অসমক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

অসম ক্ৰিকেট সন্থাৰ পেভিলিয়ন, ইণ্ডোৰ ক্ৰিকেট হলৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Spread the love

ডিব্ৰুগড়ৰ মুলুকগাঁৱৰ আন্তঃগাঁথনিত নতুন সংযোজনেৰে ডিব্ৰুগড়ৰ ক্ৰীড়াখণ্ডক এক নতুন গতি প্ৰদানেৰে আজি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাৰ সাংসদ পুঁজি ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষৰ অধীনত ১০ লাখ টকা ব্যয়সাপেক্ষে মুলুকগাঁও উদ্দীপ্ত যুৱক সংঘত শৰীৰ চৰ্চাৰ সামগ্ৰী স্থাপনৰ উদ্বোধন, প্ৰায় ৯০ লাখ টকা ব্যয়সাপেক্ষে বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চাৰিসীমাৰ দেৱাল, আদৰণি তোৰণ, পদপথ, ৰন্ধনশালা, নিৰপত্তাৰক্ষী চাউনী আৰু পকী নৰ্দমা নির্মাণ আঁচনিৰ উদ্বোধন আৰু ৫১.২২ লাখ টকা ব্যয়সাপেক্ষে বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰি ৰাইজৰ সেৱাত উৎসৰ্গা কৰে।


আনহাতে, সমগ্ৰ অঞ্চলটোৰ ক্ৰীড়া ক্ষেত্ৰত নতুন দিগন্তৰ সূচনাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট পেভিলিয়নৰ শুভ উদ্বোধন কৰে। তদুপৰি সোণোৱালে ডিব্ৰুগড়ত ইণ্ডোৰ ক্ৰিকেট হলৰো শুভ উদ্বোধন কৰে।
এই সময়ছোৱাত লগতে উপস্থিত থাকে বিধায়কসকল- পোনাকণ বৰুৱা, তেৰছ গোৱালা, তৰংগ গগৈ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন দত্ত, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক কামাখ্যা শইকীয়া প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।


কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “ক্ৰীড়াই আমাক একতাৰ শক্তিৰ কথা মনত পেলাই দিয়ে। আমি খেলৰ এই স্পৃহা, সমন্বয় আৰু মূল্যবোধক আগুৱাই লৈ যাওঁ আহক আৰু এক শক্তিশালী ক্ৰীড়া ভৱিষ্যতৰ পথ প্ৰশস্ত কৰোঁ। আমি আটায়ে ভূপেনদাৰ কালজয়ী গীত ‘এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গণ’ৰ দ্বাৰা উদ্বুদ্ধ হৈ ক্ৰীড়াক্ষেত্ৰত ন উদ্যমেৰে আগবঢ়াৰ সংকল্প গ্ৰহণ কৰিব লাগিব। শৰীৰ চৰ্চা আৰু ক্ৰীড়াক্ষেত্ৰই এগৰাকী ব্যক্তিক সুস্বাস্থ্যৰ অধিকাৰী কৰাৰ লগতে সুস্থ মানসিকতাৰো গঢ় দিয়ে আৰু এটি সুন্দৰ ব্যক্তিত্ব গঢ়াত সহায় কৰে। আমাৰ ক্ৰীড়াক্ষেত্ৰতো প্ৰচুৰ সম্ভাৱনা আৰু সম্পদ লুকাই আছে। আমি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ পৰা এই সম্পদ, সম্ভাৱনাসমূহ আৱিষ্কাৰ কৰি আগবঢ়াৰ প্ৰয়াস কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ ক্ৰীড়াক্ষেত্ৰক গতিশীল কৰাৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। তাৰ ভিতৰত টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনি উল্লেখযোগ্য। এই আঁচনিৰ জৰিয়তে খেলুৱৈসকলক আৰ্থিক সহায়ৰ লগতে অন্যান্য সা-সুবিধা প্ৰদান কৰা হৈছে। ফলত আজি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলে উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীয়ে কৈছে, ‘খেলোগে তো খিলোগে।’ অৰ্থাৎ খেলজগতত নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰিলে আমি সফলতাৰ পথত আগবাঢ়িব পাৰিম। খেলে আমাৰ জীৱনত আনন্দৰ সৃষ্টি কৰে। জীৱনক প্ৰেৰণাময় কৰি তোলে। আজি শুভ উদ্বোধন কৰা অসম ক্ৰিকেট সন্থাৰ পেভিলিয়নে খেলুৱৈসকলক নতুন উৎসাহেৰে খেলত মনোনিবেশ কৰিবলৈ উৎসাহিত কৰিব আৰু উপযুক্ত প্ৰশিক্ষণেৰে দক্ষ হৈ একোগৰাকী সুদক্ষ ক্ৰিকেটাৰ হিচাপে উজলি উঠাত সহায় কৰিব। ৰিয়ান পৰাগৰ দৰে অসম সন্তানে ক্ৰিকেট ক্ষেত্ৰত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সফলতাৰে উজলি উঠিছে। আমাৰ নতুন চামৰ পৰা ৰিয়ান পৰাগৰ দৰে অধিক খেলুৱৈৰ সৃষ্টি হওক, তাৰেই কামনা কৰিলোঁ আৰু এইক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা, আন্তঃগাঁথনিগত ব্যৱস্থা লোৱা হ’ব। আমি অসমক দেশৰ ক্ৰীড়াক্ষেত্ৰত আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। নতুন চামক অনুৰোধ কৰি কৈছোঁ, তোমালোকে অধ্যয়নৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো মনোযোগ দিয়া। আমাৰ জীৱনৰ তিনিখন পথাৰত যদি আমি একাগ্ৰতা, শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতা দেখুৱাবলৈ সক্ষম হওঁ, তেন্তে আমাৰ সমাজখন বিশ্বৰ শ্ৰেষ্ঠ সমাজত পৰিণত হোৱাত কোনেও বাধা দিব নোৱাৰে। এই তিনিখন পথাৰ হৈছে শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়া।
টীম অসমে তৃণমূল পৰ্যায়ৰপৰাই ক্ৰীড়াৰ বিকাশ আৰু আমাৰ যুৱ প্ৰতিভাৰ সম্ভাৱনাক ত্বৰান্বিত কৰিবলৈ দায়বদ্ধতাৰে কাম কৰি আছে বুলি সোণোৱালে উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি লগতে কয়, “দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে চিহ্নিত হৈছে। যোৱা এঘাৰ বছৰে সৰ্বস্তৰৰ ৰাইজক লগত লৈ তেখেতে যি অভূতপূৰ্ব উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিলে, ইয়াৰ ফলস্বৰূপে দেশখন শক্তিশালীভাৱে আধুনিক ধ্যান-ধাৰণাৰে সুশাসন ব্যৱস্থাৰে উজ্জীৱিত হৈছে। দৰিদ্ৰ জনসাধাৰণৰ কাৰণে মোদী চৰকাৰে আঁচনি প্ৰস্তুত কৰি তাৰ সফলতাপূৰ্বক ৰূপায়ণ কৰিলে যাৰ ফলত ২৫ কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকে পৰিত্ৰাণ পালে আৰু আৰ্থিকভাৱে সবল হ’ল।পৃথিৱীৰ যিকোনো ৰাষ্ট্ৰই আজি ভাৰতবৰ্ষক কেৱল সম্বোধন কৰাই নহয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালৰ উল্লেখযোগ্য নীতি পৰিকল্পনা আৰু কাৰ্যসূচী বিশ্বৰ আগশাৰীৰ বিভিন্ন দেশৰ অনুষ্ঠান, প্ৰতিষ্ঠানে গবেষণাৰ বিষয় হিচাপে গ্ৰহণ কৰিছে। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকাল আছিল দুৰ্নীতি, একনায়কত্ববাদ, স্বৈৰাচাৰিতা, কেলেংকাৰী আদিৰে পৰিপূৰ্ণ এক অন্ধকাৰ যুগ। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৫৫ বছৰ শাসনত থাকিও যি কাম কৰিব নোৱাৰিলে, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সততা, নিষ্ঠা, দক্ষতা, দৃঢ়তা আৰু একাগ্ৰতাৰে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ক মূলমন্ত্ৰ হিচাপে লৈ মাত্ৰ এঘাৰ বছৰৰ ভিতৰতে দেশত অভূতপূৰ্ব পৰিৱৰ্তন আনিলে। তাৰ বাবে আজি তেখেত কেৱল দেশৰ ভিতৰতে নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতেই আটাইতকৈ লোকপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে। আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলেও তেখেতৰ নেতৃত্বৰ পৰা বহু শক্তি তথা উন্নয়ন আয়ত্ত কৰিবলৈ সক্ষম হৈছোঁ। দেশৰ যুৱ শক্তিক বিভিন্নধৰণৰ কাৰ্যসূচীৰ যোগেদি শক্তিশালী কৰাৰ তেখেতে যি প্ৰয়াস কৰিছিল, আজি সেইখিনি সুন্দৰভাৱে সফল হৈছে। দেশৰ নেতা যেতিয়া সৎ, কঠোৰ পৰিশ্ৰমী হয় আৰু দেশৰ জনগণৰ বাবে ভক্তিভাৱেৰে কাম কৰে; নেতাৰ ইচ্ছা আৰু নীতি যেতিয়া সঠিক হয়, তেতিয়াই দেশে নিজৰ প্ৰকৃত শক্তি দাঙি ধৰি অভূতপূৰ্ব সফলতা লাভ কৰে ~ বিগত এঘাৰটা বছৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে শক্তিশালী নেতাৰ বলিষ্ঠ নেতৃত্বত ভাৰত এখন মহাশক্তিধৰ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছে। দেশৰ লক্ষ লক্ষ দক্ষতাসম্পন্ন যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাৰ লগতে এই যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে। ষ্টাৰ্টআপ,অট’মোবাইল বা প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আগতে যিবিলাক সামগ্ৰী আমদানি কৰিবলগীয়া হৈছিল আজি সেইবিলাক সামগ্ৰী দেশতে উৎপাদন কৰি আত্মনিৰ্ভৰশীল হ’বলৈ সক্ষম হোৱাৰ লগতে আজি ভাৰতবৰ্ষত উৎপাদিত বিভিন্ন সামগ্ৰীয়ে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আমাৰ অসমৰো বিভিন্ন যুৱক-যুৱতীয়ে এই নিযুক্তি প্ৰক্ৰিয়াত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে আৰু নিযুক্তি লাভ কৰাসকলে আগন্তুক দিনবোৰত মোদী ডাঙৰীয়াই যি পথেৰে আগুৱাই যোৱাৰ বাবে আহ্বান জনাইছে, তেখেতসকলেও সেই পথেৰে আগুৱাই যাওক আৰু সফলতাৰ শিখৰত উপনীত হওক, তাকেই কামনা কৰিছোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!