অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

AJYCP: জুবিনৰ ন‍্যায়ৰ দাবীৰে লাহোৱালত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

Spread the love

জুবিনৰ ন‍্যায়ৰ দাবীৰে লাহোৱালত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদঃ ফাঁচি কাঠত উলমিল শ‍্যামকানূ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা

DD TIMES ডিব্ৰুগড়, ২৩ অক্টোবৰঃ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন‍্যায়ৰ দাবীৰে লাহোৱালত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে।

লাহোৱালৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজহুৱা ফাঁচি কাঠত উলমালে শ‍্যামকানূ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিকৃতি।

প্ৰতিবাদকাৰী সকলে শ্যামকানু মহন্ত মুৰ্দাবাদ, সিদ্ধাৰ্থ শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। শীৰ্ঘ্ৰেই দুই অভিযুক্তক ফাঁচি কাঠত ওলামবলৈ সংগঠনটোৱে দাবী জনাই।

প্ৰতিবাদ সাব্যস্ত কৰি ডিব্ৰুগড় জিলাৰ নেতৃবৰ্গ‌ই কয় যে, চৰকাৰৰ বৰ্তমানৰ পৰিস্থিতিত দুই অভিযুক্ত‌ই ন‍্যায়ৰ সুৰুঙা লৈ বাচি যাব পাৰে।

জুবিনৰ মৃত্যুৰ এমাহ অতিক্ৰম কৰাৰ পিছতো আজিৰ পৰ্যন্ত মৃত্যুৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰিব নোৱাৰিলে চৰকাৰে। চৰকাৰে শ‍্যামকানূ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিকল্পনা চলাই আছে।

তেওঁলোকক সম্পূৰ্ণ দুখী সাব‍্যস্ত কৰি ফাঁচিৰে মৃত‍্যুদণ্ড দিব লাগে বুলি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!