অসমঅসমীয়াবিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASSAMESE: ২৬ ছেপ্টেম্বৰত মুক্তি পাব অসম জীয়ৰী অলংকৃতা বৰাই মূখ‍্য চৰিত্ৰত অভিনয় কৰা ‘তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম’

Spread the love

‘তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম’ত অসম জীয়ৰী অলংকৃতা বৰাই মূখ‍্য চৰিত্ৰত অভিনয়

DD TIMES গুৱাহাটী, ২৫ ছেপ্টেম্বৰঃ অসম জীয়ৰী অলংকৃতা বৰাই মূখ‍্য চৰিত্ৰত অভিনয় কৰা “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম” (Tara and Akash- Love beyond realm) নামৰ হিন্দী ভাষাৰ চলচিত্ৰখন অহা ২৬ চেপ্তেম্বৰৰ পৰা ভাৰতবৰ্ষৰ সকলো “পি ভি আৰ আইনক্স PVR INOX” চিনেমাগৃহত একেলগে মুক্তি পাব।


ভাৰতীয় চিনেমাৰ লিজেণ্ড (Legends) আমোল পালেকাৰ, দিপ্তী নাভেল, বৈজেন্দ্ৰ কালাই অভিনয় কৰা পূৰ্ণদৈৰ্ঘ‍্যৰ চিনেমাখনৰ নায়ক জীতেশ ঠাকুৰৰ বিপৰীতে পূৰ্বৰ মিচ্ ডিভা ইউনিভাৰ্চৰ ফাইনেলিষ্ট অসমৰ অলংকৃতাই অতি মননশীল নায়িকাৰ চৰিত্ৰটিত বলিষ্ঠ অভিনয় কৰিছে।

শ্ৰীনিবাস এব্ৰলে পৰিচালনা কৰা চিনেমাখনৰ সংগীত বলীউডৰ বিখ‍্যাত সংগীতজ্ঞ চি. সত‍্যৰ।


ভাৰত চৰকাৰ (National Film Development Corporation NFDC) আৰু চুইজাৰলেণ্ড চৰকাৰৰ (Switzerland Tourism and Swiss Air) ৰৰ সহযোগীতাত মোম্বাইৰ WFE Films য়ে চিনেমাখন প্ৰযোজনা কৰিছে।


শাশ্বত প্ৰেম আৰু ভাৰতীয় দৰ্শনৰ প্ৰতিফলন ঘটা পৰিয়ালৰ সকলোৰে উপভোগ‍্য চিনেমাখনৰ ইতিমধ‍্যে কানাডাৰ Toronto International Film Festival(TIFF) আৰু গোৱাৰ International Film Festival of India (IFFI-Goa)ত ক্ৰমে World Premiere আৰু Asian Premiere হৈ গৈছে।

মোম্বাইত অনুষ্ঠিত World Audio Visual Summit WAVE-25 ত ভাৰতৰ হৈ “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম” প্ৰদৰ্শিত হৈছিল।


চিনেমাখনৰ মুক্তিৰ প্ৰাকমূহুৰ্তত ভাৰতৰ বিভিন্ন স্তৰৰ চিনেপ্ৰমী আৰু সংবাদজগতত বিশেষ চৰ্চা লাভ কৰিছে।
আশাকৰো, অসমৰ ৰাইজেও অসম জীয়ৰী অলংকৃতা অভিনীত চিনেমাখন আদৰি ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!