অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASDMA AND DDMA: তুলসীমুখত মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ প্ৰতিৰোধ অনুশীলন

Spread the love

তুলসীমুখত মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ প্ৰতিৰোধ অনুশীলন

DD TIMES নগাঁও, ৩০ অক্টোবৰঃ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) বিভাগৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত ৰাজ্যজুৰি সফলতাৰে “গ্ৰেট অসম স্কুল শ্বেকাউট প্ৰগ্ৰেম” অনুষ্ঠিত কৰা হৈছে।

ভূমিকম্পৰ জ’ন ৫-ত অৱস্থিত অসমত দুৰ্যোগ প্ৰতিৰোধী এক সজাগতা সৃষ্টিৰ লক্ষ্যৰে ২০১১ চনৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে।


বৰ্তমান এই বৰ্ষৰ কাৰ্যসূচীত ৰাজ্যখনৰ ১৯৩৬খন বিদ্যালয়ৰ ৭ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীক ভূমিকম্প আৰু অগ্নি নিৰ্বাপণৰ অনুশীলনত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। দুৰ্যোগ প্ৰতিৰোধী অসম গঢ়াৰ এই ঐতিহাসিক পদক্ষেপৰ অংশ হিচাপে, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA), নগাঁৱৰ উদ্যোগত আজি বেবেজীয়াৰ সমীপৰ তুলসীমুখস্থিত মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক বিশেষ অনুশীলন কাৰ্যসূচী আয়োজন কৰা হয়।

এই কাৰ্যসূচীত জিলা আয়ুক্ত, দেৱাশীষ শৰ্মা (ভাঃপ্ৰঃসেঃ)ই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগায়।


উক্ত কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া শৌভিক ভূঞা, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ ৰ জিলা ন’ডেল বিষয়া, নৱ ডেকা,জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া বিজয়ান্ত গোস্বামী, জিলা প্ৰশাসনৰ বিষয়াসকল আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে এই অনুশীলন কাৰ্যসূচীত কেইবাটাও গুৰুত্বপূৰ্ণ দুৰ্যোগ প্ৰস্তুতিৰ দিশ সামৰি লোৱা হয়।

ভূমিকম্পৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে শ্ৰেণীকোঠাৰ ভিতৰতে সুৰক্ষিত স্থানত (যেনে “DCH” – Drop, Cover, Hold) আশ্ৰয় ল’ব পাৰে আৰু পৰৱৰ্তী সময়ত কেনেদৰে শৃংখলাবদ্ধভাৱে শ্ৰেণীকোঠাৰ পৰা নিৰাপদ স্থানলৈ ওলাই আহিব পাৰে, তাৰ প্ৰত্যক্ষ অনুশীলন প্ৰদান কৰা হয়।

এছ.ডি.আৰ.এফ. বাহিনী আৰু ‘আপদা মিত্ৰ’ৰ সহায়ত, আঘাতপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক কেনেদৰে উদ্ধাৰ কৰি বাহিৰলৈ অনা হয় আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দ্বাৰা কেনেদৰে তাৎক্ষণিকভাৱে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পাৰি, সেই বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰা হয়।

আপাতকালীন সময়ত হ’ব পৰা অগ্নি সংযোগৰ মোকাবিলা কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ জৰিয়তে জুই নিৰ্বাপনৰ আখৰা প্ৰদৰ্শন কৰা হয়। লগতে, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক ‘Fire Extinguisher’ (অগ্নি নিৰ্বাপক যন্ত্ৰ) ব্যৱহাৰ কৰাৰ সঠিক নিয়ম সম্পৰ্কেও প্ৰশিক্ষণ দিয়া হয়।

এই “গ্ৰেট অসম স্কুল শ্বেকাউট প্ৰগ্ৰেম”ৰ অংশ হিচাপে সমগ্ৰ নগাঁও জিলাৰ ৯৯খন বিদ্যালয়ৰ প্ৰায় ৪৫০০ শিক্ষাৰ্থীয়ে একে সময়তে এই দুৰ্যোগ প্ৰস্তুতি অনুশীলনত অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!