AGP candidate list announced: ২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ১৩টাতেই সংখ্যালঘু প্ৰাৰ্থীক প্ৰক্ষেপ কৰি অগপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ
২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ১৩টাতেই সংখ্যালঘু প্ৰাৰ্থীক প্ৰক্ষেপ কৰি অগপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

DD TIMES গুৱাহাটী, ১৯ মাৰ্চঃ ২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ১৩টাতেই সংখ্যালঘু প্ৰাৰ্থীক প্ৰক্ষেপ কৰি অগপই প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে।

তালিকা অনুসৰি বোকাখাত অতুল বৰা, কলিয়াবৰত কেশৱ মহন্ত, বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰী, ডিমৰীয়াত ড° তপন দাস, তেজপুৰত পৃথ্বিৰাজ ৰাভা, পকাবেতবাৰীত ডাঃ তাৰা প্ৰসাদ দাস, শিৱসাগৰত প্ৰদীপ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

বৃহস্পতিবাৰে বিজেপিৰ পৰা যোগদান কৰা বসন্ত দাসক নাওবৈচাত, হাজো-শুৱালকুছিত বিজেপিৰ পৰা অগপত অহা প্ৰকাশ চন্দ্ৰ দাসক, বিলাসীপাৰাত জিৱেশ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰি ধন্য হৈছে অগপৰ নেতৃত্ব।


আন কেইটা সমষ্টিৰ ভিতৰত সোণাইত কৰিমুদ্দিন বৰভূঞা, দক্ষিণ কৰিমগঞ্জত ইকবাল হুছেইন, মানকাচৰত জাৱেদ ইছলাম, গোৱালপাৰা পূবত আব্দুল ৰহিম জিব্ৰাণ, আলগাপুৰ-কাটলিচেৰাত জাকিৰ হুচেইন লস্কৰ, বিন্নাকান্দিত ছাহাবউদ্দিন মজুলদাৰ, ৰূপহীহাটত জাকিৰ হুছেইন ফাৰাজী, লাহৰীঘাটত খলিলিৰ ৰহমান, সৃজনগ্ৰামত ছহিদুল ইছলাম, চেঙাত ছাদ্দাম হুছেইন, চমৰীয়াত নুৰুল ইছলাম, জলেশ্বৰত আবু শ্বাস শ্বাহি হুছেইন, গৌৰীপুৰত মেহতাবুল হকক প্ৰদান কৰিছে অগপই প্ৰাৰ্থিত্ব।

২৬জনীয়া এই তালিকাত ১৩জনেই সংখ্যালঘু নেতাক অগপই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰ বিপৰীতে কমলা কলিতা, ভৱেন ভৰালী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদিকে ধৰি দলটোৰ জ্যেষ্ঠ নেতাসকলক টিকটৰ পৰা বঞ্চিত হৈছে।

