অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASSAM BOOK FAIR 2025: অসম গ্ৰন্থমেলা, বঙাইগাঁৱত জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত লেখক-পাঠকৰ আড্ডা

Spread the love

অসম গ্ৰন্থমেলা , বঙাইগাঁৱত আাশাব্যঞ্জক কিতাপ বিক্ৰীৰ হাৰ

জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত লেখক-পাঠকৰ আড্ডা

গ্ৰন্থ আন্দোলনে অসমত নতুন গতি লৈছেঃ দিলীপ চন্দন

গ্ৰন্থমেলা লেখক-পাঠক মিলিত হোৱাৰ উপযুক্ত ঠাইঃ অচ্যুত কুমাৰ পাটোৱাৰী

DD TIMES বঙাইগাঁও, ২৪ অক্টোবৰঃ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি পশ্চিম অসমৰ অন্যতম বাণিজ্যিক প্ৰাণকেন্দ্ৰ বঙাইগাঁৱত অনুষ্ঠিত হোৱা ২০২৫-২৬ৰ প্ৰথমখন অসম গ্ৰন্থমেলাত কিতাপ বিক্ৰীৰ হাৰ আশাব্যঞ্জক হৈছে ৷


অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত আঠদিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাৰ আজি তৃতীয় দিনালৈ কিতাপ বিক্ৰীৰ পৰিমাণ দেখি অংশগ্ৰহণকাৰী প্ৰকাশক তথা বিক্ৰেতা গোষ্ঠীসমূহ উৎসাহিত হোৱা বুলি সদৰী কৰিছে ৷ ইপিনে আজি বিয়লি গ্ৰন্থমেলা প্ৰাংগণৰ জুবিন গাৰ্গ সোৱঁৰণী অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় লেখক-পাঠকৰ আড্ডা ৷ এই আকৰ্ষণীয় অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট সাংবাদিক-ঔপন্যাসিক দিলীপ চন্দনে ৷ উদ্বোধনী ভাষণত তেওঁ কয় যে অসমত গ্ৰন্থমেলা অনুষ্ঠিত কৰি বৌদ্ধিক আন্দোলনৰ গুৰি ধৰিছিল বিশিষ্ট সাহিত্যিক প্ৰয়াত চন্দ্ৰপ্ৰসাদ শইকীয়াই ৷ অসম প্ৰকাশন পৰিষদৰ জৰিয়তেই এই আন্দোলনৰ শুভাৰম্ভ ঘটিছিল ৷ অৱশ্যে বিভিন্ন কাৰণত, বিশেষকৈ মোবাইল ফোনৰ সৌজন্যত সামাজিক মাধ্যমৰ ব্যাপক ব্যৱহাৰে মানুহক কিতাপৰ পৰা অন্য বিষয়লৈ টানি নিয়া, ক’ভিড মহামাৰীৰ পৰিণতিতো মাজতে এই ধাৰাটো যেন কিছু পৰিমাণে থমকি ৰৈছিল ৷ সম্প্ৰতি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু সংস্থাই ৰাজ্যখনৰ বিভিন্ন স্থানত অসম গ্ৰন্থমেলা আয়োজন কৰি বৌদ্ধিক আন্দোলনটোক নতুনকৈ গতি প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷ লেখক-পাঠকৰ আড্ডা অনুষ্ঠানটি আকৰ্ষণীয় ৰূপত সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক, গ্ৰন্থকাৰ অচ্যুত কুমাৰ পাটোৱাৰীয়ে ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে গ্ৰন্থমেলা হৈছে লেখক-পাঠক মিলিত হোৱাৰ উপযুক্ত ঠাই ৷ পাঠক অবিহনে লেখকৰ উত্তৰণ নঘটে নাইবা সৃষ্টিৰ মূল্যায়ন হোৱাত অসুবিধা হয় ৷ সেয়েহে এনে অনুষ্ঠান লেখক আৰু পাঠক উভয়ৰে বাবে গুৰুত্বপূৰ্ণ ৷ অসম প্ৰকাশন পৰিষদে লেখকসকলক উৎসাহিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ এয়া বৌদ্ধিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আশাৰ বতৰা ৷ কবি-লেখক নৱজ্যোতি পাঠকে আঁত ধৰা লেখক-পাঠকৰ আড্ডাত অংশগ্ৰহণ কৰে নৰেন্দ্ৰ নাথ ৰয়, পিংকুজিৎ, ড° নুৰুল ইছলাম, কনিকা দাস, ধীৰেশ চন্দ্ৰ ৰয়, সমীৰ কুমাৰ সূত্ৰধৰ, অৰিন্দম চক্ৰৱৰ্তী, ৰঞ্জিত শৰ্মা, বীৰূপাক্ষ, ডাঃ গৌতম দাস, ৰোহিনী কুমাৰ চৌধুৰী, চুলতান আলি আহমেদ, প্ৰশান্ত ৰাভা, ৰিপুঞ্জয় বেজবৰুৱা, সৌমকৰ বসুমতাৰীয়ে ৷ ইয়াৰ পাছতে প্ৰবোধ দাসে আঁত ধৰা অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ তৃতীয় দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, বঙাইগাঁও ইংলিছ মিডিয়াম স্কুল আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!