ASSAMESE NOVEL ‘NOI NINAD’: সোৱণশিৰি নদীৰ পাৰত শিখাজ্যোতি কোঁৱৰৰ উপন্যাস ‘নৈ নিনাদ’ উন্মোচন
সোৱণশিৰি নদীৰ পাৰত শিখাজ্যোতি কোঁৱৰৰ উপন্যাস ‘নৈ নিনাদ’ উন্মোচন

DD TIMES গোগামুখ, ২ নৱেম্বৰঃ সোণৰ নৈ সোৱণশিৰি নদীৰ পাৰত আজি শিক্ষয়িত্ৰী তথা প্ৰতিশ্ৰুতি সম্পন্ন লেখিকা শিখাজ্যোতি কোঁৱৰৰ নৱতম উপন্যাস ‘নৈ নিনাদ’ উন্মোচন কৰা হয়।
ধেমাজি জিলাৰ দিৰপাইৰ সোৱণশিৰি নদীৰ নিৰিবিলি পৰিৱেশত উপন্যাসখন উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক তথা বিশিষ্ট লেখিকা জুৰি বৰা বৰগোঁহায়ে ৷
উপন্যাস উন্মোচন কৰি বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোঁহায়ে কয়- এখন উপন্যাস লিখিবলৈ বিভিন্ন পৰিৱেশ-পৰিস্থিক কেন্দ্ৰ কৰি বিভিন্ন দৃষ্টিকোণৰ পৰা চাব লগা হয় ৷
এইফালৰ পৰা চাবলৈ গ’লে শিখাজ্যোতি কোঁৱৰৰ ‘নৈ নিনাদ’ উপন্যাসখন নৈ কেন্দ্ৰিক আৰু নৈৰ পাৰৰ মানুহৰ জীৱনশৈলীক সামৰি লোৱা হৈছে ৷ নৈপৰীয়া মানুহৰ সভ্য-সংস্কৃতি, নৈ পৰীয়া মানুহৰ উত্থান-পতন আৰু নদীবান্ধ উপন্যাসখনৰ মূল বিষয় হিচাপে প্ৰতিষ্ঠা কৰিছে৷
‘নৈ নিদাদ’ উপন্যাস নৈপৰীয়া মানুহৰ দুখ-দুৰ্দশা, আশা-নিৰাশাৰ ছবিবোৰ তুলি ধৰাৰ লগতে মধ্যবিত্ত মানুহৰ ভূমিকাও বৰ্ণনা কৰিছে ৷ তেওঁ লগতে কয়- নৈৰ লগত খেলি থকা বা যুঁজি থকা মানুহ নহ’লে নৈপৰীয়াৰ নিনাদ সহজে বুজি নাপায় ৷
নৈৰ বুকুত খেলি থকা নৈপৰীয়া লোকেহে অনুভৱ কৰিব পাৰে নৈয়ে দিয়া সুখ আৰু দুখ। উপন্যাসখনৰ বৰ্ণনাই বহুদূৰ গুছি গ’লেও নিজৰ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাই৷ বাস্তৱ সত্যৰ পৰা আঁতৰি যোৱা নাই ৷
উপন্যাসখনত যিদৰে সুন্দৰ আৰম্ভণি হৈছে তাতকৈ বেছি সামৰণি ভাল হৈছে বুলি ঔপন্যাসিকগৰাকীয়ে দোহাৰে৷ উল্লেখনীয় যে, শিখাজ্যোতি কোঁৱৰ হৈছে জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱাৰ সহধৰ্মিনী ৷
শিখাজ্যোতিৰ উপন্যাস ‘নৈ নিনাদ’খনৰ মূল পটভূমি হৈছে সোৱণশিৰি নৈ কেন্দ্ৰিক ৷ ‘নৈ নিনাদ’ উপন্যাসখনৰ কাহিনী, চৰিত্ৰ কাল্পনিক যদিও প্ৰকৃততে উপন্যাসখনত বাস্তৱ চৰিত্ৰ বিদ্যমান ৷
সাম্প্ৰতিক সময়ত নদীকেন্দ্ৰিক এক সমস্যা হ’ল— বৃহৎ নদীবান্ধ। সোৱণশিৰি নদীৰ ওপৰত গেৰুকামুখত নিৰ্মিয়মান বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে সমগ্ৰ উপত্যকাটো উত্তাল হৈ থকা ধাৰাবাহিক আন্দোলনক এজন সাংবাদিকৰ দৃষ্টিৰে প্ৰত্যক্ষ কৰা হৈছে উপন্যাসখনত।
বৃহৎ নদীবান্ধে আনিব বিচৰা উজ্জলতা আৰু অমানিশাৰ উপলব্ধি উপন্যাসখনৰ মূল বিষয়বস্তু যদিও নায়ক নিজান আৰু নায়িকা নিশাৰ প্ৰেম, বিবাহ, সংসাৰ, সন্তান, বিচ্ছেদ, বিচ্ছেদিত সময়ৰ মানসিক অন্তৰ্দ্বন্দ আদিয়েও বিষয়বস্তুত অভিনৱত্ব আনি দিছে।
নদীবান্ধ আন্দোলনৰ ধাৰাৰ সৈতে গতি লৈছে সাংবাদিক নিজান আৰু তাৰ পত্নী নিশাৰ কাহিনী। সাংবাদিক দৰ্শনাৰ প্ৰতি কিবা এটা টান অনুভৱ কৰে নিজানে। নিজকে কলুষতাৰ পৰা দূৰত ৰাখিবলৈ চেষ্টা কৰা নিজান বাৰে প্ৰতি উজুটি খায়।
জাপানৰ হোটেলত প্ৰীতি মেধিৰ বোকাময় জালত নিজকে লুতুৰি-পুতুৰি কৰা ৰাতিটোৰ পিছৰ পৰা নিজানে ক্ষমা নকৰিল নিজক। নিজান আঁতৰি যায় নিশাৰ পৰা, সাংবাদিকতাৰ পৰা। …উপন্যাসখনৰ কাহিনীত সংপৃক্ত হৈছে সমাজৰ ঘটনা-পৰিঘটনা।
আনৰ বাবে মাত মতা সমাজৰ অতন্দ্ৰ প্ৰহৰীস্বৰূপ সাংবাদিক সকলেও নিজৰ আৰ্থিক নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে কৰিব লগা আন্দোলনো জৰুৰী হৈ পৰা দেখা গৈছে।
মফচলীয়া সাংবাদিকৰ সেই সংগ্ৰামে ঠাই পাইছে উপন্যাসখনত। আধুনিক টেকন’লজিৰ কিছু অপপ্ৰয়োগ, অসন্তুষ্ট যৌন জীৱন, প্ৰেম-অপ্ৰেম, মান-অভিমানৰ পাৰিবাৰিক সমস্যাৰ উৰ্ধত গৈ সামাজিক দায়ৱদ্ধতাৰে এক নতুন গতি দিয়াৰ প্ৰয়াস চলোৱা হৈছে উপন্যাসখনত।
পৰিৱেশ ৰক্ষাৰ আন্দোলন অথবা জৈৱবৈচিত্ৰ্য সুৰক্ষাৰ বাবে একাংশই লোৱা পদক্ষেপো উপন্যাসখনত সন্নিৱিষ্ট হৈছে। প্ৰকৃতি ধবংস আৰু উন্নয়ন— মানৱ সমাজৰ কৰণীয় সন্দৰ্ভতো চিন্তাৰ উদ্ৰেক ঘটাবলৈ প্ৰয়াস চলোৱা হৈছে।
উপন্যাসখনৰ বিষয়বস্তু অগতানুগতিক। লিখন শৈলী ব্যতিক্ৰমধৰ্মী। মূলতঃ কথন ভংগী আধাৰত থকা বাক্য গাঁথনি সহজেই বোধগম্য।
লেখিকাৰ নিজস্ব লেখন শৈলীৰ যোগেদি কিছু ভ্ৰমণৰ স্বাদ লভিবলৈ সক্ষম হ’ব উপন্যাসখনত। সোৱণশিৰি নদীৰ ওপৰেৰে কৰা নৌকা যাত্ৰাৰ বৰ্ণনাই অভিনৱ সোৱাদ দিব বুলি অনুভৱ হয়।
‘নৈ নিনাদ’ উপন্যাসখনত সোৱণশিৰিৰ পৰা চিয়াং, ব্ৰহ্মপুত্ৰ, ব্যাস আদি নদীৰ পৰিধি ভাঙি কল্পনাই পোখা মেলিছিল জাপানৰ চিনানো উপত্যকালৈ।
চৰিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো অগতানুগতিকতা অক্ষুণ্ণ ৰখাৰ প্ৰয়াস চলোৱা হৈছে। সমাজৰ দোহাই দি সম্বন্ধৰ ডোল দেখাই বহু নাৰীয়ে স্বামীৰ যৌন শোষণ সহি যায়। অন্য শোষণ চকুত পৰে, কিন্তু পতিৰ যৌন শোষণ সহি যাবলৈ শিকোৱা হয় নাৰীক।
…অভিমানত সুঁতি সলাই আগুৱাব পৰা নিশাৰো আছে মাৰ্জনা কৰিব পৰাকৈ এখন বহল হৃদয়। মানুহক সহায়ৰ বাবে জীৱন উজাৰি দিব বিচৰা নিজানৰ জীৱনো বান্ধে নদীক ভেটা দিয়াৰ দৰে স্তব্ধপ্ৰায় হৈ পৰিছিল
নিজানেও নদীৰ দৰে এটা মুক্ত অথচ সৰল জীৱন বিচাৰিছিল। নিজান-নিশাৰ পৰিসমাপ্তি? নৈ নিনাদৰ অভ্যন্তৰত আছে তাৰেই ৰোমাঞ্চকৰ তথা মননশীল বৰ্ণন….
আজিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অৱসৰ প্ৰাপ্ত শিক্ষক ধ্ৰুৱজ্যোতি কোঁৱৰ, সহযোগীঅধ্যাপক তথা লেখক লক্ষীনন্দন বৰগোঁহাই, জেষ্ঠ সাংবাদিক শৈলেন বৰুৱা, পৰিৱেশ কৰ্মী কেশৱ কৃষ্ণ চত্ৰধৰা, বিনয়কৃষ্ণ তামুলী ফুকনে ৷ অনুষ্ঠানটো আঁত ধৰে যুৱ সমাজকৰ্মী দীপক বৰগোঁহায়ে ৷

