অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

AWARD: শিৱসাগৰত বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াক ‘ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা’ প্ৰদান

Spread the love

ড° ময়িদুল ইছলাম বড়াৰ জ্ঞানৰ পৰিধি আছিল সাগৰ সদৃশঃ অসম সাহিত্য সভাৰ সভাপতি, সাহিত্যিক ডঃ বসন্ত কুমাৰ গোস্বামীঃ ড° ময়িদুল ইছলাম বড়া আৰু হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি গুণমুগ্ধৰ

DD TIMES শিৱসাগৰ, ২৬ ছেপ্টেম্বৰঃ অসমৰ প্ৰথমগৰাকী ডক্টৰেট ড° ময়িদুল ইছলাম বড়া অসমীয়া জাতীয়তাবোধৰ বিশ্বাসী আছিল। ভাৰতীয় মহা জাতীয়তাবোধৰো অংশীদাৰ আছিল। বিশ্বৰ জাতীয়তাবোধ আৰু মানৱতাবাদৰো বিশ্বাসী আছিল ড০ময়িদুল ইছলাম বড়া। এই তিনিটা মহান শক্তিৰ অধিকাৰী আছিল ড০ বড়া। তেখেতৰ জ্ঞানৰ পৰিধি আছিল সাগৰ সদৃশ।

আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত অৰুণোদয় সাহিত্য সভা , ড০ ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ যুগ্ম উদ্যোগত শিৱসাগৰ প্ৰেছ ক্লাব আৰু ৰংপুৰজ্যোতি ক্লাবৰ সহযোগত অনুষ্ঠিত হোৱা লণ্ডনৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰা প্রথম গৰাকী অসমীয়া ডক্টৰেট, ঢাকা বিশ্ববিদ্যালয়ত উপাচার্য হিচাপে কাম কৰা প্ৰথমগৰাকী অসমীয়া উপাচার্য, অসম সাহিত্য সভাৰ ১৯৪০ চনৰ সভাপতি ড০ ময়িদুল ইছলাম বড়াৰ স্মৃতিত ডঃ ময়িদুল ইছলাম বড়া সাহিত্য বটা-২৫ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ সভাপতি, বিশিষ্ট সাহিত্যিক ড০বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়।

ভাষণ প্ৰসংগত বিশিষ্ট সাহিত্যিক ড০ বসন্ত গোস্বামীয়ে কয় যে—-ঊনৈছ শতিকাৰ মনিষীসকলৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ মনিষী আছিল ড০ ময়িদুল ইছলাম বড়া। অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত কোৱা কথাবোৰ আজিও প্ৰাসংগিক। তেখেতৰ অভিভাষণৰ প্ৰতিলিপি আমি সোণপানীৰে চপাই থোৱাৰ প্ৰয়োজন। তেখেত কেৱল ভাষা, সাহিত্য, সংস্কৃতিৰ উত্তৰণৰ কাম কৰাই নহয়, তেখেত আছিল সম্প্ৰীতিৰ বাৰ্তাবাহক।

যুগৰ পৰিবৰ্তন হলেও ড০ ময়িদুল ইছলাম বড়াই ১৯৪০ চনত সাহিত্য সভাৰ সভাপতি হোৱাৰ সময়ত প্ৰদান কৰা সভাপতিৰ অভিভাষণ সদায় অসমীয়াৰ মাজত জিলিকি থাকিব বুলি ড০ গোস্বামীয়ে উল্লেখ কৰে। আন এক প্ৰসংগত সাহিত্যিক গৰাকীয়ে উল্লেখ কৰে যে- বুৰঞ্জীবিদ, সু- সাহিত্যিক, উৰ্দু, পাৰ্চী, আৰৱী, বাঙালিকে ধৰি কেইবাটাও ভাষাৰ জ্ঞান থকা পণ্ডিতপ্ৰৱৰ ড০ময়িদুল ইছলাম বড়াই একৈয়া বুটলি অনেক সাহিত্যৰ সম্ভাৰ অসমীয়া সাহিত্য ক্ষেত্রখনলৈ আগবঢ়াই যোৱা মনিষীগৰাকীক আজিৰ প্ৰজন্মই চিনি নোপোৱাতো দূভাগ্যজনক বুলি ব্যক্ত কৰে। মহিমাময় পুৰুষজনক নতুন প্রজন্মৰ মাজলৈ লৈ যোৱাৰ ব্যৱস্থা হব লাগে। এইগৰাকী অসমীয়াৰ অৱদানক আমি জীয়াই ৰাখিব লাগিব। জীয়াই ৰখাৰ বাবে সাহিত্য সভাকে ধৰি স্মৃতিৰক্ষা সমিতিয়ে কাম কৰি যাব লাগিব। কাৰণ অতীতহে ভৱিষ্যতৰ ইংগিত দিয়ে বুলি সাহিত্যিক গৰাকীয়ে উল্লেখ কৰে। তেখেতে আৰু কয় যে—- অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ লগত ড০ ময়িদুল ইছলাম বড়াৰ নাম সংলগ্ন হৈ থাকিব বুলি তাৎপর্যপূর্ণ মন্তব্য প্ৰদান কৰে।

ড০ ময়িদুল ইছলাম বড়া আৰু হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পমাল্যৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি দুয়োগৰাকী মহান ব্যক্তিৰ বিদেহ আত্মাৰ সদগতি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱাৰ পিছতহে আৰম্ভ হোৱা বটা প্ৰদান অনুষ্ঠানটোৰ সঞ্চালনা কৰে ড০ ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ সভাপতি তথা বিশিষ্ট কবি, সাহিত্যিক প্ৰেম গগৈয়ে। তেখেতে ড০ ময়িদুল ইছলাম বড়া আৰু হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ জীৱন দৰ্শন মানৱতাবাদ একে বুলি ব্যক্ত কৰে। ড০ময়িদুল ইছলাম বড়াৰ জেস্ঠ নাতি তথা বিশিষ্ট সাংবাদিক মনিৰুল ইছলাম বড়াই আত আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানৰ আদৰণি ভাষন প্ৰদান কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈয়ে।

শিৱসাগৰ জিলা সাহিত্য সভাৰ মহিলাসকলে চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশনৰে শুভাৰম্ভ হোৱা বটা প্ৰদান অনুষ্ঠানত আনুষ্ঠানিকভাৱে ড০ ময়িদুল ইছলাম বড়া সাহিত্য বটা-২০২৫ বঁটা প্ৰদান কৰা হয় অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াক। গামোচা, চেলেং, জাপি, স্মাৰক আৰু সম্বৰ্দ্ধনা পত্রৰে বটা প্ৰদান কৰা সভাত বটা গ্রহণ কৰি বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই কয় যে— মহান মনিষীগৰাকীৰ নামত প্ৰদান কৰা বটাটো পোৱাৰ মই যোগ্য নহয়। কিন্তু ড০ ময়িদুল ইছলাম বড়া নামৰ এইগৰাকী মহা মনিষীক অশ্ৰৰ্দ্ধা কৰিব নোৱাৰো বাবে বটাটো গ্ৰহণ কৰিবলৈ আহিছো। ড০ ময়িদুল ইছলাম বড়া নামৰ এইগৰাকী মহা মনিষীৰ সৃষ্টিৰাজীক আমি প্ৰতিগৰাকী অসমীয়াই পুংখানুপুংখ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। বিদেশত থকাৰ সময়চোৱাত সৃষ্টি কৰা সাহিত্যৰাজী বিচাৰি আনি সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে। পণ্ডিতপ্ৰৱৰ সাহিত্যিকগৰাকীৰ সৃষ্টিসমূহ নতুন প্ৰজন্মৰ মাজলৈ নিব লাগিব। তেখেত সাহিত্যিকেই নহয়, তেখেত আছিল সমন্বয়ৰ প্ৰতীক, জাতীয়তাবাদী ব্যক্তি। বৰ্তমান সমাজত চলি সাম্প্ৰদায়িক হিংসা,বিভেদৰ বিৰুদ্ধে ১৯৪০ চনতেই ড০ ময়িদুল ইছলাম বড়া গৰজি উঠি জাতি ৰক্ষাৰ সকিয়নি প্ৰদান কৰি গৈছে। অখন্ড ভাৰতৰ পোষকতা কৰাৰ বাবে সেই সময়ৰ মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাৰ সৈতে তীব্ৰ সংঘাট হৈছিল অসম হিতৈষী ড০ ময়িদুল ইছলাম বড়াৰ। হিন্দু আৰু মুছলমান ভাৰতৰ সন্তান।

আমি একেলগে আছোঁ আৰু সদায় থাকিব লাগিব বুলি কোৱাৰ বাবে তেখেতক সাম্প্ৰদায়িক শক্তিয়ে বিষ খোৱাই হত্যা কৰিছিল বুলি পুণ্য শ্ইকীয়াই মন্তব্য কৰে।আজিৰ এই গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী আৰু বটা প্ৰাপক বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াক ৰংপুৰজ্যোতি ক্লাব আৰু উজনি অসম মহিলা মুছলিম কল্যাণ পৰিষদে সম্বৰ্দ্ধনা জনোৱা সভাত বিশিষ্ট সমাজসেৱিকা, শিক্ষাবিদ মনিকা শইকীয়া, অনিমা শইকীয়া, ড০সীমান্ত বৰুৱা, পৱিত্ৰ প্ৰাণ ভট্টাচার্য, মুজাহিদ আলীকে ধৰি জিলাখনৰ ভালেসংখ্যক ব্যক্তি উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!