All religions pray on his birthday: ৰামটিলাআটিত জুবিন গাৰ্গৰ জন্মদিনত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা
বঢ়মপুৰৰ ৰামটিলাআটিত জুবিন গাৰ্গৰ জন্মদিনত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা

DD TIMES বঢ়মপুৰ, ১৮ নৱেম্বৰঃ নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৰামটিলাআটি মায়াবিনী মহিলা সংঘৰ ব্যৱস্থাপনাত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মঙলবাৰে জন্মদিন উদযাপন কৰা হয়।

ৰামটিলাআটি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা জন্মদিনৰ কাৰ্যসূচীত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ অনুষ্ঠিত হয়।
অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়।
বন্তি প্ৰজ্বলন কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত শিক্ষক পুষ্পকান্ত বৰুৱা আৰু শৰৎ শইকীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
অনুষ্ঠানত হিন্দু, মুছলমান, খৃষ্টান ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে।
ৰামটিলাআটি গাঁৱৰ সমূহ ৰাইজৰ সহযোগত ৰূপায়ণ হোৱা কাৰ্য্যসূচীত পতাকা উত্তোলন, বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

