AKASHBANI DIBRUGARH: অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ
অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ

DD TIMES গুৱাহাটী, ৩০ অক্টোবৰঃ বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক চৈয়দ চাদুল্লাৰ বিয়োগত শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘চৈয়দ চাদুল্লা ডাঙৰীয়াৰ দেহাৱসানত আমি ব্যথিত হৈছোঁ।
অনাতাঁৰ ঘোষক হিচাপে অসমবাসীৰ মাজত সমাদৃত হৈ পৰা চাদুল্লা আকাশবাণী ডিব্ৰুগড়ৰ এটা চিনাকি কণ্ঠ আছিল৷’’
সভাপতি গগৈয়ে কয়, ‘‘মানৱতাবাদী ব্যক্তিত্বৰ অধিকাৰী আছিল চৈয়দ চাদুল্লা৷ অসমখনৰ প্ৰতি, এই মানুহ, এই মাটিৰ প্ৰতি তেখেতৰ ভালপোৱা অনুকৰণীয়৷ সেয়া তেখেতৰ সৃষ্টিৰাজিত প্ৰতিফলিত হৈছিল৷’’
অসমক মনেপ্ৰাণে ভালপোৱা অসমীয়াগৰাকীৰ প্ৰয়াণ অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি গগৈ আৰু ভূঞাই শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰে৷
