অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASSAM: প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ শোক

Spread the love

প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ গভীৰ শ্ৰদ্ধাঞ্জলি, সভাপতি গৌৰৱ গগৈৰ শোক প্ৰকাশ

DD TIMES গুৱাহাটী, ১৬ ডিচেম্বৰঃ ৰাধাগোবিন্দ বৰুৱাৰ উত্তৰসূৰী, অসমৰ সংবাদ মাধ্যমৰ বুনিয়াদ গঢ়োতা প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে ১৫ ডিচেম্বৰত এক শোকবাৰ্তাত কয় যে প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দৰে সচেতন আৰু দায়ৱদ্ধ এজন জ্যেষ্ঠ সাংবাদিক আমাৰ মাজৰ পৰা হেৰাই যোৱাতো জাতিটোৰ বাবে দুখৰ খবৰ।

প্ৰফুল্ল গোবিন্দ বৰুৱাই সাংবাদিকতাৰ জৰিয়তে অসমৰ সাংবাদিকতাৰ গণতান্ত্ৰিক পৰিকাঠামো অধিক শক্তিশালী কৰাৰ লগতে চতুৰ্থ স্তম্ভৰ মৰ্যাদা আৰু দৃঢ়তা অধিক শক্তিশালী কৰি গঢ়ি তুলিছিল।

তেখেতৰ মৃত্যুত এগৰাকী আদৰ্শৱান সাংবাদিক নোহোৱা হৈ গ’ল যদিও যশ আৰু খ্যাতিয়ে অসম তথা দেশৰ ইতিহাসত তেখেতৰ নাম সোণালী আখৰেৰে জিলিকি থাকিব বুলি গগৈয়ে কয়। ইফালে, প্ৰফুল্ল গোবিন্দ বৰুৱাৰ শেষকৃত্যত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন সাংসদ তথা উপ-সভাপতি ৰামপ্ৰসাদ শৰ্মা, উপ-সভাপতি মেহদী আলম বৰা, জ্যেষ্ঠ কংগ্ৰেছ নেতা বলীন কুলী, সম্পাদক উমেশ ডেকা, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰঞ্জিত ঠাকুৰীয়া, হৰিচৰণ ভট্টাচাৰ্য উপস্থিত থাকে।

ইফালে, প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ট্ৰিবিউন বিল্ডিঙলৈ গৈ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। বৰাই ট্ৰিবিউন গোষ্ঠীৰ কৰ্মীসকলৰ কাষত উপস্থিত হৈ দুখৰ সমভাগী হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!