Assam Won the Bronze Medal: জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টনত অসমৰ ছোৱালী দলৰ ব্ৰঞ্জ পদক
জুনিয়ৰ ৰাষ্ট্ৰীয় জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টনত অসমৰ ছোৱালী দলৰ ব্ৰঞ্জ পদক

DD TIMES গুৱাহাটী, ১৯ নৱেম্বৰঃ অৰুনাচল প্ৰদেশৰ ইটানগৰত চলি থকা ৪৫ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ ছোৱালীৰ দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷
.ছেমিফাইনেলত অসম দিল্লীৰ বিৰুদ্ধে ২-০ ৰ ব্যৱধানত পৰাস্ত হয়৷ অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে এই বিষয়ে জনোৱাৰ লগতে তেওঁৰ ৰাজ্যিক সন্থাটোৰ হৈ পদক বিজয়ী অসমৰ ছোৱালীৰ দলটোৰ সদস্যাসকলক অভিনন্দন জনাইছে৷
ইফালে, প্ৰতিযোগিতাৰ ছোৱালীৰ দলীয় সোণ অৰ্জন কৰে তেলেংগনাই৷ আজি হোৱা ফাইনেলত তেলেংগনাই দিল্লীক পৰাস্ত কৰে৷ ইয়াৰপূৰ্বে তেলেংগনাৰ বিৰুদ্ধে ছেমিফাইনেলত পৰাস্ত হৈ মহাৰাষ্ট্ৰই ব্ৰঞ্জৰ পদক জয় কৰিছিল৷
ব্ৰঞ্জজয়ী অসমৰ ছোৱালী দলৰ সদস্যাসকল হ’লঃ শান্তীপ্ৰিয়া হাজৰিকা, গাৰ্গি শইকীয়া, অভিকা বৰগোঁহাই, আৰধ্যা বুঢ়াগোহাই, সুচিস্মিতা চক্ৰৱৰ্তী, ভাৱিষ্যা চাংমাই, লিয়ানা দত্ত আৰু যশস্বী দেৱনাল৷
১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন অহা ২৪ নৱেম্বৰত সমাপ্ত হ’ব৷ কাইলৈৰ পৰা একক, ডাবলচ আৰু মিক্সড শাখাৰ খেল অনুষ্ঠিত হ’ব৷

