ASSAM: বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ড° নগেন শইকীয়াক ‘মহীৰূহ’ উপাধি প্ৰদান
বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ড° নগেন শইকীয়াক ‘মহীৰূহ’ উপাধি প্ৰদান
DD TIMES ডিব্ৰুগড়, ২৬ ছেপ্টেম্বৰঃ ড° নগেন শইকীয়াক আজি “কুটুম্ব সুৰক্ষা পৰিষদ”ৰ সূত্ৰধাৰ শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু আধ্যাত্মিক-সাংস্কৃতিক সন্মিলনত “মহীৰূহ” উপাধি প্ৰদান কৰা হয়। অসম আৰু অসমীয়া জাতীয় জীৱনলৈ তেখেতৰ অনন্য অৱদানৰ প্ৰতীক স্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে।

ড° শইকীয়াৰ ডিব্ৰুগড়ৰ বাসগৃহত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত উপাধি প্ৰদানৰ সময়ত উপস্থিত আছিল পৰিষদৰ সাধাৰণ সম্পাদক অমিয়া নেওগ কলিতা, দিনজয় সত্ৰৰ সত্ৰাধিকাৰ তথা পৰিষদৰ ধৰ্মাচাৰ্য্য মণ্ডলীৰ সভাপতি মুকুন্দ চন্দ্ৰ গোস্বামী, লগতে বিশিষ্ট শিক্ষাবিদ আৰু কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° জয়কৃষ্ণ মহন্ত৷

উক্ত অনুষ্ঠানৰ জৰিয়তে ড° শইকীয়াই শিক্ষা, সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰত কৰা অৱদানক জনসাধাৰণৰ মাজত স্বীকৃতি দিয়া হৈছে। সকলোৱে শইকীয়াৰ সু-স্বাস্থ্য আৰু দীৰ্ঘাযূ কামনা কৰে।এই সন্মান প্ৰদান অনুষ্ঠান অসমৰ সাংস্কৃতিক আৰু শিক্ষাগত ক্ষেত্ৰত এক বিশেষ মুহূৰ্ত হিচাপে পৰিগণিত হৈছে।