Assam Sahitya Sabha: অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সীতানাথ ব্রহ্মচৌধুৰীক স্মৰণ
অসম সাহিত্য সভাৰ উদ্যোগত প্ৰাক্তন সভাপতি সীতানাথ ব্রহ্মচৌধুৰী স্মৃতিচাৰণ আৰু গল্প সংকলন ‘সিদ্ধঅংগণা’ উন্মোচন

DD TIMES গুৱাহাটী, ২৩ নৱেম্বৰঃ অসম সাহিত্য সভাৰ উদ্যোগত আজি আবেলি গুৱাহাটী কাৰ্যালয়ৰ জয়ন্ত লখিমী বৰুৱা ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাৰ ডিফু অধিবেশন আৰু তিনিচুকীয়া অধিবেশনৰ সভাপতি সীতানথ ব্ৰহ্মচৌধুৰীৰ স্মৃতি দিৱস পালন কৰা হয়।

অসম সাহিত্য সভাৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মাই আদৰণী ভাষণত সীতানাথ ব্ৰহ্মচৌধুৰীৰ দৰে স্বপ্নদ্ৰস্তা লোকসকলৰ বাবেই আজি অসমৰ সমাজখনে শিক্ষা সাহিত্য সকলো দিশতে আগবাঢ়ি যাবলৈ সক্ষম হৈছে।
অসমৰ পশ্চিম প্ৰান্তত ১৯৬৮চনতে তেখেতে প্ৰতিষ্ঠা কৰা বঙাইগাঁও মহাবিদ্যালয়ে আজি বিশ্ববিদ্যাল়য়লৈ উন্নীত হৈছে।
সভাখনৰ আদৰণী ভাষণৰ আৰম্ভণিতে প্ৰয়াত সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পঞ্জলি প্ৰদান কৰে তেঁওৰ জীয়ৰী বিশিষ্ট সাহিত্যিক সুনীতি সোণোৱাল, সুমিতা ডেকা, সুকৃতী ব্রহ্মচৌধুৰি আৰু সুপ্ৰীতি ব্ৰহ্মচৌধুৰী তথা সভাঘৰত উপষ্ঠিত অন্যান্য বিশিষ্ট ব্যক্তি সকলে।
প্ৰয়াত সভাপতি গৰাকীৰ সান্নিধ্য সুঁৱৰি ভাষণ প্ৰদান কৰে বৰ জীয়ৰী সুনিতী সোণোৱাল আৰু সুমীতা ডেকাই। ব্ৰহ্ম চৌধুৰী আছিল একেধাৰে সাহিত্যিক, ৰাজনৈতিক আৰু সামাজিক ব্যক্তি যাৰ উদ্যোগত আসমীয়া ভাষা সাহিত্যই এক গতি লাভ কৰিবলৈ সক্ষম হৈছে।
সেই সময়ত গোৱালপাৰা সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা ব্রহ্মাচৌধুৰী দৰে ব্যক্তিসকলৰ বাবে গোৱালপাৰা অসমৰ জিলা হিচাপে আৰু সমগ্ৰ অসমত অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল- এইদৰে মন্তব্য প্ৰদান কৰে আজিৰ সভাৰ সভাপতি বিশিষ্ট শিক্ষাবিদ,কবি সাহিত্যিক ড° বলেন্দ্ৰ কুমাৰ দাসে।
এই সভাতেই ৰীতা দেৱীৰ গল্প সংকলন সিদ্ধানং গণা উন্মোচন কৰি বিশিষ্ট ওপন্যাসিক জয়ন্ত মাধৱ বৰাই অসমীয়া সাহিত্যৰ মানদণ্ড অন্যান্য ভাৰতীয় ভাষাৰ সৈতে তুলনা কৰি সাম্প্ৰতিক অসমীয়া সাহিত্যৰ গুণগত দিশটোৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়।সভাত সিদ্ধানং গনা গল্প সংকলনটিৰ ওপৰত আলোকপাত কৰে সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জুৰি গোস্বামী আৰু গল্পকাৰ ৰীতা দেৱীয়ে তেঁওৰ অনুভৱ ব্যক্ত কৰে।
সাগৰিকা শৰ্মাই আতধৰা সভাখনত বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰোহিনী কুমাৰ চৌধুৰী, বঙাইগাঁও বীৰঝাৰা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত পুথিভৰালী ড° বসন্ত শৰ্মা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মুকুট দাস, জপৰিগগ সাহিত্য সভাৰ সভাপতি ভূপেন শৰ্মা, কামৰূপ মহানগৰ জিলাৰ তথ্য প্ৰযুক্তি বিভাগৰ আহভায়ক সুধাংশু মৰলকে আদি কৰি অনেক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

