অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

AUTUMN SEASON IN ASSAM: চিৰন্তন প্ৰজ্ঞাৰ প্ৰেৰণাময়ী ঋতু শৰৎ

Spread the love

চিৰন্তন প্ৰজ্ঞাৰ প্ৰেৰণাময়ী ঋতু শৰৎ

DD TIMESত লিখিছে প্ৰাঞ্জল বৰদলৈয়ে

সদ্যস্নাতা প্ৰকৃতিৰ হিমে ধোৱা শৰতৰ অতুলনীয় ৰূপ ৰাশিত সোণত সুৱগা চৰোৱা শুভ্ৰ শেৱালি পাহিৰ মিঠা সুবাস সনা এয়া যে শৰতৰ বতৰ ৷ শৰৎ মানেই স্নিগ্ধ এপাহ ফুলৰ মালা ৷

আমি যিমানেই বৰ্ষা ঋতু ভাল পাওঁ বুলি গীত নুজুৰো, কবিতা নাগাওঁ কিয়, বাস্তৱতে বৰ্ষাৰ বিৰক্তিয়ে আমাক সকলোকে চৰম যন্ত্ৰণা আৰু অশান্তি কৰাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷

ইয়াৰ বিপৰীতে শৰৎ মানৱৰ আকাংক্ষিত ঋতু ৷ অলপ আগলৈকে ক্ৰন্দসী আকাশ এতিয়া শুকুলা মেঘৰে সুশোভিত ৷ বোকা- পানীৰে পৰিবেষ্টিত বাট-পথবোৰো বৰ্তমান কদৰ্যমুক্ত ৷

কুৰুৱাৰ চাপৰিত ফুলা শুকুলা কঁহুৱানি ডৰাইও মনলৈ আনে নতুন ভাৱৰ ৰেঙণি ৷ শৰৎ কালত সকলোৱেই স্বস্তিৰ নিশ্বাস পেলায় ৷ গায়– ‘শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ-শুভ্ৰ কিবা ছবি আঁকে, শুকুলা ডাৱৰৰ পতাকা উৰুৱাই মুকুতিৰ গীত গাই বগলী জাকে, নিয়ৰ বিন্দু হ’ল জীৱন দাপোন তাতেই দেখো মই আশাৰ সপোন ৷’


হয়, এই আশাৰ সপোন লৈয়ে আমি যেন জীৱনৰ সন্ধান কৰো ৷ কাৰণ নিয়ৰ সমৃদ্ধ শৰতে আপোন জনৰো সান্নিধ্যৰ সুবাস লৈ আমাক কৰি তোলে উন্মাদ ৷ সেয়ে বোধহয় শৰতৰ খিৰিকী মুখত বহি সুৰভি শীতল মলয়া ছাতিয়েও শৰীৰত আহি বাৰে বাৰে তোমাৰ কথাকে কয় !

ভূপেন দাৰ গানতো এনেদৰেই বন্দিত হৈছে শৰৎ –‘এটুকুৰা আলসুৱা মেঘ ভাহি যায়/মোৰ বন হংসই বাট হেৰুৱাই/মই আছো শাৰদীয় খিৰিকী মুখত/বুকুৱে বিচৰা জনলৈ বাট চায় ৷’

আনহাতে আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কণ্ঠতো প্ৰাণ পাই উঠিছে শৰৎ এইদৰে— “শৰতৰে এটি সেমেকা ৰাতি, শুনিছো নিয়ৰৰে গুণ গুণ” ৷ কি যে সুন্দৰ অনুভৱ, উপলব্ধি…৷


শৰৎ, ক’ব পাৰি মোৰ কল্পনাৰ বৃষ্টিৰ সিপাৰত এক মতলীয়া আকাশ ৷ শৰতক জীৱনৰ সূৰ্য্য শিখা আৰু জ্যোতি শিখা বুলিও কৈ অতি স্পষ্ট ভাষাত কৈ দিব পাৰি শৰৎ যেন জীৱনৰ প্ৰেম আৰু প্ৰেৰণাৰে দুটি ধাৰে বৈ যোৱা গংগা যমুনা বুলি ৷

শৰতৰ সৌন্দৰ্য মহাসাগৰৰ দৰে সীমাহীন, এই সৌন্দৰ্য এক অন্তৰৰ মাজত উঠা- নমা কৰি আটাইবোৰ সীমা আৰু সীমান্ত অতিক্ৰম কৰি সমগ্ৰ জগতকে আৱৰি ধৰে৷ বিশ্বৰ সৌন্দৰ্য শৰতক সুন্দৰৰ সুৰকাৰ বুলি কোৱাত নিশ্চয় কাৰো দ্বিমত থাকিব নোৱাৰে ৷

নহ’লেনো আমাৰ ভূপেন দাই শৰতক সুৰেৰে সজায় গায়নে– ‘তোমাৰ উশাহ কঁহুৱা কোমল/ শেৱালি কোমল হাঁহি/হাঁহিয়ে হৃদয় হৰিলে শুনাই/ এটি কিবা মিঠা বাঁহী/শাৰদীয়া চেনেহীৰ কঁকাল ইমান লাহী ৷’


শৰতৰ এই সন্মোহনী শক্তিৰ বাবে ই অনন্য, অদ্বিতীয় ৷ স্নিগ্ধ আকাশ, শেৱালিয়ে পাহি মেলি ডালত ফুলাৰ নৱ্য প্ৰস্তুতি, দুবৰিৰ দলিচাত এটোপ-দুটোপ নিয়ৰ কণিকাৰ মৃদু-মধুৰ শব্দ ৷

কঁহুৱাৰ গা বাগৰি অহা হিম সনা অকণ চেঁচা বতাহ, মায়াময় মধুময় হৈ ধৰা দিয়া নীৰৱ গধূলিৰ নিৰ্জনতা ভৰা সন্ধ্যা, নাতিশীতোষ্ণ বতৰ– এয়াই শৰতৰ অনাবিল আনন্দৰ মধুৰ প্ৰশান্তিৰে ভৰা সন্ধিয়া ৷

শৰৎ কালৰ এনে বিতোপন সন্ধিয়াতেই গকুলৰ কৃষ্ণৰ মন ‘ক’লৈ যাওঁ কি কৰো’ কৰিছিল, ৰাসক্ৰীড়া কৰিবলৈ কৃষ্ণৰ মন উত্ৰাৱল হৈছিল ৷ বাঁহীটো লৈ ওলাই গৈছিল বৃন্দাবনলৈ ৷

বৃন্দাবনত গৈ সেই যাদুকৰী বাঁহীত ফুঁ দিওঁতেই ষোড়শ গোপিনী বাউলী হৈ জোনাকৰ সন্ধিয়াত সাঁতুৰি-সাঁতুৰি বাঁহীৰ সুৰত হাবু-ডাবু খাই যমুনাৰ পাৰলৈ ঢাপলি মেলিছিল ৷ ওৰে নিশা কেলি কৰিছিল ৷

শৰত কালৰ ৰাত্ৰি অতি বিতোপন সখি, ৰাসক্ৰীড়া কৰত গোপাল, অখণ্ড মণ্ডল শশী দেখি লন্ত প্ৰাণ সখি টলমল যমুনা জল ৷’ শৰতৰ অফুৰন্ত মেটমৰা সম্ভাৰে কৃষ্ণক কিয়, আমাকো আকৰ্ষণ কৰে ৰাসক্ৰীড়াৰ প্ৰতি ৷

আমাৰো মন যায় শৰতৰ প্ৰাচুৰ্যৰ মাজত নিজক সুখ স্বাচ্চ্যন্দত হেৰুৱাই জোনাকত জিলিকা লুইতৰ ৰূপালী বালিত উমলিবলৈ, নিয়ৰসিক্ত শেৱালিৰ বৰষুণত তিতিবলৈ, নিয়ৰত পিছল খাই বাৰে-বাৰে কাৰোবাৰ বুকুত পৰিবলৈ ৷

কোনোবা অভিসাৰিক ৰাধিকাৰ আকুল আহ্বানক সঁহাৰি দিবলৈ৷ ৰাধিকা সুন্দৰী মোৰ, পিছ দুৱাৰ থাকক খোলা ৷ ভঁৰাল ভৰি আনা ফুল, আজি ৰাতি উৎকণ্ঠ কদমতল ৷ শঙ্কৰদেৱৰ ৰচনাৱলীতো শৰতৰ সুন্দৰ বৰ্ণনা আমি পাওঁ৷


শৰতৰ লগতেই বোকোচাত উঠি আমাৰ মাজলৈ আহে আশা ভৰা আহিন ৷ হীৰু দাই ক’বৰ দৰে – ‘পুৱতি নিয়ৰে ফুলালে শেৱালি/ দুবৰি দলিচাত থ’লেহি দাপোণখন/আহিন আহি বজালে বাঁহী/ভৰিল শেৱালি বন ৷’
শেৱালি ফুলেৰে ভৰি পৰা এই সময়খিনিত আহিনৰ পথাৰখনলৈ চালে মনটো কিবা এক অজান পুলকত দুৰু-দুৰু কৈ কঁপে ৷ কিয় নেজানো ৷ সৃষ্টিৰ সপোনেৰে ব্যাকুল কৰি তোলা আহিন মানেই বিপুল সম্ভাৱনাৰে শস্য সম্ভৱা পথাৰখনেও শস্য বহনৰ আনন্দত নাচি উঠে ৷ এতিয়া চাৰিও দিশ সম্ভাৱনা ৷ আনহাতে সৌ সুদূৰত গীতৰ সুৰৰ আৱেগময় ঐক্যতান ৷


‘ফুলি শেৱালি পৰিছে সৰি/আমোলমোলাই আহিন আহিন আহি/দুৱৰি পাটীত আছেহি পৰি/আজি আহিনৰ কোমল কুঁৱলী ৷’


প্ৰাকৃতিক সৌন্দৰ্যৰে শৰৎ যিদৰে মনোমোহা, মনোৰমা ঠিক সেই একেদৰেই উৎসৱ পাৰ্বণতো শৰৎ জাকত জিলিকা ৷ ঋতু চক্ৰৰ হিচাপত শৰতৰ স্থান তৃতীয় ৷ সেই অনুসৰি ভাদ আৰু আহিন মাহত প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বহুতে আহিন আৰু কাতি মাহকহে শৰৎকাল বুলি মানিব খোজে ৷ সেয়া যি নহওক কিয় এই শৰতত বিশ্বকৰ্মা পূজা, গনেশ পূজা, দুৰ্গাপূজা, কাতি বিহু, কালী পূজা, দীপাৱলী, লক্ষ্মী পূজা, ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আদি উৎসৱ সমূহো অতি আনন্দপূৰ্ণভাৱে উদ্‌যাপিত হয় ৷

হিন্দুসকলৰ লগতে সমগ্ৰ অসমীয়া জাতিৰ অতি পৱিত্ৰ ঋতু শৰততে ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ আৰু আহিনৰ শুক্লা দশমী তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হয় ৷ ভাদৰ কৃষ্ণা পঞ্চমী তিথিত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ আৰু শুক্লা দ্বিতীয়া তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ ঘটে ৷

শৰতৰ এই মাহেন্দ্ৰক্ষণতে কৃষ্ণা অষ্টমী তিথিত ভগৱান শ্ৰীশ্ৰীকৃষ্ণই অৱতাৰ গ্ৰহণ কৰে আৰু শুক্লা নৱমীত শ্ৰীশ্ৰীকৃষ্ণৰ ঝুলন যাত্ৰা উৎসৱ অনিুষ্ঠত হয় ৷ অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰো এই শৰৎকালতেই জন্ম হৈছিল ৷ আমাৰ বুকুৰ কুটুম শিখসকলৰ ধৰ্মগুৰু নানকজীৰো জন্ম হৈছিল এই শৰৎকালতেই ৷ মুছলমানসকলৰো অতি পৱিত্ৰ এই শৰৎকাল ৷


আমোলমোল শেৱালিৰ গোন্ধে মন মুহি নিয়া শৰৎ যেন আমাৰ বাবে আশা আৰু আনন্দৰ প্ৰাণচঞ্চল কৰা এটি ঋতু ৷ যি ঋতুৰ প্ৰাণ প্ৰাচুৰ্যই আমাক দিয়ে সৃষ্টিৰ মহানন্দ৷ আশাৰ পানচৈ মেলি দি ৰঙে-ৰসে ৰূপে-গন্ধে হৃদয় শাঁত পেলোৱা শৰতৰ শুভ্ৰতাই মানুহৰ মনবোৰো কৰি তোলে সুৰভি শীতল ৷

শৰতৰ শুক্ল পক্ষ পৃথিৱীৰ বুকুত স্ৰষ্টাৰ এক মহিমাময় সৃষ্টি ৷ ৰাতিফুলা শেৱালিয়ে পুৱালৈ দুবৰিৰ দলিচাত সৰগৰ ফুল বাছে ৷ মানুহৰ মন আকাশ মুখৰিত কৰি শৰতৰ শেৱালিৰ সুৱাসে যেন আমাৰ মন-প্ৰাণ চঞ্চল কৰি তোলে ৷ শৰৎ সঁচাকৈয়ে আমাৰ বাবে যেন এক চিৰন্তন প্ৰজ্ঞাৰ প্ৰেৰণাময়ী ঋতু ৷

যি ঋতুৰ বুকুত ৰং-বিৰঙৰ পুষ্পকাননে মন-ময়ূৰীক ৰহন সানি জীৱনৰ আনন্দ আৰু সৌন্দৰ্য উপভোগ কৰিবলৈ আমাক হাত বাউলি মাতা এনে এটা শ্ৰেষ্ঠতম ঋতু শৰতৰ খিৰিকীৰ মুখত বহি সেউজীয়া পৃথিৱীখনৰ ৰূপ ৰস পাণ কৰাতো সঁচাকৈয়ে এক বিৰল পৰিঘটনা ৷ সঁচাকৈয়ে “শাৰদী ৰাণী তোমাৰ হেনো নাম,তুমি মোৰ নিচেই আপোন,সদ্যস্নাতা ৰূপহী মোৰ, পুৱতি নিশাৰ সপোন” ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!