেট আৰু চিডি প্ৰদৰ্শন কৰাৰ লগতে কেছেট সমূহ টেপ ৰেকৰ্ডাৰত বজায় শুনায়। ‘মায়াবিনী ৰাতিৰ বুকুত…’ গীতটি সমূহীয়া ভাৱে পৰিৱেশনেৰে সমাপ্ত হোৱা স্মৃতি চাৰণ অনুষ্ঠানত শলাগৰ শৰাই আগবঢায় ড° সত্যব্ৰত বৰুৱাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!