অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASMITA East Zone Hockey league: ২১ ডিচেম্বৰৰ পৰা গুৱাহাটীত অস্মিতা পূৱ মণ্ডল হকী আৰম্ভ

Spread the love

২১ ডিচেম্বৰৰ পৰা গুৱাহাটীত অস্মিতা পূৱ মণ্ডল হকী আৰম্ভ

অসমৰ ছাব-জুনিয়ৰ দল ঘোষণা

DD TIMES গুৱাহাটী, ১৯ ডিচেম্বৰঃ গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত অহা ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অস্মিতা পূৱ মণ্ডল হকী লীগ৷

অসম হকীৰ সভাপতি তপন দাসে জনোৱা অনুসৰি ছাব-জুনিয়ৰ আৰু জুনিয়ৰ শাখাত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত ঘৰুৱা দল অসমৰ লগতে বিহাৰ, ত্ৰিপুৰা, মিজোৰাম আৰু ওড়িছাৰ ছোৱালীৰ দলে যোগদান কৰিছে৷

উল্লেখ্য যে ২১-২৫ ডিচেম্বৰলৈ ছাব-জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হোৱাৰ পাছত ২৭-৩১ ডিচেম্বৰলৈ জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হ’ব৷

ইফালে, অসম হকীৰ সম্পাদিকা কল্যানী ডেকাই জনোৱা অনুসৰি প্ৰতিযোগিতাত অংশ ল’বলগা ৰাজ্যৰ ছাব-জুনিয়ৰ দলটো আজি ঘোষণা কৰা হৈছে৷ দলৰ সদস্যাসকল হ’লঃ তৰালি বড়ো, দীপ্তি মুণ্ডা, সঞ্জনা খৰিয়া, লখী পাইক, সংগীতা ৰোম’ন্স, মনসী ওৰাং, বিৰোশ¸ মুণ্ডা, ছোনিয়া গোড়, মনালিছা গোড়টা, গোলাপী দেৱী, কৃতিকা উপাধ্যায়, ৰাজকুমাৰী আকাংক্ষা, সোণালী গোড়টা, জ্যোৎস্না এক্কা, ঋতিকা টিগ্গা, ৰোছন আইবৰ্ছ , কৃত্মা আৰু তানিয়া চৌৰাছিয়া৷ দলৰ প্ৰশিক্ষক পংকজ বসুমতাৰী, মেনেজাৰ ৰিংকী চৌহান আৰু ফিজিঅ’ আশিয়া খাতুন৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!