অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ANNUAL SPORTS: বেবেজীয়াৰ ভোগেশ্বৰ হাজৰিকা উ:মা: বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া-সুকুমাৰ কলা প্ৰতিযোগিতাৰ

Spread the love

বেবেজীয়াৰ ভোগেশ্বৰ হাজৰিকা উ:মা: বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া-সুকুমাৰ কলা প্ৰতিযোগিতাৰ সফল সামৰণি

পৰম্পৰাগত খেল-ধেমালিৰে মুখৰিত বিদ্যালয় প্ৰাংগণ

DD TIMES বেবেজীয়া, ৯ জানুৱাৰীঃ নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ নাৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া আৰু সুকুমাৰ কলা প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে।

প্ৰথম দিনা পুৱা ৯ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে বিদ্যালয় অধ্যক্ষ উপেন বৰাই। পৰৱৰ্তী বন্তি প্ৰজ্বলন কৰে বিষয় শিক্ষয়িত্ৰী অনিতা ফুকনে। বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ৰুমী লস্কৰ, অশ্বিনী বৰদলৈ, পিংকু বৰাৰ তত্বাৱধানত আৰু বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগত এশ মিটাৰ, দুশ মিটাৰ আৰু পাঁচশ মিটাৰ দৌৰ, লং জাম্প, হাই জাম্প, ওজন দলিওৱা, কাঁহী দলিওৱা, যাঁঠি দলিওৱা, চকলেট দৌৰ, কুকুৰা যুঁজ, কাবাডী, ফুটবল আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে শেষৰ দিনা সুকুমাৰ কলা প্ৰতিযোগিতাত সাধু কোৱা, কবিতা আবৃত্তি, চিত্ৰাংকণ, কুইজ আদি অনুষ্ঠিত হয়।

লগতে অতি আকৰ্ষণীয় ভেশছন প্ৰতিযোগিতা, কেশ সজ্জা, মেহেন্দি অঁকা প্ৰতিযোগিতা আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত টেকেলি ভঙা আৰু ৰছীটনা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

বিভিন্ন প্ৰতিযোগিতাত নিৰ্বাচিত হোৱা প্ৰতিযোগীসকল হ’ল এশ মিটাৰ দৌৰৰ প্ৰথম মৃগাক্ষী দেৱী, দ্বিতীয় কৃষ্ণা দেৱী, দুশ মিটাৰ দৌৰৰ প্ৰথম পৰিণীতা বৰদলৈ, দ্বিতীয় দীপিকা দেৱী।

পাঁচশ মিটাৰ দৌৰৰ প্ৰথম দীপিকা দেৱী, দ্বিতীয় দেৱযানী ডেকা, ওজন দলিওৱাৰ প্ৰথম প্ৰিয়াক্ষী দাস, দ্বিতীয় পৰিস্মীতা ডেকা, কুঁকুৰা যুঁজৰ প্ৰথম ডলী শইকীয়া, দ্বিতীয় গ্ল’ৰী কাশ্যপ, মেহেন্দিত প্ৰথম নীহাৰিকা বৰদলৈ, দ্বিতীয় জিম্পী বৰুৱা, চিত্ৰত(ক শাখা) প্ৰথম দিম্পী বৰা, দ্বিতীয় ৰাখী বণিয়া, চিত্ৰত(খ শাখা) প্ৰথম নিজুমণি দেৱী, দ্বিতীয় লিজা ডেকা।

আবৃত্তিত প্ৰথম বৰ্ণ জ্যোতি বৰা, দ্বিতীয় খুচীমণি শইকীয়া। কুইজত চুমি শইকীয়া আৰু অৰিজিনা ৰাজকুমাৰী। চাইকেল ৰেচত প্ৰথম ৰিম্পী বৰদলৈ, দ্বিতীয় কৃষ্টি সেনাপতি। ভেশচনত প্ৰথম ডলী শইকীয়া, দ্বিতীয় মীনাক্ষী দেৱী। কেশ সজ্জাৰ প্ৰথম টিনা দেৱী, দ্বিতীয় ডিম্পী বৰুৱা। কাবাডী প্ৰতিযোগিতাৰ ক শাখাত অষ্টম শ্ৰেণী আৰু খ শাখাত একাদশ শ্ৰেণী বিজয়ী হয়।

কাবাডীৰ পৰিচালনা কৰে অশ্বিনী বৰদলৈ, নকুল সেনাপতি আৰু অৰ্ণৱ বৰাই। উল্লেখ্য যে আটাইকেইদিনৰ গোটেই খেলসমূহ সামগ্ৰিকভাৱে পৰিচালনা কৰে বিদ্যালয়ৰ উপাধ্যক্ষ ৰঞ্জন হাজৰিকাই।

শেষত জাতীয় সংগীত পৰিবেশনেৰে পতাকা অৱনমনেৰে ক্ৰীড়া সমাৰোহৰ সামৰণি ঘটে। লগতে দশম আৰু দ্বাদশ শ্ৰেণীৰ বিদায় সভাখনো অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!