অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASSAM: ইতিহাস ৰচনা কৰি তিনিচুকীয়া চহৰত আদিবাসী চাহ জনগোষ্ঠী ৰাইজৰ লক্ষাধিক লোকৰ প্ৰ*তি*বা*দ

Spread the love

ইতিহাস ৰচনা কৰি তিনিচুকীয়া চহৰত আদিবাসী চাহ জনগোষ্ঠী ৰাইজৰ লক্ষাধিক লোকৰ প্ৰ*তি*বা*দঃ মুখ্যমন্ত্ৰী উপস্থিত থকাৰ দিনটোতে জনজাতিকৰণ, শ্ৰমিকৰ মজুৰি বৃদ্ধি, ভূমিপট্টা প্ৰদানৰ দা*বী*ত উ*ত্তা*ল তিনিচুকীয়া চহৰ


DD TIMES তিনিচুকীয়া ৮ অক্টোবৰঃ জনজাতিকৰণ, ভূমিৰ অধিকাৰ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি দাবীৰে আজি তিনিচুকীয়া জিলাৰ চাহ বাগিচাসমুহৰ পৰা চাৰিওদিশৰ পৰা ওলাই অহা হাজাৰ হাজাৰ ৰাইজে তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত উপস্থিত হৈ চৰকাৰ বিৰোধী ধ্বনিৰে সমগ্ৰ চহৰখনৰ চৌদিশে উত্তাল কৰি তোলে ৷

আজিৰ দিনটোতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাৱত মহিলাৰ উদ্যমিতা আঁচনিৰ অধীনত তিনিচুকীয়া সমষ্টিৰ ১৪৩০১ গৰাকী মহিলাক দহ হাজাৰকৈ ধনৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি ভাষণ প্ৰদান কৰি আছিল ৷

মুখ্যমন্ত্ৰী তিনিচুকীয়াত উপস্থিত থকা দিনটোতে আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজে সাংবিধানিক অধিকাৰ, জনজাতিকৰণ, ভূমিপট্টা আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকাৰ দাবী উত্থাপন কৰি হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি দীৰ্ঘসময় ধৰি সমগ্ৰ তিনিচুকীয়া চহৰ কঁপাই তোলে ৷ তিনিচুকীয়া চহৰত পোন প্ৰথমবাৰৰ বাবে নিজৰ অধিকাৰ সাব্যস্তৰ হকে প্ৰায় এক লাখ আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজ সমবেত হৈ চৰকাৰৰ প্ৰতি হুংকাৰ প্ৰদান কৰি আজি ইতিহাস ৰচনা কৰা পৰিলক্ষিত হ’ল ৷

চহৰখনলৈ জিলাখনৰ ১২২ খন চাহ বাগিচাৰ পৰা সমদল কৰি আহি দিনৰ ১২ বজাত থানা চাৰিআলিত উপস্থিত হয়৷ মনকৰিবলগীয়া যে, আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজে থানা চাৰিআলিত সমবেত হোৱাৰ উদ্দেশ্যৰে ৰঙাগড়া পথ, জি এন বি পথ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু তিনিকোণীয়া দিশৰ পৰা আহি থানা চাৰিআলিত একত্ৰিত হোৱাৰ লক্ষ্য লয় ৷

কিন্তু থানা চাৰিআলিত ইমান সংখ্যক ৰাইজ একত্ৰিত হোৱাটো সম্ভৱপৰ নাছিল বাবে তিনিচুকীয়া চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ন-পুখুৰী ৰেল গেটৰ পৰা থানাৰ সম্মুখেৰে চাৰিআলি পৰ্যন্ত প্ৰতিবাদী ৰাইজ ঠাহখাই থাকে ৷ একেদৰে ৰঙাগড়া পথৰ দুৰ্গাবাড়ীৰ পৰা থানা চাৰিআলি আৰু জি এন বি পথৰ কৈলাস হোটেলৰ সম্মুখৰ পৰা থানা চাৰিআলি পৰ্যন্ত প্ৰতিবাদী ৰাইজ ঠাঁহখাই পৰে আৰু সকলোৱে দীৰ্ঘসময় ধৰি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ৷

সকলো দিশৰ পৰা হুৰাহুৰে ৰাজপথলৈ ওলাই অহা চাহ জনগোষ্ঠীৰ প্ৰতিবাদী ৰাইজে সম্পুৰ্ণ শান্তিপূৰ্ণভাৱে তেওঁলোকৰ ন্যায্য দাবী পুৰণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ প্ৰতিবাদী ৰাইজে চাহ শ্ৰমিক জাগিছে জাগিবই, মামা তোমাৰ কাম নাই, মামা তুমি গাদী এৰা, এই সংগ্ৰাম চলিছে চলিবই, জয় আই অসম, চাহ শ্ৰমিক জিন্দাবাদ, ভূমিপট্টা দিবই লাগিব, বিজেপি হুচিয়াৰ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ৷

আজিৰ এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দীৰ্ঘসময় চলি থকা সময়ত বহুকেইজন চাহ জনগোষ্ঠীয় নেতাই বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ ৰাইজক দীৰ্ঘদিনৰ পৰা কৰি অহা প্ৰতাৰণা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ৷ আজিৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীটো আদিবাসী জানিশক্তি সংগতি তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, আটছা, চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু অসম চাহ মজদুৰ সংঘৰ উদ্যোগত আজি সম্পন্ন হয় ৷

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি চাহ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে, মিথ্যাচাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে চাহ জনগোষ্ঠীৰ ৰাইজক কেতিয়াবাৰ পৰাই প্ৰতাৰণা কৰি আহিছে ৷ এইয়া আমাৰ সাংবিধানিক অধিকাৰৰ যুঁজ গতিকে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰা প্ৰলোভনৰ ৰাজনীতি এতিয়া আৰু নচলিব ৷ দাবী কৰা হৈছে যে, চাহ জনগোষ্ঠীৰ বহুকেইজন মন্ত্ৰী, বিধায়ক, সাংসদক ৰাইজে জনপ্ৰতিনিধি কৰিলে ৷

কিন্তু আজি তেওঁলোক জাতিটোৰ স্বাৰ্থত মুঠেও কাম কৰাৰ মানসিকতা দেখিবলৈ পোৱা নাই ৷ ৰাইজে এটা সময়ত যেনেদৰে কংগ্ৰেছক বিদাই দিছিল সেই একেই গতি বিজেপিৰ বাবেও হ’বলৈ গৈ আছে বুলি চাহ জনগোষ্ঠীৰ জনপ্ৰতিনিধি সকলক সকিয়নী দিছে প্ৰতিবাদী নেতৃত্বই ৷

আজি জিলাখনৰ সকলোবোৰ চাহ বাগিচাৰ পৰা কাম বাদ দি নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে বুলিও সদৰি কৰা হৈছে ৷ ৰাতিপুৱা প্ৰায় ১১ বজাৰ পৰা আৰম্ভ হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচী বিয়লি ৩ : ৩০ বজাত সমাপ্ত কৰা হয় ৷ আজিৰ কাৰ্যসূচীৰ পাছতে জিলা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আটছা, আছা, চাহ জনগোষ্ঠী জাতীয় মহাসভা, চাহ মজদুৰ সংঘৰ তৰফৰ পৰা স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ৷

তিনিটা দাবীযুক্ত স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি অসমত বসবাস কৰা আদিবাসী সকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা; আদিবাসী সকলক অতি শীঘ্ৰে ভূমিপট্টা দিয়া আৰু চাহ বাগিচাসমুহত কৰ্মৰত আদিবাসী চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰা ৷

আজিৰ প্ৰতিবাদী কাৰ্যসূচীটো সন্দৰ্ভত আগতীয়াকৈ সকলোৱে অৱগত হোৱাত তিনিচুকীয়া চহৰৰ সকলো ব্যৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠান স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে ৷ আনহাতে চহৰৰ সকলো দিশৰ মুল পথসমুহত প্ৰতিবাদী ৰাইজৰ ব্যাপক ভীৰৰ বাবে যানবাহন চলাচল দীৰ্ঘসময় ধৰি বন্ধ হৈ পৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!