অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASSAM TALENT: অসমৰ প্ৰতিভাক অৱমূল্যায়ন নকৰিব: কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেক অসম জাতীয় পৰিষদৰ সকীয়নি

Spread the love

অসমৰ প্ৰতিভাক অৱমূল্যায়ন নকৰিবঃ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেক অসম জাতীয় পৰিষদৰ সকীয়নি

DD TIMES গুৱাহাটী, ২৭ অক্টোবৰঃ কৰ্ণাটকৰ গ্ৰামোন্নয়ন মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই অসমৰ যুৱ প্ৰজন্মৰ প্ৰতিভাক অস্বীকাৰ কৰি প্ৰদান কৰা বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে।

এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰিয়াংক খাৰ্গেৰ বক্তব্যটো গৰিহণাযোগ্য বুলি মত প্ৰকাশ কৰি কয় যে অসমীয়া মানুহ প্ৰতিভাৰ দিশৰ পৰা কৰ্ণাটক কিয় দেশৰ কোনো ৰাজ্যতকৈ পিছপৰা নহয় – এই কথা প্ৰিয়াংক খাৰ্গেই জনা উচিত।

বাংগালুৰুৰ তথ্য প্ৰযুক্তি উদ্যোগত অসংখ্য অসমীয়া সন্তানে সেৱা আগবঢ়াই সেই ৰাজ্যৰ তথ্য প্ৰযুক্তি উদ্যোগক সমৃদ্ধ কৰিছে।

কেৱল ভাৰতেই নহয়, বিশ্বৰ বিভিন্ন দেশৰ তথ্য প্ৰযুক্তি ক্ষেত্ৰত অসংখ্য অসম সন্তানে সেৱা আগবঢ়াই আছে।

গতিকে অসমৰ প্ৰতিভাক অৱমূল্যায়নৰ দৰে ধৃষ্টতা প্ৰদৰ্শন নকৰিবলৈ গগৈ আৰু ভূঞাই কৰ্ণাটকৰ মন্ত্ৰীজনক সকীয়াই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!