অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ASSAM BOOKFAIR: গ্ৰন্থমেলা পাঠক সমাজ গঢ়ি তোলাৰ মহৎ পদক্ষেপঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Spread the love

ভাষা-সাহিত্য-সংস্কৃতিৰ পীঠস্থানত পৰিনত অসম গ্ৰন্থমেলা, গুৱাহাটী

গ্ৰন্থমেলা পাঠক সমাজ গঢ়ি তোলাৰ মহৎ পদক্ষেপঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত লেখক-পাঠক সমাৰোহ

দহ দিনত ৫ কোটি ২০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী

DD TIMES গুৱাহাটী, ২ জানুৱাৰীঃ “গ্ৰন্থমেলা হৈছে কিতাপৰ তীৰ্থস্থান ৷ এখন শক্তিশালী পাঠক সমাজ গঢ়ি উঠিলে জাতিটোও শক্তিশালী হ’ব ৷ গ্ৰন্থমেলা পাঠক সমাজ গঢ়ি তোলাৰ মহৎ পদক্ষেপ ৷”— এই মন্তব্য কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত আজি বিয়লি গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰি এনেদৰে কয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৷ তেওঁ কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলাৰ জৰিয়তে ৰাজ্যখনত বৌদ্ধিক আন্দোলন শক্তিশালী কৰিছে ৷

মানৱ সমাজে সন্মুখীন হোৱা সকলো প্ৰত্যাহ্বানৰ উত্তৰ আছে গ্ৰন্থত ৷ প্ৰযুক্তিয়ে সম্প্ৰতি মানুহক গ্ৰাস কৰিছে সঁচা ৷ কিন্তু সম্পূৰ্ণ সফলতা অৰ্জন কৰিবলৈ অধ্যয়নৰ বিকল্প নাই ৷ সফলতাৰ বাবে অধ্যয়নত মগ্ন হ’বই লাগিব ৷ সফলতা অৰ্জনৰ কোনো চমু পথ নাই ৷ জ্ঞান অৰ্জন আৰু জ্ঞান চৰ্চাৰ পৰম্পৰাইহে জাতিক শক্তিশালী কৰে ৷ তেওঁ লগতে কয় যে এসময়ত অসম প্ৰকাশন পৰিষদ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷

কিন্তু এতিয়া পৰিষদে মূৰ দাঙি নতুন গতি লৈছে ৷ অসম গ্ৰন্থমেলালৈ ৰাইজৰ বিপুল সঁহাৰি উৎসাহজনক ৷ অধ্যয়নৰ পৰিৱেশ গঢ়া, বিদ্যায়তনিক সুস্থ বাতাৱৰণ সৃষ্টি কৰাত গ্ৰন্থমেলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে পুনৰ কয়— “২০৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ এশ বছৰ হ’ব ৷ তেতিয়ালৈ আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ চৰকাৰে পদক্ষেপ লৈছে ৷ ইয়াৰ বাবে আমিও এতিয়াৰ পৰাই নিজকে প্ৰস্তুত কৰিব লাগিব ৷” উল্লেখ্য যে আজি দশম দিনাও উৎসাহী গ্ৰন্থপ্ৰেমীৰ সমাগম, সাহিত্য ৰসিকৰ আড্ডা-আলোচনা, লেখক-পাঠক সমাৰোহ আদি বিভিন্ন মনোজ্ঞ কাৰ্যসূচীয়ে আকৰ্ষণীয় কৰি তোলে অসম গ্ৰন্থমেলা, গুৱাহাটী ৷

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা কাৰ্যতঃ ভাষা-সাহিত্য-সংস্কৃতিৰ পীঠস্থানলৈ ৰূপান্তৰিত হৈছে ৷

বিপণীত পঢ়ুৱৈৰ উপস্থিতিয়ে প্ৰকাশন গোষ্ঠী সমূহকো বাৰুকৈয়ে উৎসাহিত কৰা পৰিলক্ষিত হৈছে ৷ যোৱা ২৪ ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত দহদিনত প্ৰায় ৫ কোটি ২০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে ৷

ইপিনে আজি বিয়লি ২-৩০ বজাত গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত আয়োজিত হয় “সাহিত্য আলচ” শীৰ্ষক লেখক-পাঠক সমাৰোহ ৷

এই অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট কবি-সমালোচক, জ্যেষ্ঠ আৰক্ষী বিষয়া নোমল মাহাত্তাই ৷ তেওঁ কয় যে লেখকৰ বাবে পাঠকৰ ভূমিকা সদায় গুৰুত্বপূৰ্ণ ৷ পঢ়ুৱৈ সমাজ এখন গঢ় লৈ নুঠিলে লেখকৰ সৃষ্টিৰ প্ৰয়াস সফল হ’ব নোৱাৰে ৷ পঢ়ুৱৈ সমাজখন গঢ়ি তোলাৰ দায়িত্ব কিন্তু লেখকৰ ৷

গতিকে লেখক-পাঠক মিলিত হ’ব পৰা এনে অনুষ্ঠানৰ প্ৰয়োজন আছে ৷ লেখক-পাঠকৰ সম্পৰ্কটো সমান্তৰাল সম্পৰ্ক ৷ উভয়ে সমানে আগবাঢ়িব লাগিব ৷


ইয়াত বিশিষ্ট লেখক-অনুবাদক, জ্যেষ্ঠ আৰক্ষী বিষয়া প্ৰশান্ত সাগৰ চাংমাই সন্মানীয় অতিথিৰূপে উপস্থিত থাকে ৷ তেওঁ কয়— “ মই পাঠক হিচাপে পঢ়ি বৰ আনন্দ লাভ কৰোঁ ৷ অসম আন্দোলনৰ সময়ত দেৱালত হীৰুদাৰ কবিতাৰ পংক্তি ‘দেশ বুলিলে আদেশ নালাগে’ সকলোৱে পঢ়িছিলো আৰু সেই কবিতাৰে আমাৰ সম্পৰ্ক গঢ়ি উঠিছিল ৷ তাৰ পাছত কবিতাৰ প্ৰতি আকৰ্ষণ জাগিল ৷ এই কথাখিনিতে লেখক-পাঠকৰ সম্পৰ্কৰ অৰ্থ নিহিত হৈ আছে ৷”

তেওঁ অনুষ্ঠানত এটি কবিতাও পাঠ কৰে ৷ লেখক-পাঠক সমাৰোহ সঞ্চালনা কৰে জ্যেষ্ঠ সাংবাদিক-লেখক, অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে ৷

সঞ্চালকৰ বক্তব্যত তেওঁ কয়— “পঠনৰ জৰিয়তে লেখক-পাঠকৰ সম্পৰ্ক গঢ়ি উঠে ৷ পাঠকৰ মনৰ খোৰাক যোগাবলৈ লেখকসকল সক্ষম হ’ব লাগিব ৷ অৰ্থাৎ নতুন চিন্তাৰে পাঠকক আলোড়িত কৰিব পাৰিব লাগিব ৷ এই অনুষ্ঠান লেখক-পাঠক উভয়ৰে উত্তৰণৰ ক্ষেত্ৰত নিশ্চয় সহায়ক হ’ব ৷”

লেখক-পাঠক সমাৰোহত অংশগ্ৰহণ কৰে ড° অসমী গগৈ, হিমাংশু ভাৱগতী, পদুমী গগৈ, মিলন নেওগ, স্মৃতিৰেখা ভূঞা, মন্দিৰা গগৈ, নিভাৰাণী ৰয়, গীতা কলিতা, মনালিছা শৰ্মা, প্ৰীতিৰেখা ভূঞা, জিন্টু শৰ্মা, ড° জয়ন্ত কুমাৰ ডেকা, মদাৰজ্যোতি,ড° দীপশিখা ভাগৱতী, উৎপল ডেকা, নন্দিতা ৰয়, পুৰন্দৰ পাটগিৰি, মুনীন্দ্ৰ বৈশ্য, ৰ’দালি চেতিয়া, কমল কুমাৰ, চিত্তৰঞ্জন ওজা, ডাঃ জয়ন্ত কুমাৰ ডেকা, দীম্পি ভৰালীয়ে ৷

ইপিনে সন্ধিয়া জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহৰ মঞ্চত সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰে জনপ্ৰিয় চলচ্চিত্ৰ অভিনেত্ৰী আইমী বৰুৱাই ৷ তেওঁ কয় যে অসমত প্ৰতিভাৰ অভাৱ নাই ৷

নতুন প্ৰতিভাৰে অসমখন ভৰি আছে ৷ প্ৰত্যেকে নিজৰ স্বকীয় প্ৰতিভা বিকাশ কৰাৰ লগতে অধ্যয়নশীল হ’লে সৰ্বদিশেৰে সফলতা আহিব ৷ তেওঁ নিয়ন্ত্ৰণহীন মোবাইল আসক্তিৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক আঁতৰত থাকিবলৈ আহ্বান জনায় ৷

এইক্ষেত্ৰত অভিভাৱক আৰু শিক্ষকসকলে দায়িত্বশীলতা প্ৰদৰ্শন কৰা উচিত বুলি কয় তেওঁ ৷ আজিৰ মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে গুৱাহাটী পাব্লিক স্কুল, পাঞ্জাৱৰী, অসম জাতীয় বিদ্যালয়, নুনমাটি আৰু কটন বিশ্ববিদ্যালয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!