অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Assam Sahitya Sabha: অসম সাহিত্য সভাৰ ‘কুঁহি’ অনুষ্ঠানৰ জৰিয়তে শিশুৰ সৈতে উমলি জামলি ফুৰা সেই দিনকেইটা আৰু স্মৃতি কোঠাত সিঁচৰিত হৈ থকা একাঁজলি অনুভৱ

Spread the love

অসম সাহিত্য সভাৰ ‘কুঁহি’ অনুষ্ঠানৰ জৰিয়তে শিশুৰ সৈতে উমলি জামলি ফুৰা সেই দিনকেইটা আৰু স্মৃতি কোঠাত সিচৰিত হৈ থকা একাঁজলি অনুভৱ

DD TIMESত লিখিছে উৎপল শইকীয়াই

ছাৰ, আপুনি তেনেকৈ নকব। আজিকালি লৰা ছোৱালীক এতিয়াৰ পৰাই সংস্কাৰ নিশিকালে পিছলৈ তেওঁলোকে বেয়াবোৰ বেছিকৈ গ্ৰহণ কৰিব। অভিভাৱক মহিলা গৰাকীৰ কথাষাৰে মোক বহু কথাও ভবাই তুলিলে।

সেয়া আছিল শঙ্কৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত চিত্ৰাংকন প্ৰতিযোগিতা এখন অনুষ্ঠিত হোৱাৰ পিছত বহু কেইটা শিশু, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু ‘কুঁহি’ অনুষ্ঠানৰ সৈতে জড়িত আয়োজক মণ্ডলীৰ সদস্য সকলে চাহ মেলৰ লগতে কেতবোৰৰ কথা আলোচনা কৰি থকাৰ এক মুহূৰ্ত।

অনুষ্ঠানটোৰ মই আহ্বায়ক হিচাপে জড়িত আছিলো বাবে এনে বহু অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু বিচাৰক তথা আন বিষয় ববীয়াৰ সৈতে মোৰ অধিক সংযোগ ঘটিছিল। বহু কেইজন ছাত্ৰ-ছাত্ৰীয়ে চৰণ চুইছিল, সুন্দৰ শিষ্টাচাৰ প্ৰদৰ্শন কৰিছিল।

অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সুন্দৰ ব্যৱহাৰ আৰু মাৰ্জিত মাত কথাই মুগ্ধ কৰিছিল আৰু ইয়াৰ মাজতেই প্ৰায়ে দেখি থকা কুসংস্কাৰ পূৰ্ণ সমাজখনৰ মাজতো লুকাই থকা সুস্থ আৰু সৎ মাত কথাৰ জগতখনৰ সংযোগ আৰু সংস্পৃশ্যই নিজক মুগ্ধ কৰিছিল।

এনে বহু শিশুৰ মাজতে এটা শিশু তথা এগৰাকী ছাত্ৰীসকলোৰে মাজত দৃষ্টিগোচৰ হৈ পৰিছিল, যি সন্মুখত দেখা পোৱা প্ৰায় সংখ্যক অভিভাৱক, বিচাৰক, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মকৰ্তাৰ চৰণসমূহ এফালৰ পৰা চুই গৈছিল আৰু এই ক্ষেত্ৰত মাক তথা অভিভাৱক গৰাকীয়ে এই কাৰ্য্যত শিশুটিক উৎসাহ যোগাইছিল।

শিশুটোৰ মাকগৰাকীৰ মাত কথা আৰু ব্যৱহাৰো আন সকলৰ মাজত কিছু ব্যতিক্ৰম আছিল আৰু সেই পৰিবেশত সকলোৰে মাজত জিলিকি উঠিছিল।

ব্যতিক্ৰম হৈ পৰা মানুহগৰাকীয়ে মোক কথাই প্ৰতি ছাৰ বুলি সম্বোধন কৰি থকা বাবে নিজেই কিছু ইতস্ততঃ বোধ কৰিছিলো আৰু ছাৰ বুলি নামাতিলেও হয় বুলি মহিলা গৰাকীক নিজৰ কন্যা সন্তানগৰাকীৰ আগত কোৱাত মোক মজিলাগৰাকীয়ে আপুনি তেনেকৈ নকব বুলি ওলোটাই কৈছিল আৰু এনেকৈয়ে কলে সন্তানটিয়ে আসৈ পাব বুলি কৈছিল।

অকল সেয়াই নহয়, আমাৰ কাষৰ পৰা আঁতৰি যাবৰ সময়ত নিজৰ ছোৱালীজনীয়ে সেই স্থানত থকা আমাৰ প্ৰত্যেকৰে চৰণ চুই সেৱা কৰিবলৈ লোৱাত মোৰ কাষলৈ আহিও একেই কাম কৰিবলৈ যাওঁতে মানুহগৰাকীৰ কথা মতেই বাধা দিব বিচাৰিও বাধা দিব নোৱাৰিছিলো।

আচলতে মহিলাগৰাকীয়ে আজিৰ সমাজত শিশুসকলৰ মাজৰ পৰা ক্ৰমাৎ নিষ্প্ৰভ হৈ পৰা শিশুসুলভ মন, সংস্কাৰ, আচৰণ তথা শিষ্টাচাৰসমূহ তেখেতৰ কন্যা সন্তানটিৰ মাজেৰে এতিয়াৰ পৰাই আগবঢ়াই নিয়াৰ লগতে কাষৰ প্ৰতিটো শিশু তথা অভিভাৱকৰ মনত জাগ্ৰত কৰি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছিল। আচলতে পিতৃ মাতৃৰ সু চিন্তা, সুন্দৰ ব্যৱহাৰে শিশুৰ নৈতিক চৰিত্ৰ গঠনত বিশেষ সহায় কৰে।

তেনেদৰে দেখি থকা, সমাজ, সামাজিক অনুষ্ঠান আৰু বিদ্যালয়সমূহৰ সুস্থ পৰিবেশ আৰু বাতাবৰণেও শিশুৰ সামাজিক বিকাশ আৰু নৈতিক চৰিত্ৰ গঠনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। ঘৰখন শিশুৰ প্ৰথম পাঠশালা আৰু মাক গৰাকী শিশুৰ প্ৰথম শিক্ষক।

শিশুৰ মানসিক, শাৰীৰিক, আৱেগিক আৰু মনস্তাত্বিক দিশসমূহ জাগৃত হৈ উঠা আৰু ভৱিষ্যৎ জীৱনৰ বাবেও পঠেয় হৈ ৰোৱাত ঘৰখন আৰু চৌপাশৰ সামাজিক পৰিৱেশে ব্যাপক প্ৰভাৱ বিস্তাৰ কৰে।

সেয়েহে প্ৰত্যেক অভিভাৱক তথা পিতৃ-মাতৃয়ে শিশু শিক্ষাৰ কঠীয়াতলী ঘৰখনৰ পৰিৱেশ সংস্কাৰী কৰি তোলাত বিশেষ যত্নপৰ হোৱা উচিত।

অৱশ্যে এইখিনিতে এটা গুৰুত্বপূৰ্ণ দিশ হল শিশু মনটো সংস্কাৰী কৰি তোলাৰ লগতে শিশুৰ ভৱিষ্যত গঢ়ি তোলাৰ বাবে শেহতীয়া পৰিৱেশ, পৰিস্থিতিৰ তালে তালে শিশুটিক বিকশিত কৰি তুলিব লাগিব। শিশু সংস্কাৰে যিদৰে ভৱিষ্যত সংস্কাৰ পূৰ্ণ সমাজ এখন গঢ়াত সহায় কৰিব, সেইদৰে আধুনিক শিক্ষাৰে শিক্ষিত শিশুটিক পিছলৈ অধিক প্ৰতিভাশালী কৰি তুলিব।

দুয়োটা দিশতে সমানেই গুৰুত্ব প্ৰদান কৰিলেহে আজিৰ শিশু কালিলৈ দেশৰ সু-নাগৰিক হোৱাৰ লগতে পৰিয়ালটোৰ বাবে সুখৰ বতৰা হৈ পৰিব। সেই দিনকেইটাত ছাত্ৰ-ছাত্ৰীসকলক লৈ আয়োজন কৰা কুঁহি অনুষ্ঠানৰ আন আন কাৰ্য্যসূচীসমূহতো কণ কণ শিশু তথা ল’ৰা-ছোৱালী কেইটাৰ উপৰি বহু সময়ত শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃ-মাতৃসকলেও প্ৰদৰ্শন কৰা শ্ৰদ্ধা ভক্তি আৰু আন্তৰিক মৰম এক পাহৰিব নোৱাৰা অনুভৱ আৰু অভিজ্ঞতা আছিল।

আন এটা ভাল লগা বিষয় বস্তু আছিল সেই অনুষ্ঠানত উপস্থিত থকা কেইজন শিশু সাহিত্যিক, শিশু কেন্দ্ৰিক অনুষ্ঠানৰ বিচাৰক আৰু এই অনুষ্ঠানসমূহত আৰ্থিক বাবে সহায় কৰিবলৈ আগবাঢ়ি অহা কেইজনমান উদাৰ মনোভাবৰ ব্যক্তি আৰু সংগঠক। শিশুৰ বাবে তেওঁলোকে যিকোনো সহায় কৰিবলৈ উৎসাহিত।

এই ক্ষেত্ৰত মহানগৰীৰ সাতগাঁৱৰ সমাজ সেৱক তথা বিশিষ্ট ব্যক্তি ভবেন চন্দ্ৰ দাস, মহানগৰীৰ দক্ষিণগাঁৱৰ সমাজ কৰ্মী, কবি, লেখিকা নিভা দাস, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুঁহি সমিতিৰ আহ্বায়ক প্ৰশান্ত শইকীয়া, কেৰিয়াৰ পৰামৰ্শ দাতা ডাঃ জিয়াউল ইছলাম, বেলতলাৰ সতীশ অধিকাৰী আদি নামবোৰ তেওঁলোকৰ উদাৰতাৰ বাবে মনত ৰৈ যাব।

তেওঁলোকৰ মতে শিশুৰ সৈতে কাম কৰি লাভ কৰা আনন্দ, অনুভূতি দেৱ-দেৱী তথা ঈশ্বৰৰ সৈতে লাভ কৰা সান্নিধ্যৰ সমান। ভাগ্যবান লোকেহে শিশুৰ সৈতে কাম কৰাৰ সুবিধা পায়।

কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ কুঁহি উপ-সমিতিৰ উদ্যোগত আয়োজন কৰা শিশু কেন্দ্ৰিক বিভিন্ন কাৰ্য্যসূচীসমূহত এই অভিজ্ঞতা উপলদ্ধি কৰিছিলো।

সেইবাবেই শিশুৰ সৈতে উমলি জামলি কাম কৰা সেই দিনকেইটা ভৱিষ্যৎ জীৱনৰ বাবে এক মধুৰতম অভিজ্ঞতা হিচাপে মনৰ স্মৃতি কোঠাত সিচৰিত হৈ থাকিব।


সঁচাই, শিশুসকলক এনেয়ে পখিলাৰ লগত তুলনা কৰা নাছিল। এজাক শিশুৰ লগত থকা আৰু এখন সৰগ সৰগ লগা পৃথিৱীত বাস কৰাৰ মাজত নিঃসন্দেহে কোনো বিশেষ প্ৰাৰ্থক্য নাথাকে।

শিশু এটাই যেতিয়া এখন ছবি আঁকে, এটা গান গায়, এটা নৃত্য কৰে অথবা কোনো সৃষ্টিশীল কামত নিমগ্ন হয়, সেই সময়ত সেই শিশুটোৱে এক ঐশ্বৰিক আৰাধনাত মগ্ন হৈ থাকে।

সেয়েহে শিশুৰ বাবে যিকোনো কাম বা যিকোনো অনুষ্ঠানত জৰিত হৈ যি এক ঐশ্বৰিক অনুভৱ হয়, সেই অনুভৱ আন কাৰো সৈতে তুলনা কৰিব নোৱাৰি। কাৰণ শিশুৱে সদায় সঁচাটো দেখে আৰু সঁচাটো কয়। দুখবোৰ নেদেখে, সুখবোৰহে দেখে।

শিশু মন কোমল যদিও নিজৰ মনত লৈ ফুৰা এখন কল্পনাপ্ৰসূত পৃথিৱীত উৰি ফুৰে। অৱশ্যে সময় বাঢ়ি অহাৰ লগে লগে শিশুৰ মনস্তাত্বিক দিশসমূহ জাগৃত হয় আৰু বিকাশৰ স্তৰ ত্বৰান্বিত হয়।


শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশনৰ সৈতে সংগতি ৰাখি কুঁহি উপ-সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানসমূহত প্ৰায় ১২০০ ছাত্ৰ-ছাত্ৰীৰ সৈতে সংগত হৈ এনে কিছুমান অনুভৱ মনলৈ আহিছে।

এই ছাত্ৰ-ছাত্ৰীসকলৰ কিছুমান শিশুক চিত্ৰাংকন প্ৰতিযোগিতা, কিছুমান শিশুক সাংস্কৃতিক অনুষ্ঠান আৰু কিছুমান শিশুক এই অধিবেশনৰ সৈতে সংগতি ৰাখি আদৰণী সমিতিৰ অন্তৰ্গত কুঁহি উপ-সমিতিৰ উদ্যোগত কুঁহি শীৰ্ষক শিশু আলোচনী এখন প্ৰস্তুত কৰি উলিয়াইছিলো আৰু এই আলোচনীৰ জৰিয়তে বহুতো শিশুক কবি, গল্পকাৰ আৰু লেখক হিচাপে আৱিষ্কাৰ কৰিছিলো।

আলোচনীখন উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সেই একেই কথা কৈছিল। শিশু আৰু আলোচনীৰ কথা। লগতে এই আলোচনীখন উদ্যোক্তাসকলৰ বাবে এক স্মৃতি, ছবি হৈ থাকিব বুলিও কৈছিল।

অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়েও শিশুক লৈ আয়োজন কৰা এই অনুষ্ঠানত সৈতে জড়িত প্ৰত্যেকজন ব্যক্তিক এই কৰ্মৰ জৰিয়তে সমাজত এক বিশুদ্ধ পথৰ যাত্ৰা আৰম্ভ কৰাৰ কথা ব্যক্ত কৰে। ভৱিষ্যতে ইয়াৰ এক যুগান্তকাৰী প্ৰভাৱ পৰিব বুলি তেওঁ কয়।


সঁচাকৈয়ে কুঁহি অনুষ্ঠানৰ প্ৰতিটো শিশুৱেই আছিল এক সুকীয়া মন, অনুভূতি আৰু প্ৰতিভাৰে জ্যোতিষ্মান।
শিশুসকলক বিচাৰকে যেতিয়া উচ্চ শাখাৰ বাবে ’মোৰ কিতাপৰ জগতখন’ আৰু তেনেদৰে নিম্ন শাখাৰ বাবে’ মোৰ ফুলৰ জগতখন’ শীৰ্ষক বিষয়টো বাছি দিয়া হৈছিল, তেতিয়া খোদ বিচাৰকেই চিন্তিত হৈছিল।

তেওঁলোকে বাৰু পাৰিবনে। খুবেই জটিল হল নেকি বিষয়টো। কিন্তু বিচাৰক তথা আয়োজকক আচৰিত কৰি ইয়াৰ মাজৰ পৰাই যি কেইখন চিত্ৰ ফুটি উঠিল তাকে দেখি বিচাৰক অধিক উৎফুলিত আৰু ইয়াৰ সমানেই আচম্বিত হৈ পৰিছিল।

এনেধৰণৰ শ্ৰেষ্ঠ আলোকচিত্ৰৰ পৰা আচল অৰ্থত সৰ্বশ্ৰেষ্ঠ আলোকচিত্ৰখন বাচি উলিয়াবলৈ তিনিজনকৈ বিচাৰক ক্ৰমে অৰুণ ভাগৱতী, অনুতোষ দেৱ আৰু মানস ৰাভা নিজেই চমকিত হৈ পৰিছিল।

কুঁহি উপ-সমিতিৰ উদ্যোগত অধিবেশনৰ কেউটা দিনতেই দিনজোৰা কাৰ্য্যসূচীৰে শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানসমূহত শিশুসকলে যি ধৰণৰ নৃত্য নাটিকা, নাটক অথবা গীত মাত প্ৰদৰ্শন কৰিলে ইয়াৰ দ্বাৰা দৰ্শকসকল অভিভূত হৈ পৰাই নহয়, ইয়াৰ জৰিয়তে অধিবেশনৰ সমূহ সাহিত্য প্ৰেমী ৰাইজ আচম্বিত, আকৰ্ষিত আৰু সমানেই আনন্দিত হৈ পৰিছিল।

ব্যাপক আলোচনা সমালোচনাৰ মাজেৰে আয়োজিত অধিৱেশনখনৰ মান বৃদ্ধিৰ লগতে সাহিত্য সভাৰ মঞ্চ বহু পৰিমাণে জিপাল হৈ পৰিছিল। ইয়াৰ মাজতে ব্যক্তিগত ভাৱে মোৰ ভাল লগা দিশটো আছিল যে এই সমগ্ৰ অনুষ্ঠানটোত আহ্বায়ক হিচাপে যি গুৰু দায়িত্ব বহন কৰিলো আৰু ইয়াৰ জৰিয়তে যি মানসিক তৃপ্তি আৰু সন্তুষ্টি লাভ কৰিলো সেয়া জীৱনৰ বাবে জীৱন সঞ্জীৱনি হৈ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!