অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Asmita East Zone Hockey League: অস্মিতা পূৱ মণ্ডল হকী লীগত ত্ৰিপুৰাক ২২-০ গল দি অসমৰ প্ৰথম জয়

Spread the love

অস্মিতা পূৱ মণ্ডল হকী লীগত ত্ৰিপুৰাক ২২-০ গল দি অসমৰ প্ৰথম জয়

DD TIMES গুৱাহাটী, ২৪ ডিচেম্বৰঃ গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়বুল্লাহ হকী ষ্টেডিয়ামত চলি থকা অস্মিতা পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী লীগত অসমে প্ৰথম জয়ৰ সাফল্য লাভ কৰিছে৷ ক্ৰমাগত প্ৰথম দুখন মেচত ওড়িছা আৰু মিজোৰামৰ বিৰুদ্ধে পৰাজয়বৰণ কৰা অসমৰ ছোৱালী দলে আজি তৃতীয় তথা অন্তিমখন গ্ৰুপ লীগ মেচত ত্ৰিপুৰাক ২২-০ গলত পৰাস্ত কৰে৷ এই জয়ৰে অসম পইণ্ট তালিকাৰ তৃতীয় স্থানত থাকিল৷

ইফালে, আজি হোৱা আন এখন মেচত ছাব-জুনিয়ৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন ওড়িছাই ৫-১ গলত মিজোৰামক হৰুৱাই লীগত অপৰাজেয় থাকি গ্ৰুপৰ শীৰ্ষস্থানত উপণিত হয়৷ আনহাতে, তিনিখন মেচৰ দুখনত জয়ী হোৱা মিজোৰামে তালিকাৰ দ্বিতীয় স্থানত থাকে৷ কাইলৈ হ’বলগা স্বৰ্ণ জয়ৰ মেচত পুনৰ ওড়িছা আৰু মিজোৰাম মুখামুখি হ’ব৷ বিপৰীতে, অসমে ব্ৰঞ্জ পদকৰ বাবে কাইলে পুনৰ ত্ৰিপুৰাৰ বিৰুদ্ধে খেলিব৷

উল্লেখ্য যে কেন্দ্ৰীয় ক্ৰীড়া বিভাগ তথা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত লগতে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সহযোগত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ ছাব-জুনিয়ৰ শাখাৰ খেল সমাপ্ত হোৱাৰ পাছতে ২৭-৩১ ডিচেম্বৰলৈ অস্মিতা পূৱ মণ্ডল হকীৰ জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!