Assam-Arunachal Pradesh Border: অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ জয়ৰামপুৰৰ বিবদমান ভূমিত ভ*য়ং*কৰ অ*গ্নি*কা*ণ্ড
অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ জয়ৰামপুৰৰ বিবদমান ভূমিত ভয়ংকৰ অগ্নিকাণ্ড
অগ্নিকাণ্ডত জাহ গ’ল বনাঞ্চলৰ শ শ গছ-গছনি

DD TIMES গোগামুখ, ৯ জানুৱাৰীঃ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী জয়ৰামপুৰৰ বিবদমান ভূমিত আজি হঠাতে অহা ভয়ংকৰ অগ্নিকাণ্ডই গ্ৰাস কৰে ৷
ফলত উক্ত ভূমিত থকা বনাঞ্চলৰ শ শ গছ-গছনি আৰু দুস্প্ৰাপ্য সৰু-বৰ জীৱ-জন্তু জুইৰ লেলিহান শিখাত মৃত্যুক সাৱতি ল’বলগা হৈছে ৷
ঘটনাৰ বিৱৰণি মতে অসমৰ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰ তথা সোৱণশিৰি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত কেচাঁইকাঠনি আৰু অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ কংকুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলনীবাৰীৰ মাজ অংশৰ বিবদমান ঘন হাবিত আজি বিয়লি ৩ বজাত উক্ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷
প্ৰাপ্ত তথ্যমতে বনাঞ্চলৰ কাষতে লাগি থকা জীয়াধল নদীৰ পাৰত আজি বহুলোকে বনভোজ খাই বনাঞ্চলখনৰ মাজ অংশত থকা লুংলুঙীয়া বাটেৰে ঘৰলৈ উভতি আহিছিল ৷
এনে সময়তে উক্ত বিবদমান ভূমিত দাউ দাউকৈ জ্বলি উঠা স্থানীয় ৰাইজৰ লগতে বনভোজৰ দলসমূহে প্ৰত্যক্ষ কৰে ৷
জুইৰ লেলিহান শিখা ইমানেই তীব্ৰ আছিল যে স্থানীয় ৰাইজ বা বনভোজৰ দলৰ কোনো এগৰাকী লোকে জুই নুমাবলৈ আগবাঢ়ি নাহিল ৷
ইয়াৰ বিপৰীতে জুইৰ তীব্ৰতা দেখি বনাঞ্চলখনৰ মাজত থকা অহা-যোৱা বাটৰ সলনি অন্য বাটেৰে বনভোজৰ দলসমূহ ঘৰলৈ উভতি যায় ৷
উক্ত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত বনাঞ্চলৰ মাজত থকা এখন অৰুণাচলী লোকৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে প্ৰায় এশ বিঘা ভূমিৰ বনাঞ্চল জ্বলি চাৰখাৰ হৈ গৈছে আৰু অগনন দুস্প্ৰাপ্য জীৱ- জন্তু, পোক-পৰুৱা জুইত জাহ গৈছে ৷
বনাঞ্চলখনৰ পথৰ দুয়োপাৰে জুইয়ে একে সময়তে জ্বলি উঠালৈ চাই একাংশ দুস্কৃতিকাৰীয়ে বনাঞ্চলখনত অগ্নি সংযোগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
উল্লেখ্য, উক্ত বনাঞ্চলখনত ইয়াৰ পূৰ্বেও দুবাৰকৈ অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু দুয়োটা অগ্নিকাণ্ড দুস্কৃতিকাৰীয়ে সংঘটিত কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰি আহিছে যদিও অসম-অৰুণাচল প্ৰদেশ চৰকাৰে আজিলৈকে দুস্কৃতিকাৰীৰ সন্ধান ওলাব নোৱাৰিলে ৷
আনকি ভূমি বিবাদৰ গইনা লৈ দুয়োখন ৰাজ্যৰ প্ৰশাসনে জুই নিৰ্বাপনৰ বাবেও আজি কোনো প্ৰচেষ্টা চলোৱা দেখা নগ’ল ৷

