অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASSAM: এইবাৰৰ নিৰ্বাচন অসমৰ ৰাইজ বনাম ৰজাৰ মাজত হ’বঃ গৌৰৱ গগৈ

Spread the love

ডিব্ৰুগড়ত নাগৰিক সন্মিলনৰ গণ অভিৱৰ্তনত গৌৰৱ গগৈয়ে ক’লে, ‘এইবাৰৰ নিৰ্বাচন অসমৰ ৰাইজ বনাম ৰজাৰ মাজত হ’ব’

DD TIMES গুৱাহাটী, ২ জানুৱাৰীঃ এইবাৰৰ নিৰ্বাচন অসমৰ ৰাইজ বনাম ৰজাৰ মাজত হ’ব। ডিব্ৰুগড় জিলাৰ আমোলাপট্টি নাট্য মন্দিৰত গণতন্ত্ৰ আৰু নাগৰিক অধিকাৰ ৰক্ষাৰ দাবীত ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনে আয়োজন কৰা “গণ অভিৱৰ্তন”ত ভাগ লৈ আজি এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে।

তেওঁ আৰু কয়, ”ভাৰতীয় নাগৰিকসকলক সংবিধানে ভোটদানৰ লগতে চৰকাৰৰ অন্যায়-অনীতিক সমালোচনা কৰাৰ অধিকাৰো দিছে৷ প্ৰশ্ন সোধাৰ অধিকাৰ অবিহনে গণতন্ত্ৰ অসম্ভৱ৷ বিভিন্ন ৰাজনৈতিক দলৰ বিচাৰ-বিবেচনাক প্ৰশ্ন কৰাৰ অধিকাৰ সকলোৰে আছে৷ চৰকাৰকো ৰাইজে প্ৰশ্ন কৰিব পাৰে৷ চৰকাৰে স্বাস্থ্য, শিক্ষা, আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিধৰণৰ কাম কেনেকৈ কৰিছে সেয়া জানিব বিচৰাতো ৰাইজৰ অধিকাৰ৷ কিন্তু এইখন চৰকাৰে ৰাইজক অধিকাৰ দিব নোখোজে৷

জনতাক ক্ষমতা দিব নিবিচাৰে৷ তেওঁলোকৰ ৰাজনৈতিক আদৰ্শ হৈছে পুৰণিকলীয়া ৰজাৰ দৰে থকা৷ দিল্লীত মহাৰজা বহি আছে৷ যি যি ৰাজ্যত তেওঁলোকৰ চৰকাৰ আছে তাত একোজনকৈ ৰজাক বহুৱাই ৰাখিছে৷’’ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু কয় যে ৰজাই নিজকে ভাল দেখুৱাবলৈ সময়ে সময়ে কিছু সামগ্ৰী প্ৰজাৰ মাজত বিতৰণ কৰে৷ তাৰ পিছত নিজৰ ইচ্ছা মতে নিজৰ লগত ভাল সম্পৰ্ক থকা মানুহক সহায় কৰে৷

এইখন চৰকাৰৰ দিনত সকলোতে একেই ব্যৱহাৰ চলিছে বুলিও কয় গগৈয়ে৷ তেওঁ কয়, ”প্ৰজাসকলক ৰজাৰূপী এইখন চৰকাৰে কিছু আঁচনি দিছে৷ ৰাইজৰ ৰাজহৰ টকা আঁচনিযোগে প্ৰতিগৰাকী লোকক দিয়াটো প্ৰতিখন চৰকাৰৰ কৰ্তব্য৷ কিন্তু এইবাৰ আমি দেখিছো যে এই আঁচনিৰ লগত ৰজাই কিছু চৰ্ত বান্ধি দিছে৷ আঁচনি পাবলগীয়া হ’লে বেলেগ দলৰ হ’ব নোৱাৰিব৷

বেলেগ দলৰ সভালৈ যাব নোৱাৰিব৷ তোমালোকে আমাক প্ৰশ্ন কৰিব নোৱাৰা, সমালোচনা কৰিব নোৱাৰা৷ যদি তেনে কৰা তেন্তে তোমোলাকৰ আঁচনি আমি কৰ্তন কৰি দিম৷ এয়া হ’ল তেওঁলোকৰ ব্যৱহাৰ, তেওঁলোকৰ অহংকাৰ৷’’ বিজেপি দলে সদায়েই ক্ষমতাত থাকিব বুলি ভাবি লৈ এনেধৰণৰ দাবী-ধমকিৰে চৰকাৰ চলাই অহাতো গণতান্ত্ৰিক দেশ এখনৰ বাবে অতিশয় দুৰ্ভাগ্যজনক বুলিও তেওঁ উল্লেখ কৰে।

কংগ্ৰেছ দলে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত থাকি ভাল পায় বুলিও কয় গগৈয়ে। তেওঁ আৰু কয়, ”তেওঁলোকৰ ক্ষমতা আৰু ৰাইজৰ বাস্তৱিক শক্তিৰ কথা আমি পুনৰবাৰ মনত পেলাই দিব খুজিছো৷ যিকলে দিল্লী আৰু দিছপুৰত বহি আছে তেওঁলোক চিৰদিন বহিব পাৰিব বুলি তেনে কোনো কথা নাই৷ ৰাইজ যদি একত্ৰিত হৈ সজাগ হয় তেতিয়া এইসকলক এক ছেকেণ্ডত চকীৰ পৰা আঁতৰাব পাৰি৷ কিন্তু ৰাইজ একত্ৰিত হ’ব লাগিব৷’’

এইখন চৰকাৰে ৰাইজ একত্ৰিত হ’লে বিভাজনৰ ৰাজনীতি কৰে বুলিও গগৈয়ে অভিযোগ কৰে৷ গগৈয়ে কয়, ”কেতিয়াবা ধৰ্ম, কেতিয়াবা ভাষাৰ নামত, কেতিয়াবা উজনি-নামনিৰ নামত, কাৰ্বি-অনাকাৰ্বিৰ মাজত, বড়ো-অবড়োৰ মাজত, মিছিং-আহোমৰ মাজত, মৰাণ-চুতীয়াৰ মাজত বিভাজনৰ সৃষ্টি কৰি বিজেপিয়ে একতা ধ্বংস কৰাৰ চেষ্টা চলায়৷’’ বিজেপি দলৰ এনে জালত ৰাইজক ভৰি নিদিবলৈকো গগৈয়ে আহ্বান জনায়৷ বিজেপিৰ কূট-কৌশলৰ সম্পৰ্কে ৰাইজক সজাগ হ’বলৈ আহ্বান জনাই গগৈয়ে কয়, ”তেওঁলোকৰ উদ্দেশ্যে হৈছে আমাৰ মনটোক বেলেগ দিশে লৈ যোৱা, বাস্তৱিক কথাৰ পৰা আঁতৰাই ৰখা।

বিজেপিয়ে বিচাৰে যে তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া বিষয়ৰ ওপৰত আমি চৰ্চা কৰি সময়বোৰ পাৰ কৰি দিও৷’’ বিজেপিৰ এনে চক্ৰান্তৰ কথা যাতে সাধাৰণ ৰাইজে বুজি পাব পাৰে তাৰ বাবে সচেতন লোকসকলে সজাগতা সৃষ্টি কৰিব লাগিব বুলিও কয় গগৈয়ে৷ ৰাইজক সজাগ কৰাতো প্ৰতিজন সচেতন লোকৰ দায়িত্ব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে ৰাজনৈতিক দল, সামাজিক সংগঠন, সচেতন লোক আৰু সাংবাদিকসকলে এই দায়িত্ব পালন কৰাতো হৈছে সময়ৰ আহ্বান৷

অসমৰ জনসাধাৰণক ব্লেকমেইল কৰিবলৈ চৰকাৰে লাখ লাখ কোটি টকা ঋণ লৈ স্বনিয়োজনৰ পৰিৱৰ্তে হিতাধিকাৰী সৃষ্টিত উঠি-পৰি লাগিছে বুলি উল্লেখ কৰি গগৈয়ে সকলোকে সতৰ্ক কৰি দিয়ে। গগৈয়ে কয়, ”আঁচনিৰ নামত জনসাধৰণক ভয়-ভাবুকি দিয়াৰ ৰাজনীতি অহা বিধানসভাৰ নিৰ্বাচনত আমি ৰুদ্ধ কৰিম৷ এই ৰাজনীতিক অসমৰ পৰা বিদায় দিম৷ আঁচনি আগতেও আছিল, আগলৈও থাকিব, কিন্তু যিসকলে পাব লাগে তেওঁলোকে দল-মত নিৰ্বিশেষে পাব লাগিব৷ পৰৱৰ্তী দিনত আৰু ভাল ভাল আঁচনি আহিব। কিন্তু আমি নুসোধো তুমি কোন দলৰ সদস্য৷ দুখীয়া মানুহে আঁচনি পাব লাগিব৷ এয়া গণতান্ত্ৰিক চৰকাৰৰ কৰ্তব্য৷’’

গগৈয়ে অভিযোগ কৰি কয় যে বিজেপি চৰকাৰে আঁচনি দিয়া মানেই তেওঁলোকৰ কাম সম্পূৰ্ণ হৈ গ’ল বুলি ভাবে৷ আঁচনি দিয়া মানে চৰকাৰী স্কুল বন্ধ কৰিব পাৰে৷ আঁচনি দিয়া মানে গাঁৱৰ ৰাস্তা বেয়া হৈ যাবলৈ দিব পাৰে৷ আঁচনি দিয়া মানেই গাঁৱত মদৰ দোকান খুলিবলৈ দিব পাৰে৷ আঁচনি দিয়া মানেই চাৰিওফালে শিল-কয়লা-শিলৰ মাফিয়াক ছিণ্ডিকেট চলাবলৈ দিব পাৰে৷

আঁচনি দিয়া মানেই পৰিয়ালৰ নামত য’তে ত’তে বাগান কিনাৰ সুবিধা নেকি বুলিও গগৈয়ে প্ৰশ্ন কৰে। তেওঁ আৰু প্ৰশ্ন কৰি কয় যে, আঁচনি দিয়া মানেই তেওঁলোকে নিজৰ ল’ৰাৰ নামত ১৭টা কোম্পানী খোলাৰ লাইচেন্স পাইছে নেকি? চৰকাৰ ইয়াত আগতেও আছিল, এতিয়াও আছে৷ লগতে আঁচনিও থাকিব৷ আঁচনিৰ সমানে অসমৰ এগৰাকী নাগৰিকে কি বিচাৰে? হাস্পতাললৈ গ’লে তাত ডাক্তৰ থাকিব৷ হাস্পতালৰ মেচিনবোৰে কাম কৰিব৷

দৰৱ পাব৷ চৰকাৰী চিকিৎসালয়তে চিকিৎসা পাব৷ দৰিদ্ৰ মানুহে কি কৰিব বিচাৰে? তেওঁৰ সৈতে অন্যায় হ’লে থানালৈ গ’লে সোনকালে আৰক্ষীয়ে তেওঁৰ কথা শুনি এজাহাৰযোগে গোচৰ ৰুজু কৰিব৷ তদন্ত হ’ব৷ সাধাৰণ ঘৰৰ মানুহে কি বিচাৰে? তেওঁলোকৰ ল’ৰা-ছোৱালী যিখন স্কুললৈ যায় সেই স্কুললৈ যোৱা ৰাস্তাটো ভাল হওক, শিক্ষকে ভালদৰে শিক্ষা প্ৰদান কৰিব লাগে৷

স্কুলত থকা শিক্ষক সময়ে সময়ে প্ৰশিক্ষণ লৈ আধুনিক শিক্ষা দিব পৰা হ’ব লাগে৷ এয়া নাগৰিকৰ কল্পনা৷ অসমতে মানুহে যাতে নিজৰ ল’ৰা-ছোৱালীক পঢ়াব পাৰে৷ হাস্পতালত উন্নত চিকিৎসা পাব পাৰে৷ আৰক্ষীৰ পৰা, প্ৰশাসনৰ পৰা যাতে সহায় পায়৷ কামবোৰ ঘোচ নিদিয়াকৈ যাতে হয়৷ চৰকাৰৰ পৰা এয়া নাগৰিকে আশা কৰে৷ কিন্তু এইখন চৰকাৰে ভাবে যে ক’ৰবাত এহেজাৰ টকা দিম, কিছুমানক ৫০০ টকা দিম, কিছুমানক ৬ হাজাৰ টকা দিম আৰু বাকী একো কাম নকৰো৷ হাস্পতাল বনাই থাকিম৷ কিন্তু ডাক্তৰ নাথাকে৷

ফ্লাইঅভাৰ বনাই থাকিম৷ ডাঙৰ ঠিকাদাৰবোৰে কাম পাই থাকিব৷ মথাউৰিবোৰ এটা বছৰৰ ভিতৰত ভাঙি যাব৷ এয়া বিজেপিৰ কাম৷ সেইকাৰণে মানৱ কল্যাণৰ ক্ষেত্ৰত পাঁচ সৰ্বশ্ৰেষ্ঠৰ ৰাজ্যৰ পৰিৱৰ্তে অসম একেবাৰে তলৰ পাঁচটাত আছে৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত সোমাবলৈ সক্ষম হৈছে বুলি কৈ গগৈয়ে ৰাজ্যবাসীক সজাগ কৰি দিয়ে৷ তেওঁ কয়, ”আমি হ’ব লাগিব স্পষ্টবাদী৷

ৰাইজক বুজাব লাগিব৷ নিবনুৱাই সংস্থাপন পোৱা নাই, দুখীয়া মানুহে মাটি কিনিব পৰা নাই, বসুন্ধৰাত নাম উঠাব পৰা নাই৷ তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰি আছে৷’’ এইবাৰ যুঁজ এখন হ’ব বুলি উল্লেখ কৰি গগৈয়ে কয় যে অসমৰ ৰাইজে আৰু সহ্য নকৰে৷ ৰাইজৰ আহ্বানক সন্মান জনাই মিত্ৰতা কৰা হ’ব বুলিও কয় গগৈয়ে।

তেওঁ কয়, ”বিভিন্ন বিৰোধী দলৰ মাজত মিত্ৰতা হোৱাটো এশ শতাংশ নিশ্চিত৷ আমাক সকলোকে লাগিব৷ সকলোৱে একগোট হ’ব লাগিব৷ এই নিৰ্বাচন ৰাজনৈতিক দল বনাম ৰাজনৈতিক দল নহয়৷ বিৰোধী দল বনাম বিজেপি দলৰ মাজত নহয়৷ পুনৰবাৰ কৈছো এইবাৰৰ নিৰ্বাচন অসমৰ ৰাইজ বনাম ৰজাৰ মাজত হ’ব৷’’

উল্লেখ্য যে, আজিৰ গণ অভিৱৰ্তনত গৌৰৱ গগৈৰ লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰৰ লগতে বিশিষ্ট নাগৰিক সমাজ, সমাজকৰ্মী আৰু বিৰোধী ঐক্য মঞ্চৰ গৰিষ্ঠসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!