ANTARCTICA: এন্টাৰ্কটিকাৰ বৰফৰ ৰহস্যঃ প্ৰাচীন মানৱ অস্থিৰ আৱিষ্কাৰ
এন্টাৰ্কটিকাৰ বৰফৰ ৰহস্য: প্ৰাচীন মানৱ অস্থিৰ আৱিষ্কাৰ
DD TIMESত লিখিছে সত্যব্ৰত বৰাই
এন্টাৰ্কটিকাৰ বৰফৰ মাজত যেতিয়া মানৱ লাওখোলা এটা পোৱা গ’ল, তেতিয়া বিজ্ঞানীসকলৰ মনত প্ৰশ্নৰ ঢৌ উঠিল। পৃথিৱীখনৰ আটাইতকৈ ঠাণ্ডা আৰু নিৰ্জন ঠাইত, য’ত তাপমাত্ৰা মাইনাছ ৮৯ ডিগ্ৰী চেলছিয়াছলৈ নামি যায় তেনে এখন ঠাইত মানুহৰ অস্থি পোৱাটো যেন অতীতৰ কোনো অজ্ঞাত কাহিনীৰ সুৰহে।

১৯৮৫ চনৰ ৭ জানুৱাৰীত চিলিৰ জীৱবিজ্ঞানী ডেনিয়েল টৰেছ নাভাৰোৱে লিভিংষ্টন দ্বীপৰ কেপ শ্বিৰেফৰ যামানা বিচত সাগৰৰ পাৰত উপচি পৰা আৱৰ্জনা সংগ্ৰহ কৰি থাকোঁতে এটা মানুহৰ লাওখোলা দেখা পালে। বৰফৰ দৰে ঠাণ্ডা পানী আৰু বতাহে খোলাটোৰ কিছু অংশ নোহোৱা কৰি পেলাইছিল যদিও ই সম্পূৰ্ণৰূপে ধ্বংস হোৱা নাছিল।
,এইটো এন্টাৰ্কটিকাত পোৱা আটাইতকৈ পুৰণি মানুহৰ অস্থি, যাৰ সময় ১৮১৯ৰ পৰা ১৮২৫ চনৰ ভিতৰত বুলি নিৰ্ধাৰণ কৰা হৈছে। এই আৱিষ্কাৰে বিজ্ঞানীসকলক বিস্মিত কৰিছিল, কিয়নো এন্টাৰ্কটিকাৰ মূল ভূখণ্ড প্ৰথম দেখা পোৱাৰ বিষয়ে যি তথ্য আছে সেইয়া ১৮২০ চনৰ পৰাহে জনা গৈছিল। তেনেহ’লে এই মানুহ ক’ৰ পৰা আহিল? কেনেকৈ এই দূৰ্গম ঠাইত উপস্থিত হ’ল?
টৰেছ নাভাৰোৱে লাওখোলাটোৰ সময় আৰু স্থান, বিয়লি ৪:৩৫ বজাত, সযতনে লিপিবদ্ধ কৰিলে। তেওঁ পাৰৰ চাৰিওফালে আৰু সন্ধান কৰিলে, কিন্তু মাত্ৰ দুটা দাঁত পালে। শৰীৰৰ আন কোনো অংশ বা সামগ্ৰী নাছিল, যেনে কাপোৰ, সঁজুলি বা জোতাৰ টুকুৰা, যিয়ে মানুহজনৰ জীৱনৰ কাহিনী ক’ব পাৰিলেহেঁতেন। এই অভাৱে ৰহস্যক আৰু গভীৰ কৰিলে।
খোলাটো পৰীক্ষা কৰি বিজ্ঞানীসকলে জানিলে যে এইটো এগৰাকী প্ৰায় ২১ বছৰীয়া যুৱতীৰ আছিল, যাৰ শাৰীৰিক গঠন চিলিৰ দক্ষিণাঞ্চলৰ মেষ্টিজো জনগোষ্ঠীৰ! তেওঁৰ হাড়ত পুষ্টিৰ অভাৱ আৰু ৰক্তহীনতাৰ চিন পোৱা গৈছিল, লগতে কাণৰ সংক্ৰমণৰ লক্ষণো আছিল। দাঁতৰ ক্ষয়ে দেখুৱাইছিল যে যুৱতী গৰাকীয়ে শুকান খাদ্য খাইছিল, যিটো চিলিৰ উপকূলীয় জনগোষ্ঠীৰ মাজত সাধাৰণ আছিল। কিন্তু তেওঁৰ সৈতে কোনো বস্তু বা সূত্ৰ নাছিল।
১৯ শতিকাৰ আৰম্ভণিতে এন্টাৰ্কটিকা আছিল পৃথিৱীৰ শেষ সীমা। ইউৰোপ আৰু আমেৰিকাৰ জাহাজবোৰে নতুন পথ আৰু সম্পদৰ সন্ধানত দক্ষিণ দিশলৈ যাত্ৰা কৰিছিল। ১৮১৯ চনৰ পৰা ফাৰ চীলৰ ব্যৱসায় বাঢ়িছিল আৰু চীল চিকাৰীসকলে দক্ষিণ শ্বেটলেণ্ড দ্বীপপুঞ্জলৈ গৈছিল। ড্ৰেক পাছেজৰ মাৰাত্মক ঢৌ আৰু ধুমুহাৰ মাজেৰে জাহাজবোৰে যাত্ৰা কৰিছিল। ১৮১৯ চনত স্পেইনৰ জাহাজ ছান টেলমো বৰফত খুন্দা খাই হেৰাই গৈছিল।
১৮২০ চনত ব্ৰিটিছ অভিযাত্ৰী উইলিয়াম স্মিথে লিভিংষ্টন দ্বীপত জাহাজৰ ধ্বংসাৱশেষ পাইছিল। হয়তো এই যুৱতী তেনে এখন জাহাজৰ যাত্ৰী আছিল। তেওঁৰ মৃত্যুৰ সময়খিনি ছান টেলমোৰ ধ্বংসৰ সৈতে মিলি যায়। তেওঁ জাহাজৰ কোনো কৰ্মীৰ সঙ্গী বা চিলিৰ দক্ষিণৰ জনজাতিৰ পথপ্ৰদৰ্শক হ’ব পাৰে। যামানা জনগোষ্ঠীয়ে নিজৰ কাঠৰ নাওৰে সাগৰ পাৰ হৈ চীল চিকাৰ কৰিছিল। তেওঁলোকৰ মৌখিক ইতিহাসত ধুমুহাৰ কবলত পৰি দূৰৈৰ দ্বীপলৈ গৈ পোৱাৰ কাহিনী আছে। কিন্তু এন্টাৰ্কটিকা? সেয়া আছিল অচিনাকি দেশ!
কিছুমানে কয় যে যুৱতীগৰাকীৰ জাহাজখন হয়তো ডুব গৈছিল আৰু তেওঁৰ দেহটো সাগৰৰ ঢৌৱে পাৰলৈ লৈ আনিছিল। শ্বেটলেণ্ড দ্বীপৰ উপকূলত সাগৰৰ আৱৰ্জনা জমা হয়। আন কিছুমানে ভাবে যে তেওঁক জাহাজৰ কৰ্মীয়ে হয়তো এৰি থৈ গৈছিল, যিটো তেতিয়াৰ দিনত একো অস্বাভাৱিক ঘটনা নাছিল।
যুৱতীগৰাকীৰ হাড়ত পুষ্টিৰ অভাৱৰ চিনে দেখুৱায় যে তেওঁ দীৰ্ঘদিন কষ্ট পাইছিল। কাণৰ সংক্ৰমণে ঠাণ্ডাৰ প্ৰভাৱ বা সাগৰৰ পানীৰ পৰা হ’ব পৰা ক্ষতিৰ ইংগিত দিয়ে। কিন্তু জাহাজৰ লগবুকত যুৱতীগৰাকীৰ নাম নাছিল। আৰু এটা কথা।চীল চিকাৰীবোৰে জাহাজৰে গোপনে কাম কৰিছিল। সেয়েহে তেতিয়াৰ মহিলা, বিশেষকৈ জনজাতীয় মহিলাৰ কথা লিপিবদ্ধ কৰা নহৈছিল। এনে নীৰৱতাই যুৱতীগৰাকীৰ আৱিষ্কাৰক আৰু ৰহস্যময় কৰি তুলিছে। যুৱতীগৰাকীৰ এণ্টাৰ্কটিকাত উপস্থিতিয়ে ইউৰোপীয় অভিযাত্ৰীসকলৰ প্ৰথম দৰ্শনৰ কাহিনীকো প্ৰত্যাহ্বান জনাইছে। যদি তেওঁ জীৱিত অৱস্থাত এন্টাৰ্কটিকা পাইছিল, তেন্তে তেওঁ ইতিহাসৰ পাতত জনজাতীয় মানুহৰ সাহসৰ চিন ৰাখিছে।
শেহতীয়া গৱেষণাই এই কাহিনীক আৰু জটিল কৰিছে। ১৯৯৯ চনৰ যুৱতীগৰাকীৰ হাড়ৰ অধ্যয়নে দেখুৱাইছিল যে যুৱতীগৰাকী উপনিবেশিক যুগত বিভিন্ন শাৰীৰিক কষ্টৰ সন্মুখীন হৈছিল।
চিলিৰ দক্ষিণৰ জনজাতিৰ মানুহে হাজাৰ হাজাৰ বছৰ আগতে এছিয়াৰ পৰা আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল। তেওঁলোকে প্ৰচণ্ড ঠাণ্ডাৰ সৈতেও খাপ খাইছিল। এই আৱিষ্কাৰৰ ৰাজনৈতিক প্ৰভাৱো আছে। ১৯৫৯ চনৰ এন্টাৰ্কটিক চুক্তিৰ অধীনত চিলি, আৰ্জেণ্টিনা আৰু ব্ৰিটেইনে এই অঞ্চলৰ দাবী কৰে। গতিকে যুৱতীগৰাকীৰ চিলিয়ান উৎপত্তিয়ে চিলিৰ দাবীকো শক্তিশালী কৰে। চিলিৰ এন্টাৰ্কটিক ইনষ্টিটিউটে লাওখোলাটো চেণ্টিয়াগোলৈ আনি সংৰক্ষণ কৰিছে, য’ত ইয়াক প্ৰদৰ্শন নকৰি গৱেষণাৰ বাবে ৰখা হৈছে। ইপিনে যামানা জনগোষ্ঠীয়ে যুৱতীগৰাকীক নিজৰ আত্মীয় বুলি ভাবে।
চাৰি দশকৰ পিছতো সেই যুৱতীগৰাকীৰ লাওখোলাটো এন্টাৰ্কটিকাৰ আটাইতকৈ ৰহস্যময় স্মৃতিচিহ্ন। তেওঁ এণ্টাৰ্কটিকাৰ দ্বৈত চৰিত্ৰক প্ৰতিনিধিত্ব কৰে।এফালে সপোনৰ কবৰস্থান, আনফালে মানুহৰ সাহসৰ কাহিনী। জলবায়ু পৰিৱৰ্তনৰ বাবে বৰফ গলি যোৱাৰ সময়ত যুৱতীগৰাকীৰ কাহিনীয়ে আমাক ইতিহাসৰ নীৰৱ কথাবোৰ শুনিবলৈ কয়, যিবোৰ হয়তো কেতিয়াবা সাগৰত হেৰাই যাব।

