ASSAM AND GUWAHATI: জ্ঞান আৰু বিনয়ত দুৰ্দান্ত লোকেও শান্ত হয়ঃ ড° বসন্ত কুমাৰ গোস্বামী
জ্যোতি চিত্ৰবনত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ অধিৱেশনৰ সফল সামৰণি
জ্ঞান আৰু বিনয়ত দুৰ্দান্ত লোকেও শান্ত হয়ঃ ড° বসন্ত কুমাৰ গোস্বামী

DD TIMES গুৱাহাটী, ১৬ মাৰ্চঃ “ইতিহাসৰ প্ৰতি শ্ৰদ্ধা আৰু দায়িত্বশীল কামৰূপ মহানগৰ জিলা সাহিত্য সভা। সভাপতি-সম্পাদক সেইবাবে ধন্যবাদৰ পাত্ৰ। চৰকাৰসমূহে স্বাস্থ আৰু শিক্ষা শিতানত বেছি টকা ব্যয় কৰিব লাগে। চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত সুপ্ৰশিক্ষণপ্ৰাপ্ত ইংৰাজী শিক্ষক নিয়োগ কৰিব লাগে”—– কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ ১৫সংখ্যক বাৰ্ষিক অধিৱেশনৰ কালি বিয়লি অনুষ্ঠিত মুকলি সভাত অংশ লৈ অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে এনেদৰে কয়।

কাহিলিপাৰা জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহৰ মুকলি বাকৰিত কাহিলিপাৰা শতদল শাখা, জাপৰিগোগ শতদল শাখা আৰু দিশপুৰ শাখাৰ যৌথ সহযোগত অনুষ্ঠিত সভাত অসম সাহিত্য সভাৰ সভাপতি ড° গোস্বামীয়ে আৰু কয়- “সমন্বয় একপক্ষীয় নহয়। দুয়োপক্ষৰ মাজত বুজাবুজি থাকিব লাগিব।
জ্ঞান আৰু বিনয়ত দুৰ্দান্ত লোকেও শান্ত হয়। সাহিত্য সভা বৰ্তমান পোহৰৰ সন্ধানত ৰত।” মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ আদিতে “চিৰ চেনেহী মোৰ ভাষা জননী” গীত পৰিৱেশন কৰে। জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্তই আঁত ধৰা, উদ্দেশ্য ব্যাখ্যা, প্ৰতিৰেদন পাঠ কৰা সভাৰ আদৰণি ভাষণ দিয়ে আদৰণি সমিতিৰ সভাপতি ভূপেন্দ্ৰ চন্দ্ৰ শৰ্মাই।
সভাৰ বাৰ্ষিক মুখপত্ৰ “কামৰূপজ্যোতি” উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই। তিনিমহীয়া বাৰ্তা আলোচনী “কামৰূপ মহানগৰ বাৰ্তা” (মুখ্য সম্পাদকঃ নৰেন ৰয়, সম্পাদকঃ দীপক শৰ্মা) উনোোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয়- “অসম সাহিত্য সভা আৰু কামৰূপ মহানগৰ সাহিত্য সভাৰ বাৰ্তা একে সমান হৈছে। হৃদয় – মগজুৰ পৰা মানুহক ভাল পাব লাগে। হৃদয়ৰ পৰিভাষা জানিব-বুজিব লাগে। সত্যৰ সন্ধানত আমি থাকিব লাগে।”
সভাত দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকা, অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মা, প্ৰাক্তন উপ-সভাপতি কনক চন্দ্ৰ শৰ্মা, প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰী, গোবিন্দ কলিতা, ৰত্নেশ্বৰ বসুমতাৰী, দিনমণি ভাণ্ডাৰ কায়স্থ, মিহিৰ কুমাৰ বৰুৱা, কমল কলিতা প্ৰভৃতিয়ে বিশিষ্ট আতিথি হিচাপে অংশ লয়।
সভাত অখিল চন্দ্ৰ দাসৰ কবিতা পুথি ‘দোভাগ নিশাৰ চকুলো’, কৃষ্ণকান্ত তালুকদাৰৰ সংকলিত ‘জানিবলগীয়া কথা’, দ্বীজেন বৰ্মণৰ উপন্যাস ‘অতীতৰ সুবাস বিচাৰি’, সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্যৰ অনুদিত উপন্যাস ‘ৰেভ ক্লাড’, কিৰণ দাস সম্পাদিত ‘লুইতপৰীয়া কাব্য সংকলন’ আদি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।
সভাত ভিন ভিন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। শলাগৰ শৰাই আগবঢ়াই আদৰণি সমিতিৰ সম্পাদক বিতুমণি গোস্বামীয়ে।ইয়াৰ পিছতে সাংস্কৃতিক আহ্বায়ক পদুমী পাঠকৰ পৰিচালনাত অনুষ্ঠিত মনোৰম সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে সাংস্কৃতিক কৰ্মী ড° সঞ্জীৱ কুমাৰ শৰ্মাই। পুৱাৰ ভাগত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে সংগীত পৰিচালক, শিল্পী ডা: হিতেশ বৰুৱাই।
প্ৰথমদিনা পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মণে। ইয়াৰ লগতে ১৪খন পতাকা উত্তোলন কৰে কেইবাগৰাকী বিশিষ্ট সাহিত্যিকে। ইয়াৰ পিছত স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন কৰে ক্ৰমে জিলা উপসভাপতি জ্যোতিৰ্ময়ী ডেকা, আদৰণি সমিতিৰ সভাপতি ভূপেন্দ্ৰ চন্দ্ৰ শৰ্মাই। প্ৰতিনিধি আৰু অন্যান্য সদস্যৰ পঞ্জীয়নৰ অন্তত গ্ৰন্থ প্ৰদৰ্শনী উদ্ধোধন কৰে পদ্মশ্ৰী ডা: ইলিয়াছ আলীয়ে। ১১ বজাত কুঁহি অনুষ্ঠান উদ্ধোধন কৰে সাহিত্য অকাডেমী বঁটা প্ৰাপক সুৰেন্দ্ৰ মোহন দাসে।
আকাশ অনুষ্ঠান উদ্ধোধন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি বিষ্ণু ডেকাই। ৰামধেনু অনুষ্ঠান উদ্ধোধন কৰে অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব ড° অসমী গগৈয়ে।
মাতৃভাষা আৰু ৰাজ্যভাষাৰ অনুষ্ঠান উদ্ধোধন কৰে সাহিত্য অকাডেমী বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাই। অনুবাদ প্ৰকল্প অনুষ্ঠান উদ্ধোধন কৰে বিশিষ্ট পণ্ডিত, শিক্ষাবিদ, সাহিত্যিক ড° দয়ানন্দ পাঠকৈ। খিলঞ্জীয়া অনুষ্ঠান উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° উপেন ৰাভা হাকাচামে।
যুৱ সংসদ অনুষ্ঠান উদ্ধোধন কৰে লেখিকা মণিকুন্তুলা ভট্টাচাৰ্যই। প্ৰবল প্ৰাকৃতিক দুৰ্যোগৰ মাজতো কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ অধিৱেশন সফল কৰি তোলা বাবে জিলাৰ অধীনৰ শাখা সাহিত্য সভাসমূহ, বিভিন্ন সংবাদ-সাহিত্যকৰ্মীৰ শলাগ জনাইছে জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্ত, প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা, আদৰণি সমিতিৰ সম্পাদক বিতুমণি গোস্বামীয়ে।

