ASSAM SPORTS: ক্ৰীড়া বিভাগ-আইআইএছৰ যৌথ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক শিবিৰ
ক্ৰীড়া বিভাগ-আইআইএছৰ যৌথ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক শিবিৰ
সাতবিধ খেলৰ যুৱ প্ৰতিভা-প্ৰশিক্ষকক দিয়া হ’ব অত্যাধুনিক বিশ্বমানৰ প্ৰশিক্ষণ
গুৱাহাটীত হাই-পাৰফৰ্মেন্স চেটেলাইট স্প’ৰ্টছ চেণ্টাৰ নিৰ্মাণৰে ভাৰতৰ অলিম্পিক যাত্ৰাত অৰিহনা যোগোৱাৰ লক্ষ্য

DD TIMES গুৱাহাটী, ১৫ জানুৱাৰীঃ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ভাৰতৰ অলিম্পিয়ান খেলুৱৈক প্ৰশিক্ষণ দিয়া দেশৰ বিখ্যাত সংন্থা ইনস্পায়াৰ ইনষ্টিটিউট অৱ স্প’ৰ্টছ [আইআইএছ]ৰ সহযোগত গুৱাহাটীত এটা হাই-পাৰফৰ্মেন্স চেটেলাইট স্প’ৰ্টছ চেণ্টাৰ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে৷
অসমৰ প্ৰতিভাবান যুৱ খেলুৱৈক সুপৰিকল্পিত পদ্ধতি লগতে অভিজাত ব্যৱস্থাৰে উন্নত তথা আধুনিক ক্ৰীড়া প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে এই সুন্দৰ আৰু সুদুৰপ্ৰসাৰী বৃহৎ পদক্ষেপ হাতত লোৱা হৈছে৷
ক্ৰীড়া বিভাগ আৰু আইআইএছৰ যৌথ উদ্যোগত পৰিচালিত হ’বলগা এই কেন্দ্ৰৰ জড়িয়তে প্ৰথম পৰ্যায়ত সাতবিধ খেল এথলেটিকছ, আৰ্চাৰী, টাইকোৱান-ডো, টেবুল টেনিছ, লন টেনিছ, দবা আৰু সাঁতোৰৰ শিবিৰ আয়োজন কৰা হৈছে৷ ১৬ জানুৱাৰী [দবা]ৰ পৰা আৰম্ভ হ’বলগা এই শিবিৰত ভাৰতৰ অলিম্পিক কাৰ্যসূচীৰ পৰিকল্পনাৰে দীৰ্ঘম্যাদী প্ৰশিক্ষণ ব্যৱস্থাটোক গুৰুত্ব আৰোপ কৰি প্ৰদৰ্শনৰ ভিত্তিৰে খেলুৱৈ চিনাক্তকৰণ তথা প্ৰশিক্ষকৰৰ বিকাশত বাস্তৱিক কাম কৰা হ’ব৷
উল্লেখ্য যে আইআইএছৰ সহযোগত এথলেটিকছ, আৰ্চাৰী আৰু টাইকোৱান-ডোৰ বিশ্ব প্ৰসিদ্ধ বিশেষজ্ঞই প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বিপৰীতে অসম চৰকাৰৰ ক্ৰীড়াবিভাগে সমান্তৰালকৈ সাঁতোৰ, দবা, টেবুল টেনিছ আৰু টেনিছৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মানদণ্ডযুক্ত প্ৰশিক্ষণ ব্যৱস্থা হাতত লৈছে৷
ক্ৰীড়া বিভাগৰ এই কাৰ্যসূচীয়ে কেৱল প্ৰতিভাধৰ খেলুৱৈসকলক চিনাক্ত কৰাই নহয়, ৰাজ্যৰ দীৰ্ঘদিনীয়া অভাব প্ৰশিক্ষক সৃষ্টিতো সহায়ক হ’ব৷
এই সন্দৰ্ভত ক্ৰীড়ামন্ত্ৰী ড॰ নন্দিতা গৰ্লোছাই কয়, ‘অসমত প্ৰতিভাৰ অভাৱ নাই৷ আইআইএছৰ অংশীদাৰিত্বৰ জৰিয়তে আমি ৰাজ্যখনলৈ বিশ্বস্তৰৰ সুপ্ৰশিক্ষক অনাৰ ব্যৱস্থা কৰিছো লগতে আমাৰ নিজৰ আন্তঃগাঁথনিক উচ্ছমানদণ্ডৰে গঢ়ি তোলাৰো ব্যৱস্থা লোৱা হৈছে৷ এই সহযোগিতাই খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ আগবাঢ়ি যোৱাৰ এক সুন্দৰ পথৰ সৃষ্টি কৰিব তথা অসমক উত্তৰ-পূবৰ আধুনিক ক্ৰীড়া কেন্দ্ৰৰ স্থলীৰূপে পৰিচিত কৰি ভাৰতৰ অলিম্পিক যাত্ৰাতো অৰিহণা যোগাব৷’
উল্লেখ্য যে আইআইএছৰ জ্যেষ্ঠ বিশেষজ্ঞৰ সহযোগত অসমৰ এথলেটিকছৰ প্ৰশিক্ষকৰ আধুনিক পদ্ধতিৰ প্ৰশিক্ষণ ব্যৱস্থাৰ পাছতে সমগ্ৰ ৰাজ্যতে যুৱ প্ৰতিভা চিনাক্ত আৰু বিকাশৰ লক্ষ্যৰে এক কেন্দ্ৰীভূত এথলীট চিনাক্তকৰণ কাৰ্যসূচী অনুষ্ঠিত হ’ব৷
আনহাতে, গুৱাহাটীৰ কেন্দ্ৰৰ টাইকোৱান-ডো আৰু আৰ্চাৰীৰ শিবিৰত প্ৰতিভা চিনাক্তকৰণ তথা উন্নত মাষ্টাৰক্লাছৰ জৰিয়তে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক অলিম্পিক পৰ্যায়ৰ বিশেষজ্ঞৰ অধীনত কাৰিকৰী প্ৰশিক্ষণ দিয়া হ’ব৷ আৰ্চাৰী কাৰ্যসূচীয়ে ৰাজ্যৰ জনজাতীয় আৰু গ্ৰাম্য সম্প্ৰদায়ৰ যুৱক-যুৱতীৰ মাজত প্ৰতিভা চিনাক্তকৰণ আৰু লালন-পালনত গুৰুত্ব আৰোপ কৰিব৷
এই সন্দৰ্ভত আইআইএছৰ সভানেত্ৰী মনীষা মালহোত্ৰাই কয় ‘আমি মূলতঃ গাঁথনিগত উচ্ছ প্ৰদৰ্শন ব্যৱস্থাৰ জৰিয়তে উৎকৃষ্টতাক আগুৱাই নিয়াত গুৰুত্ব দিও৷ অসমৰ ক্ৰীড়া বিভাগৰ সহযোগত আমি অলিম্পিক পৰ্যায়ৰ বিশেষজ্ঞ প্ৰশিক্ষক, অত্যাধুনিক ক্ৰীড়া বিজ্ঞান আৰু প্ৰমাণিত উত্তৰণৰ এটা কংক্ৰিট কাৰ্যসূচী ৰাজ্যখনলৈ লৈ আহিছো৷ এই উপগ্ৰহ কেন্দ্ৰটো সমগ্ৰ ৰাজ্যতে ক্ৰীড়াৰ মানদণ্ড বৃদ্ধিৰ বাবে ডিজাইন কৰা হৈছে৷’
উল্লেখ্য যে অনাগত মাহকেইটাত সমগ্ৰ গুৱাহাটী আৰু অসমৰ বিভিন্ন স্থানত আইআইএছৰ কাৰ্যসূচী ৰূপায়ণ হোৱাৰ লগে লগে এই উপগ্ৰহ কেন্দ্ৰটোৱে ৰাজ্যখনৰ ক্ৰীড়া পৰিচয় উন্নীত কৰাত, প্ৰতিভাৰ ভড়াল শক্তিশালী কৰাত তথা ভাৰতৰ অলিম্পিক যাত্ৰাত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে৷
