অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Assam Cricket Association: অসম ক্ৰিকেট সন্থাৰে ট্যুৰ, ফিক্সচাৰ আৰু টেকনিকেল কমিটীৰ যৌথ সভা

Spread the love

অসম ক্ৰিকেট সন্থাৰে ট্যুৰ, ফিক্সচাৰ আৰু টেকনিকেল কমিটীৰ যৌথ সভা


DD TIMES গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃ
অসম ক্ৰিকেট সন্থাৰ ট্যুৰ, ফিক্সচাৰ আৰু টেকনিকেল কমিটি আৰু ছিনিয়ৰ টুৰ্নামেন্ট কমিটিৰ এখন গুৰুত্বপূৰ্ণ যৌথ সভা গুৱাহাটীত অৱস্থিত এচিএৰ কাৰ্যালয়ত অনুষ্ঠিত হয়।

সভাখন সভাপতিত্ব কৰে ট্যুৰ, ফিক্সচাৰ আৰু টেকনিকেল কমিটিৰ অধ্যক্ষ শংকৰ দত্ত লহকৰে। সভাত অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিলৰ সদস্য মুকুন্দ ভট্টাচাৰ্য, এচিএৰ মুখ্য কাৰ্যবাহী বিষয় প্রীতম মহন্ত, ছিনিয়ৰ টুৰ্নামেন্ট কমিটিৰ সদস্য ডা. বিষ্ণু ৰাম নুনিছা সহ আন কেইবাজনো সদস্য উপস্থিত থাকে।

সভাৰ মুখ্য আলোচ্য বিষয় আছিল আগন্তুক ২০২৫–২৬ বৰ্ষৰ বাবে অনুষ্ঠিত হ’বলগীয়া টুৰ্নামেন্টৰ দ্বিতীয় পৰ্যায় আৰু ৫ম নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাৰ স্থান আৰু খেলসূচী চূড়ান্ত কৰা।

সভাত দুয়োখন প্ৰতিযোগিতা সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে স্থান নিৰ্বাচন, খেলৰ সময়সূচী, খেলুৱৈ আৰু আয়োজক সংস্থাৰ মাজৰ সমন্বয়, লগতে অন্যান্য প্ৰযুক্তিগত দিশসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।

এচিএ কৰ্তৃপক্ষই জনায় যে সঠিক পৰিকল্পনা আৰু সংগঠনৰ মাধ্যমে আগন্তুক প্ৰতিযোগিতাসমূহ অধিক সফলভাৱে আয়োজন কৰাৰ লক্ষ্য লোৱা হৈছে, যাতে ৰাজ্যৰ ক্ৰিকেট খেলুৱৈসকলে উন্নত সুযোগ লাভ কৰিব পাৰে আৰু ক্ৰীড়া সংস্কৃতি অধিক শক্তিশালী হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!