Assam Cricket Association: চাৰি খেলুৱৈক নিলম্বন অসম ক্ৰিকেট সন্থাৰ
চাৰিগৰাকী খেলুৱৈক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন অসম ক্ৰিকেট সন্থাৰ

DD TIMES গুৱাহাটী, ১৪ ডিচেম্বৰঃ ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত দুৰ্নীতিৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত অসম ক্ৰিকেট সন্থাই চাৰিগৰাকী খেলুৱৈ— অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে।
বিভিন্ন পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰা ওপৰুক্ত চাৰিজন খেলুৱৈয়ে ২৬ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মুস্তাক আলী ট্ৰফীত অংশগ্ৰহণ কৰা বৰ্তমানৰ অসম দলৰ একাংশ খেলুৱৈক প্ৰভাৱিত কৰা আৰু উচটনি দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই অভিযোগ উত্থাপন হোৱাৰ পিছতে বিচিচিআইৰ দুৰ্নীতি বিৰোধী আৰু নিৰাপত্তা ইউনিটে তদন্ত চলায় । অসম ক্ৰিকেট সন্থাইও অপৰাধমূলক গোচৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু সেই অনুসৰি উল্লেখিত চাৰিজন খেলুৱৈৰ বিৰুদ্ধে গুৰুতৰ অনিয়ম আৰু ক্ৰীড়াৰ সুনাম তথা অখণ্ডতাত প্ৰভাৱ পেলাব পৰা অসৎ কাৰ্যত জড়িত হোৱাৰ কথা প্ৰতীয়মান হয়।
পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ যিকোনো পৰিসৰ হ্ৰাস কৰিবলৈ খেলুৱৈসকলক নিলম্বন কৰা হৈছে । সেই অনুসৰি নিলম্বনৰ সময়ছোৱাত খেলুৱৈসকলক নিম্নোক্ত বিষয়সমূহত ভাগ লব নোৱৰাকৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছেঃ
ক) অসম ক্ৰিকেট সন্থা, জিলা আৰু ক্লাবৰ অধীনত হোৱা যিকোনো ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা বা খেলত অংশগ্ৰহণ কৰা আৰু খ) মেচ ৰেফাৰী, প্ৰশিক্ষক, আম্পায়াৰ আদি হিচাপে অফিচিয়েটিংকে ধৰি ক্ৰিকেট সম্পৰ্কীয় যিকোনো কামত অংশগ্ৰহণ কৰা।
তদন্তৰ চূড়ান্ত ফলাফল আৰু/বা সংস্থাৰ পৰৱৰ্তী যিকোনো সিদ্ধান্তলৈকে এই নিলম্বন অব্যাহত থাকিব।
সকলো জিলা সন্থাকে এই আদেশ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ আৰু নিজৰ অধীনস্থ ক্লাব আৰু ক্ৰিকেট একাডেমীসমূহক প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
অসম ক্ৰিকেট সন্থাই তাৰ লগতে ক্ৰীড়াৰ অখণ্ডতা আৰু মনোভাৱ অক্ষুন্ন ৰক্ষাৰ লগতে স্বচ্ছতা, অনুশাসন আৰু নৈতিক আচৰণৰ উচ্চতম মানদণ্ড ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।
অসম ক্ৰিকেট সন্থাই ১২ ডিচেম্বৰত উক্ত চাৰিজন খেলুৱৈৰ বিৰুদ্ধে গুৱাহাটীৰ অপৰাধ শাখাতো গোচৰ দাখিল কৰিছে। অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।
