ASSU: শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পানী নসৰকা তদন্ত আৰু দোষীক কঠোৰ শাস্তিৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ আছুৰ জৰুৰী পত্ৰ
শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পানী নসৰকা তদন্ত আৰু দোষীক কঠোৰ শাস্তিৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ আছুৰ জৰুৰী পত্ৰ
DD TIMES গুৱাহাটী, ২৪ ছেপ্টেম্বৰঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে শোক সাগৰত পেলাইছে অসমীয়াক। এনে সময়তে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই এক উচ্চস্তৰীয়, নিৰপেক্ষ আৰু পানী নসৰকা ধৰণৰ তদন্তৰ দাবী জনাইছে তথা দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে।

সদৌ অসম ছাত্ৰ সন্থাই আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই সম্পৰ্কত এক জৰুৰী চিঠি প্ৰেৰণ কৰিছে।

ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত সদৰি কয় – অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছে।
শিল্পীগৰাকীৰ শেষ দর্শন, শেষকৃত্যত অসমৰ লক্ষ লক্ষ জনতাই অশ্রুসিক্ত নয়নেৰে তেখেতক শেষ বিদায় দিছে। অসমৰ মানুহৰ দুখ দুগুণে বঢ়াইছে শিল্পীগৰাকীৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্যই।
এইয়া দুৰ্ঘটনা নহয় বৰঞ্চ এক পৰিকল্পিত ষড়যন্ত্ৰ বুলিও অভিযোগ উত্থাপন হৈছে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কোনো প্রশ্নই উত্তৰহীন হৈ থকাটো অসমৰ ৰাইজে, ছাত্ৰ সন্থাই নিবিচাৰে।
ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ এক উচ্চস্তৰীয়, নিৰপেক্ষ আৰু পানী নসৰকা তদন্তৰ দাবী জনাইছে। তেওঁলোকে কয় ছাত্ৰ সন্থাৰ স্পষ্ট মত— জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ।
তেখেতৰ পৰিবাৰৰ অনুপস্থিতিত ছিংগাপুৰত জুবিন গাৰ্গৰ যত্ন লোৱাটো অনুষ্ঠানৰ উদ্যোক্তা আৰু তেখেতৰ আশে-পাশে থকা লোকসকলৰ কেৱল নৈতিক দায়িত্বই নহয় জাতীয় দায়িত্বও আছিল।
এই দায়িত্ব পালনত হোৱা গাফিলতিৰ বাবেই যে অসমে জুবিন গাৰ্গক হেৰুৱাইছে তাত কোনো সন্দেহ নাই। ই এক অক্ষমণীয় অপৰাধ।
মুখ্যমন্ত্ৰীয়ে কৈছে, জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ গোচৰ চি.আই.ডি.ক অৰ্পণ কৰা হৈছে। কিন্তু এই মুহূৰ্তলৈকে কোনো অভিযুক্তক সোধ-পোছ কৰা পৰিলক্ষিত হোৱা নাই। তদন্ত কোনো কাৰণতে লেহেমীয়া হ’ব নালাগিব । ক্ষিপ্ৰতাৰে তদন্ত আগবাঢ়িব লাগে।
ছাত্ৰ সন্থাৰ স্পষ্ট দাবী—নৰ্থ ইষ্ট ফেষ্টিভেল অর্থাৎ জুবিন গাৰ্গে অংশ ল’বলৈ যোৱা অনুষ্ঠানটোৰ উদ্যোক্তাসকলক, জুবিন গাৰ্গৰ মেনেজাৰ প্ৰমুখ্যে শিল্পীগৰাকীৰ সৈতে যোৱা দলটোৰ সদস্যসকল আৰু সাগৰলৈ তেখেতক লৈ যোৱা সকলো লোককে তদন্তৰ আওঁতালৈ আনিব লাগে।
তেখেতৰ প্ৰতি থকা দায়িত্ব পালনত গাফিলতি কৰা প্ৰতিজনকেই তদন্তৰ আওঁতালৈ আনিব লাগে। শীঘ্ৰেই তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে বুলি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকনে এক বিবৃতিত কয়।