অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASSAM: অসম গ্ৰন্থমেলা, বঙাইগাঁৱত ভাষা-সাহিত্য, সংস্কৃতি-ইতিহাস চৰ্চা

Spread the love

ভাষা-সাহিত্য, সংস্কৃতি-ইতিহাস চৰ্চাৰে আকৰ্ষণীয় অসম গ্ৰন্থমেলা, বঙাইগাঁও

আলোচনা সত্ৰঃ অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিকাশত কথিত ভাষা আৰু লোক সংস্কৃতিৰ প্ৰভাৱ

DD TIMES বঙাইগাঁও, ২৫ অক্টোবৰঃ ভাষা-সাহিত্য, সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ৰ চৰ্চাৰে আকৰ্ষণীয় হৈ পৰিছে ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি পশ্চিম অসমৰ অন্যতম বাণিজ্যিক প্ৰাণকেন্দ্ৰ বঙাইগাঁৱত অনুষ্ঠিত হোৱা ২০২৫-২৬ৰ প্ৰথমখন অসম গ্ৰন্থমেলা ৷


অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত আঠদিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাৰ আজি চতুৰ্থদিনা দিনা বিয়লি জুবিন গাৰ্গ সোৱঁৰণী অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিকাশত কথিত ভাষা আৰু লোক সংস্কৃতিৰ প্ৰভাৱ ’ শীৰ্ষক আলোচনা সত্ৰ ৷

আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট লেখক, কৰুণাকান্ত ৰায়ে ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে কথিত ভাষা আৰু লোকসংস্কৃতিক বাদ দি ভাষা-সংস্কৃতিৰ বিকাশৰ কথা ভাবিবই নোৱাৰি ৷

পৃথিৱীৰ সকলো মান্য ভাষা আৰু বিকশিত সংস্কৃতিৰ মূলাধাৰ হৈছে কথিত ভাষা আৰু লোকসংস্কৃতি ৷ অসমীয়া ভাষা-সংস্কৃতিও ইয়াৰ ব্যতিক্ৰম নহয় ৷ ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক ড° ৰূপাঞ্জলী দেৱীয়ে কয় যে অসমখন ভিন্ন জাতি-জনজাতিৰে পৰিপূৰ্ণ এখন ৰাজ্য ৷

প্ৰত্যেক জাতি-জনজাতিৰে আছে নিজা নিজা কথিত ভাষা আৰু স্বকীয় কৃষ্টি ৷ অসমীয়া ভাষাটো এই কথিত ভাষাবোৰৰ দ্বাৰাই সমৃদ্ধ হৈছে ৷ এই ভাষাবোৰৰ দ্বাৰাই অসমীয়া ভাষাটোৰ বিকাশ সাধন হৈছে আৰু বিস্তৃতি লাভ কৰিছে ৷ সেইবাবে অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তি অতুলনীয় ৷ একেদৰে লোকসংস্কৃতিয়ে অসমীয়া সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ বাট মুকলি কৰিছে ৷

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিৰাজীয়েই ইয়াৰ প্ৰমাণ বহন কৰিছে ৷ বুঢ়ীআইৰ সাধুখনেই এই ঐতিহ্যৰ উজ্জ্বলতম নিদৰ্শন ৷ ডাকৰ বচন, পটন্তৰবোৰে লোকজীৱনক প্ৰতিনিধিত্ব কৰি অসমীয়া সাহিত্যৰ দেউল বান্ধিছে ৷ একেদৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৃষ্টিও লোকসমাজৰ ভাষা-সংস্কৃতিৰে সমৃদ্ধ হৈছে ৷

আন এগৰাকী আলোচক অতিথি মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী চৌহদৰ সহকাৰী অধ্যাপক ড° হীৰেন দাসে কয় যে কথিত ভাষাই হৈছে ভাষাৰ প্ৰাণ ৷ অসমীয়া শব্দ সম্ভাৰ চহকী হৈছে কথিত ভাষাৰ অৰিহণাৰে ৷ কথিত ভাষাৰ পৰা অৰ্থৱহ শব্দ যিমান পৰি অভিধানত অন্তৰ্ভুক্ত কৰিলে আমাৰ মূল ভাষাটো অধিক শক্তিশালী হ’ব ৷

সংস্কৃতিৰ ক্ষেত্ৰতো একেই ৷ বিভিন্ন জনসমষ্টিৰ বাৰেবৰণীয়া কৃষ্টিয়ে সংস্কৃতিৰ ৰূপেৰে জিলিকি উঠে ৷ অসমীয়া সংস্কৃতিও এনেদৰেই গঢ়ি উঠিছে ৷ ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, জ্যেষ্ঠ সাংবাদিক ড° ভৱেশ দাসে ৷

তেওঁ কয় যে অসমীয়া সাহিত্য সম্ভাৰ অধ্যয়ন কৰিলে বুজিব পাৰি কথিত ভাষাৰ অৱদান যে অপৰিসীম ৷ কালজয়ী সাহিত্য সৃষ্টিত লোকভাষাই বিশেষ ভূমিকা পালন কৰিছে ৷ লোকপ্ৰবাদ, লোককাহিনী, ফকৰা যোজনাবোৰে ভাষা আৰু সংস্কৃতিৰ ভেটিটো শক্তিশালী কৰি তোলে ৷ এয়া বিশ্বজনীন সত্য ৷

এই আলোচনা সত্ৰখনৰ আঁত ধৰে কবি-লেখক নৱজ্যোতি পাঠকে ৷ ইয়াৰ পাছতে প্ৰবোধ দাসৰ পৰিচালনাৰে আৰম্ভ হয় সাংস্কৃতিক প্ৰতিযোগিতা ৷

আজি সাংস্কৃতিক প্ৰতিযোগিতা আৰম্ভ হয় নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ নিশান্ত ভাস্কৰে পৰিৱেশন কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ‘স্নেহে আমাৰ শত শ্ৰাৱনৰ’ আৰু অমৃতকণ্ঠ জুবিন গাৰ্গৰ ‘আনে যোৱা বাটে নোযোৱা ছোৱালীজনী’ শীৰ্ষক গীত দুটিৰে ৷

ইয়াৰ পাছত আজিৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মেৰী’ছ কন্‌ভেন্ট পাব্লিক স্কুল আৰু বীৰঝৰা মহিবিদ্যালয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!