অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASSAM CRICKET ASSOCIATION: ৰঞ্জী ট্ৰফী আৰু চি.বি ট্ৰফীৰ পৰৱৰ্তী খেলৰ বাবে এ চি এৰ ৰাজ্যিক দল ঘোষণা

Spread the love

ৰঞ্জী ট্ৰফী আৰু চি.বি ট্ৰফীৰ পৰৱৰ্তী খেলৰ বাবে এ চি এৰ ৰাজ্যিক দল ঘোষণা

DD TIMES গুৱাহাটী, ১২ নৱেম্বৰ, ২০২৫ঃ অহা ১৬ নৱেম্বৰৰ পৰা কলকাতাত বংগৰ বিৰুদ্ধে হ’বলগীয়া ৰঞ্জি ট্ৰফীৰ পৰৱৰ্তী খেলৰ বাবে অসম ক্ৰিকেট সন্থাই ৰাজ্যিক দল ঘোষণা কৰিছে।

দলটোৰ খেলুৱৈসকল- সুমিত ঘাদিগাঁওকাৰ (উইকেটকীপাৰ, অধিনায়ক), স্বৰূপম পুৰকায়স্থ, শিব শংকৰ ৰায়, ডেনিছ দাস, ঋতুৰাজ বিশ্বাস, প্ৰদ্যুন শইকীয়া, ৰোহিত সিং, অভিনৱ চৌধুৰী, আব্দুল আজিজ কুৰেচী, মুক্তাৰ হুছেইন, ঋষভ দাস, আয়ুষ্মান মালাকাৰ, ভাৰ্গব প্ৰতিম লহকৰ, দৰ্শন ৰাজবংশী আৰু অভিষেক ঠাকুৰি (উইকেটকীপাৰ)।

সহায়ক ষ্টাফ ( ৰঞ্জী ট্ৰফী ) : দলৰ পৰামৰ্শদাতা : ৰাজ কুমাৰ শৰ্মা, মুখ্য প্ৰশিক্ষক – নোৱেল ডেভিদ, প্ৰশিক্ষক তথা মেনেজাৰ – ৰাজীব ৰাজবংশী, ফিজিঅ’থেৰাপিষ্ট – ভীষ্ম প্ৰতাপ সিং, ট্ৰেইনাৰ – ভাস্কৰ বৰা, প্ৰদৰ্শন বিশ্লেষক – ৰাজেশ শৰ্মা, থ্ৰ’ডাউন বিশেষজ্ঞ – বিবেক ছালুনখে আৰু মালিচকাৰী – হৰি কৃষ্ণন।

ইয়াৰ উপৰি অহা ১৬ নৱেম্বৰৰ পৰা বংগ, গোৱা আৰু চণ্ডীগড়ত হ’বলগীয়া চি.বি ট্ৰফীৰ প্ৰথম তিনিখন খেলৰ বাবেও অসম ক্ৰিকেট সন্থাই অসমৰ অনুৰ্ধ ১৯ পুৰুষৰ দল ঘোষণা কৰিছে।

দলটোৰ খেলুৱৈসকলঃ দ্যুতিময় নাথ ( অধিনায়ক), তুষাৰ ৰুদ্ৰ বৰা ( উইকেটকীপাৰ ), আলহাম ৱাহিদ, অমিত চৌধুৰী, মনীষ মাহাতো, মোহিত ঠাকুৰ, পৃথ্বী ৰাজ কাশ্যপ, প্ৰবাল কলিতা (উইকেটকীপাৰ), ৰঞ্জন বিকাশ দাস, দীপাংকৰ পাল, বৰুণ জ্যোতি মালাকাৰ, জিছান আৰ্মাণ্ড জুফ্ৰি, দৰমিয়ান ৰছুল, মহিবুল ইছলাম আৰু মকচুদ উদ্দিন।

সহায়ক ষ্টাফঃ মুখ্য প্ৰশিক্ষক– শুভ্ৰজিত শইকীয়া, প্ৰশিক্ষক কাম মেনেজাৰ – সলিল সিংহ, ট্ৰেইনাৰ – ভেংকা মুৰলী, ফিজিঅ’ থেৰাপিষ্ট – পুষ্পেন্দ্ৰ ৰাজ, থ্ৰ’ডাউন বিশেষজ্ঞ – অনিল নটৱাৰ ভাই পেটেল আৰু ভিডিঅ’ বিশ্লেষক – এছ.বৰুণ আথ্ৰেয়া।


অসম ক্ৰিকেট সন্থাই আগন্তুক খেলসমূহৰ বাবে দুয়োটা দল আৰু সহযোগী ষ্টাফলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!