অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

AWARD 2025: লেখক ড° কেশৱ বৰালৈ ‘চৰ্দাৰ বল্লভভাই পেটেল আৰু অখণ্ড ভাৰত সন্মান’

Spread the love

লেখক ড° কেশৱ বৰালৈ ‘চৰ্দাৰ বল্লভভাই পেটেল আৰু অখণ্ড ভাৰত সন্মান’

DD TIMES বঢ়মপুৰ, ৪ নৱেম্বৰঃ লেখক, প্ৰধান শিক্ষক, সমাজসেৱক তথা নগাঁৱৰ শিঙিয়া পোটনী নিবাসী ড° কেশৱ বৰাক যোৱা ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস তথা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে ওৱৰথি ওৱেলনেচ ফাউণ্ডেশ্যন ট্ৰাষ্ট, নতুন দিল্লীৰ পৰা ‘চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় বঁটা’ প্ৰদান কৰে।

Oplus_131072

নিৰ্দিষ্ট দিনৰ অনুষ্ঠানত লেখকগৰাকী উপস্থিত থাকিব নোৱাৰা বাবে ট্ৰাষ্টৰ অধ্যক্ষ তথা সঞ্চালক মানসী বাজপাই স্বাক্ষৰিত এখনি সম্বৰ্ধনা পত্ৰসহ বঁটাৰ সামগ্ৰী তেওঁলৈ প্ৰেৰণ কৰে।

ইয়াৰ উপৰি একেটা ট্ৰাষ্টৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক হৰ্ষিত বাজপাই স্বাক্ষৰিত অখণ্ড ভাৰত সন্মানো তেওঁ লাভ কৰে।

উক্ত সন্মান প্ৰদান অনুষ্ঠানতো লেখকগৰাকী উপস্থিত নথকাত এই সন্মানৰ সামগ্ৰীও তেওঁলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে।

লেখক বৰা নগাঁৱৰ বহু কেইটা সামাজিক- সাংস্কৃতিক অনুষ্ঠানৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!