অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

AIR: জলবায়ু কৰ্মী সোণম ৱাংচুকক গ্ৰেপ্তাৰ

Spread the love

সুকীয়া ৰাজ্যৰ দাবীত উত্তাল লাডাখ
জলবায়ু কৰ্মী সোণম ৱাংচুকক গ্ৰেপ্তাৰ

DD TIMES লাডাখ, ২৬ ছেপ্টেম্বৰঃ সুকীয়া ৰাজ্যৰ দাবীত উত্তাল হৈ আছে লাডাখ ।জলবায়ু কৰ্মী সোণম ৱাংচুকক গ্ৰেপ্তাৰ । লাডাখ ৰাজ্য দাবীৰ অন্যতম মুখ সোণমক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (এন এছ এ) অধীনত শুকুৰবাৰে লেহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লেহত নিৰাপত্তা বাহিনীয়ে বিক্ষোভকাৰীৰ ওপৰত গুলীচালনা কৰাৰ কেইদিনমান পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।লেহ এপেক্স বডী (এল এ বি) আৰু কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্স (কে ডি এ)ৰ সৈতে ৱাংচুকৰ নেতৃত্বত চলা আন্দোলন দুটা মূল দাবীক কেন্দ্ৰ কৰি।

প্ৰথম হৈছে লাডাখক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা আৰু জনজাতীয় অঞ্চলৰ বাবে বিশেষ সুৰক্ষা প্ৰদান কৰা। দ্বিতীয়টো হৈছে, সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত লাডাখক অন্তৰ্ভুক্ত কৰা।

এই আন্দোলনৰ ফলত বুধবাৰৰ হিংসাত্মক পৰিস্থিতিৰ পিছত কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে, ৱাংচুকে প্ৰতিষ্ঠা কৰা লাডাখৰ ছাত্ৰ শিক্ষা আৰু সাংস্কৃতিক আন্দোলনৰ (Students’ Educational and Cultural Movement of Ladakh, SECMOL) বিদেশী অনুদান নিয়ন্ত্ৰণ আইনৰ (এফ চি আৰ এ) অনুজ্ঞাপত্ৰ বাতিল কৰে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে ।

ইয়াৰ উপৰি লেহ আৰক্ষীয়ে একাধিক এফ আই আৰ ৰুজু কৰিছে। সংঘৰ্ষৰ অভিযোগত অভিযুক্ত ৫০ জনতকৈ অধিক লোকক আটক কৰিছে আৰু অশান্তিৰ উচটনি দিয়াৰ সন্দেহযুক্ত লোকৰ বিৰুদ্ধে অধিক ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে।

৷উল্লেখ্য যে এই সংঘৰ্ষৰ সময়ত বিজেপি আৰু লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদকে ধৰি কেইবাটাও চৰকাৰী আৰু ৰাজনৈতিক কাৰ্যালয় ভাঙি পেলোৱা হয় ।ইফালে এই দমন অভিযান চলাই থকাৰ মাজতো কেন্দ্রই আলোচনাৰ দুৱাৰ মুকলি ৰাখিছে ৷

গৃহ মন্ত্ৰণালয়ৰ প্ৰতিনিধিয়ে লেহত এল এ বিৰ সৈতে বৈঠকত মিলিত হয়। এল এ বিৰ নেতা থুপস্তান চেৱাং আৰু চেৰিং ডৰ্জেৰ যৌথ বিবৃতি অনুসৰি, ২৭ বা ২৮ ছেপ্টেম্বৰত নতুন দিল্লীত এক প্ৰস্তুতিমূলক পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব।

লাডাখৰ সংসদ সদস্যৰ সৈতে এল এব আৰু কে ডি এৰ তিনিজনকৈ সদস্যই অংশগ্ৰহণ কৰিবলগীয়া উক্ত বৈঠকে গৃহ মন্ত্ৰণালয় আৰু প্ৰতিটো গোটৰ সাতজন সদস্যৰে গঠিত এখন উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ মাজত আনুষ্ঠানিক আলোচনাৰ পথ মুকলি কৰিব।

যদিও বিবৃতিটোত কাৰ্যসূচীৰ কথা উল্লেখ কৰা হোৱা নাই, নেতাসকলে নিশ্চিত কৰিছে যে দাবীসমূহৰ ভিতৰত আছে ৰাজ্যৰ মৰ্যাদা, ষষ্ঠ অনুসূচীৰ মৰ্যাদা আৰু কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ বাবে সংসদীয় প্ৰতিনিধিত্ব এখন আসনৰ পৰা দুখনলৈ বৃদ্ধি কৰা।

ইফালে লেহত উত্তেজনা এতিয়াও বিৰাজ কৰি আছে। জিলা প্ৰশাসনে সকলো বিদ্যালয়, মহাবিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ আৰু কোচিং ইনষ্টিটিউট দুদিনৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে ইতিমধ্যে আৰক্ষীৰ গুলীচালনাত চাৰিজন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। তেওঁলোক হৈছে স্কুৰবুচানৰ অৱসৰপ্ৰাপ্ত জোৱান চেৱাং থাৰ্চিন (৪৬); ইগুৰ ষ্টেনজিন নামগায়াল (২৪); খাৰনাকলিঙৰ পৰা জিগমেট ডৰ্জে; আৰু হনুৰ ৰিনচেন দাদুল (২১)।

আনহাতে, চৰকাৰী সূত্ৰই জনোৱা মতে, আহতসকলৰ ভিতৰত ৭ জনৰ অৱস্থা সংকটজনক । এজনক উন্নত চিকিৎসাৰ বাবে বিমানেৰে নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে ।

শুকুৰবাৰে সন্ধিয়ালৈকে ১৮ জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছিল আৰু ইয়াৰে ভিতৰত সাতজনৰ জটিল অস্ত্ৰোপচাৰ কৰা হয় ।২০১৮ চনত ৰেমন মেগছেছে বঁটাপ্ৰাপক ৱাংচুকে অভিযোগ আনে যে বৃহস্পতিবাৰে চৰকাৰে জনসাধাৰণৰ সুৰক্ষা আইনৰ (পি এছ এ) অধীনত তেওঁক আটক কৰিবলৈ চেষ্টা কৰা হয় ।

এই আইনত দুবছৰ পৰ্যন্ত বিচাৰ অবিহনে আটক কৰিব পৰা যায়। ব্যক্তিগত সুৰক্ষাৰ বাবেও উদ্বেগ প্ৰকাশ কৰি লগতে তেওঁ কয়, “মই দেখিছোঁ যে তেওঁলোকে মোক পি এছ এৰ অধীনলৈ আনি মোক জে’লত ভৰাই থবলৈ এটা গোচৰ তুলিছে ।”

ইফালে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়ত তেওঁ প্ৰতিবাদ বন্ধ কৰা বুলি উত্থাপিত অভিযোগ নাকচ কৰিছে সমাজকৰ্মীগৰাকীয়ে ।

“বন্দুকৰ গুলী শুনাৰ সময়ত লাডাখী আৰু হিন্দী দুয়োটা ভাষাতে শান্তিৰ বাবে আবেদন জনাইছিলোঁ । যদি এই কাৰণতে মোক গ্ৰেপ্তাৰ কৰা হয় তেন্তে যিকোনো সময়তে গ্ৰেপ্তাৰ হোৱাত মই সুখী হ’ম ।” তেওঁ কয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!