অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ASSAM-MEGHAYA: অসমৰ কাৰ্বি আংলং-মেঘালয় সীমা সমস্যাৰ সমাধান কেতিয়া?

Spread the love

অসমৰ কাৰ্বি আংলং-মেঘালয় সীমা সমস্যাৰ সমাধান কেতিয়া?

DD TIMESত লিখিছে জনাৰ্দন পাটৰে

Oplus_131072

অসমৰ অন্যতম পাৰ্বত্য জিলা কাৰ্বি আংলং অসমৰ ভিতৰতে বৃহত্তম জিলা। যাৰ মাটিকালি ১০,৪৩৪ বৰ্গ কিলোমিটাৰ। যিখন জিলা ভাৰতৰ ৰাজ্য চিকিম আৰু গোৱাতকৈও বৃহৎ। য’ত বসবাস কৰি আছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইটা জাতি জনগোষ্ঠী। যাক মিনি নৰ্থ ইষ্ট বুলিলেও ভূল কোৱা নহ’ব।

জিলাখনৰ প্ৰধান জনগোষ্ঠী কাৰ্বিসকলৰ সৈতে বসবাস কৰি আছে ডিমাচা, তিৱা, বড়ো, গাৰো, ৰেংমা, কুকি, খাচী, মানটাই, মেইটেই, ঠেঙাল কছাৰী, মিজো, আদিবাসী, চাকমা, মেচ কছাৰী, হাজং, আহোম, কোচ, কলিতা, কৈৱৰ্ত্য, মাৰ, গোৰখা, চাকাচেপ, বানাই, বঙালী, হিন্দীভাষী, পাঞ্জাৱী, উড়িয়া, মাৰোৱাৰীৰ লগতে কম পৰিমাণে অন্য গোষ্ঠীসমূহো।

Oplus_131072

যোৱা ২০১৬ চনত প্ৰশাসনিক সুবিধাৰ্থে পশ্চিম কাৰ্বি আংলং জিলা গঠিত হল যদিও ১৯৫২ চনত গঠিত ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীভূক্ত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ দ্বাৰা পৰিচালিত হয় জিলা দুখনৰ কাম কাজ। ডিফু সদৰক কেন্দ্ৰ কৰি কাৰ্বি আংলঙে এক বৃহৎ এলেকাৰ সীমা ভাগ বতৰা কৰি আছে অসমৰ নগাঁও, মৰিগাঁও, ডিমা হাছাও, গোলাঘাট, হোজাই জিলাৰ লগতে দুখন ৰাজ্য ক্ৰমে মেঘালয় আৰু নাগালেণ্ডৰ সৈতে।

ভৌগোলিক দিশত ৮০ শতাংশই পাহাৰে আৱৰি থকা পাৰ্বত্য জিলাখনত এঠাইৰ পৰা অন্য ঠাইলৈ যোগাযোগৰ বাবে সহায় লবলগীয়া হয় চুবুৰীয়া জিলা তথা ৰাজ্যৰ। এক সাংস্কৃতিক সমন্বয়ৰ স্থল হিচাপে চিহ্নিত কাৰ্বি আংলং।

জিলাখনৰ তাৰালাংচ’ ত প্ৰতিবছৰে অনুষ্ঠিত ‘ কাৰ্বি যুৱ মহোৎসৱ ’ ত বহুলভাৱে প্ৰতিফলিত হৈ জিলাখনৰ বাৰেবৰণীয়া সাংস্কৃতিক ৰূপ।

সম্প্ৰতি জিলাখনত চলি থকা এক সমস্যা হৈছে সীমা বিবাদৰ সমস্যা। যি সমস্যা নতুন নহয়। ১৯৭২ চনত অসম মেঘালয় দুখন পৃথক ৰাজ্য হোৱাৰ পাছৰে পৰাই এই সমস্যা চলি আহিছে। পূৰ্বে বহু ঘাত, প্ৰতিঘাত পাৰ কৰি শান্তি আৰু ঐক্য গঢ় লৈ উঠা জিলাখনত সাম্প্ৰতিক সময়ত সীমা বিষয়টোৱে অধিক উদ্বেগজনক কৰি তুলিছে।

অসম আৰু মেঘালয়ৰ মুঠ ৮৮৫ কিলোমিটাৰ বৃহৎ সীমা এলেকাৰ মুঠ বাৰটা স্থানত বিবাদ আছিল যদিও যোৱা ২০২২ চনত কেদ্রীয় গৃহমন্ত্ৰীৰ উপস্থিতিত অসম আৰু মেঘালয়ৰ মূখ্যমন্ত্ৰীদ্বয়ৰ স্বাক্ষৰত ছয়টা অঞ্চলৰ সমস্যা সমাধান হল। কিন্তু লাংপি, ব্লক ১ – ব্লক ২, বৰদুৱাৰ, পিলাংকাটা, হাছিম আৰু কপিলী সামৰি ছয়টা স্থানত বৰ্তমানেও স্পৰ্শকাতৰ অঞ্চলৰূপে বিবেচিত হৈ আহিছে। ইয়াৰে ব্লক ১ – ব্লক ২ আৰু লাংপিত বহু অপ্ৰিতিকৰ ঘটনা সংঘটিত হৈ আহিছে।


৯ অক্টোবৰত সংঘটিত এক অপ্ৰীতিকৰ ঘটনাৰ ফলত পশ্চিম কাৰ্বি আংলং জিলাৰ ৪৪ বছৰীয়া অৰিৱেল তিমুং নামৰ ব্যক্তি এগৰাকীয়ে গুলিবিদ্ধ হৈ প্ৰাণ দিব লগীয়া হল। অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ তপত গাঁও আৰু মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ লাপাংগাপ নামৰ সীমামূৰীয়া গাঁও দুখনৰ মাজত খেতি পথাৰৰ শস্য চপোৱা কেন্দ্ৰিক বিষয়ত হোৱা সংঘাতৰ ফলত অকালতে প্ৰাণ আহুতি দিলে ব্যক্তিগৰাকীয়ে।

ঘটনা সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে ‘ এক ইঞ্চি মাটিও এৰি নিদিওঁ ’ বুলি মন্তব্য কৰাৰ লগতে ক্ষতিপূৰণ হিচাপে পৰিয়ালটোলৈ ১০ লাখ টকাৰ আৰ্থিক এককালিন সাহাৰ্য্য আগ বঢ়াইছে। কিন্তু গুৰুতত্বপূৰ্ণ বিষয়টো হল ইয়াৰ স্থায়ী সমাধান কেতিয়ালৈ সম্ভৱ হব? এইক্ষেত্ৰত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে সঠিক পদক্ষেপ গ্ৰহণ কৰি স্থায়ী সমাধান পথ নিৰূপণ কৰিব নোৱাৰনে? ঘটনাস্থলীত সম্প্রতিও উত্তেজনাপূৰ্ণ পৰিস্থিতি বিৰাজ কৰি আছে।

তাৰোপৰি পূৰ্বৰে পৰা সময়ে সময়ে এনে অপ্ৰিতিকৰ ঘটনাই অঞ্চল কেইটাৰ নিৰিহ জনতাক ব্যতিব্যস্ত কৰি ৰাখিছে। যোৱা ২০২৪ বৰ্ষটো একেই ঠাইতে মেঘালয়ৰ দুৰ্বৃত্তই তপত গাঁওৰ কেইবাটাও গৃহত অগ্নি সংযোগ কৰিছিল। ঘটনাৰ পাচত কাৰ্বি আংলং জিলাৰ কাৰ্বি ছাত্ৰ সন্থা, খাচি ছাত্ৰ সন্থা আৰু জিলাখনৰ অন্যান্য দল সংগঠনসমূহে শান্তি সম্প্ৰীতি বাহাল ৰখাৰ প্ৰচেষ্টা হাতত লৈছিল। কিন্তু গভীৰ চিন্তনীয় বিষয়টো হল বাৰে বাৰে এনে অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হৈ থাকিলে অঞ্চলকেইটাৰ সাধাৰণ জনতাৰ জীৱন নিৰ্বাহ কৰাটো কিমানদূৰ সম্ভৱ হৈ থাকিব?

একেদৰে অসম – নাগালেণ্ডৰ সীমামুৰীয়া অঞ্চলটো একেই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে। গতিকে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰ কেইখনে উচিত ব্যৱস্থা গ্ৰহণ কৰি সীমা সমস্যাৰ ওৰ পেলাব লাগে।

স্থায়ী সমাধানেৰে শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ দায়িত্ব লব লাগে। কাৰ্বি আংলং জিলাৰ দল সংগঠন তথা সচেতন মহলে চৰকাৰলৈ তাৰেই আহ্বান জনাই আহিছে। আশা ৰাখিছো অসম চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি সমাধানৰ পথ উলিয়াব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!