অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

AGP AND BJP: অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ মনোনয়ন দাখিল

Spread the love

অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’লে কলিয়াবৰত স্থাপন হ’ব কলিয়াবৰ বিশ্ববিদ্যালয়

কেশৱ মহন্তৰ মনোনয়ন-পত্ৰ দাখিলৰ পূৰ্বে কলিয়াবৰত মুখ্যমন্ত্ৰীৰ জনসভা

কেশৱ মহন্তৰ কাৰ্যদক্ষতাক প্ৰশংসা ড° হিমন্ত বিশ্ব শৰ্মাৰ

DD TIMES কলিয়াবৰ, ২৩ ফেব্ৰুৱাৰীঃ ক’ভিডকালীন জটিল সময়ৰ স্বাস্থ্যমন্ত্ৰী ৰূপে ৰাজ্যত আগ বঢ়োৱা সেৱা আৰু চাহ বাগিচাৰ শ্ৰমিকৰ ভূমি পট্টনৰ ক্ষেত্ৰত দেখুওৱা তৎপৰতাৰ বাবে কেশৱ মহন্তক প্ৰশংসাৰে উপচায় গ’ল মুখ্যমন্ত্ৰীয়ে। লগতে বিজেপি দলৰ মাজত দেখা দিয়া মনান্তৰৰ আঁতৰাই দুয়ো দলে নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তক বিজয়ী কৰাবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কলিয়াবৰত অগপ প্ৰাৰ্থী কেশৱ মহন্তৰ মনোনয়ন-পত্ৰ দাখিলৰ পূৰ্বে এখন জনসভাত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– “আজি কলিয়াবৰ বিধানসভা সমষ্টিৰ বাবে অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু সভাপতি অতুল বৰা ডাঙৰীয়াই মনোনয়ন-পত্ৰ দাখিল কৰিব  দুয়োজনৰ মনোনয়ন-পত্ৰ দাখিল অনুষ্ঠানত মই যোগদান কৰিব বিচাৰিছোঁ। আজি কলিয়াবৰত প্ৰথমতে কেশৱদাক মই মাত লগালোঁ । ইয়াৰ পিছত গোলাঘাটত গৈ অতুল বৰা ডাঙৰীয়াকো মাত লগাবলৈ চেষ্টা কৰিম। আৰু মই নিশ্চিত যে, এইবাৰ এজিপি-বিজেপি সকলোৱে লগলাগি কেশৱ মহন্ত ডাঙৰীয়াক বিপুল ভোটত বিজয়ী কৰিম।”


“ৰাজ্যত বিজেপি-অগপৰ চৰকাৰ হ’লে কলিয়াবৰত মুখ্যমন্ত্ৰীয়ে কেশৱ মহন্তৰ বাবে¸ সমষ্টিৰ বাবে এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হ’ব।” এই ভাষ্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। কলিয়াবৰত আজি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিল প্ৰাক মুহূৰ্তত এক জনসভাত ভাষণ দি এই শুভ সংবাদ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি কলিয়াবৰত উপস্থিত হৈ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তক শুভেচ্ছা দিবলৈ উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসঙ্গত যোৱা সময়ছোৱাত বিশেষকৈ স্বাস্থ্য আৰু ৰাজহ বিভাগত দেখুওৱা কাৰ্যদক্ষতাৰ উপহাৰ স্বৰূপে কলিয়াবৰত অহা চৰকাৰৰ দিনত কলিয়াবৰত এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ চিন্তা কৰিছিল বুলি কৈ আজি এই কথা ৰাইজৰ আগত অৱগত কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কেশৱ মহন্তৰ কাৰ্যদক্ষতাৰ বিষয়ে প্ৰসংশা কৰি কয় – “ৰাজ্যত ক’ভিদকালীন সময়ত স্বাস্থ্যমন্ত্ৰী হিচাপে যিদৰে সেৱা আগ বঢ়ালে, সেয়া সকলোৱে দেখিছে। সেই সময়ছোৱাত ৰাজ্যৰ জটিল পৰিৱেশ নিয়ন্ত্ৰণ আৰু চিকিৎসা সেৱাৰ ক্ষেত্ৰত যিধৰণে তৎপৰতা দেখুৱালে, সেই সময়ত মুখ্যমন্ত্ৰী হিচাপে মই কেনেধৰণে বিচাৰিছিলোঁ তেনেধৰণে কেশৱদাই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ  নিজে গৈ সমগ্ৰ কাৰ্যপন্থা, ঔষধ, প্ৰতিষেধক চিটাকে ধৰি সকলো বিষয়ৰে তত্বাৱধান কৰিছিল। যি সেই সময়ত এক প্ৰত্যাহ্বান আছিল, যে’ তেখেত সফল হৈছিল। তাৰ পিছত মোৰ মনলৈ আহিল, আমি চাহ বাগিচাৰ শ্ৰমিকসকলক মাটিৰ পট্টা দিব লাগে। দুশ বছৰে চাহ বাগিচাত শ্ৰম কৰা শ্ৰমিকসকলে বাগিচাত মাটিৰ পট্টা পোৱা নাই। এই কামটো অতি সোনকালে কৰিব লাগিব। নহ’লে চাহ বাগিচাৰ মালিসকলে আইনৰ আশ্ৰয় ল’ব। মই চিন্তা কৰিলোঁ এই কামটো কোনে কৰিব কৰিব পাৰিব? পিছলৈ মন্ত্ৰীসভা সলনি হ’ল, তেখেতক ৰাজহ দপ্তৰৰ দায়িত্ব দিলোঁ।

তেতিয়া কেশৱদা মোক সুধিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া মই স্বাস্থ্যমন্ত্ৰী হিচাপে কাম কৰি আছিলোঁ, মোক কিবা বেয়া পালে নেকি? তেতিয়া মই একো নক’লোঁ। যোৱা চেপ্তেম্বৰ মাহত মই কেশৱদাক মাতি ক’লোঁ, চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিব লাগে, চাহ বাগিচাৰ মালিকক প্ৰত্যাহ্বান জনাই আপুনি বিধানসভাত বিল উত্থাপন কৰক। চাৰি মাহত কামটো সমাপ্ত কৰিব লাগিব। আপোনাৰ বাদে কোনেও এইটো কামত সহায় কৰিব নোৱাৰে। আজি মই গৌৰৱ কৰোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মাতি আনি, কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত চাহ বাগিচাৰ শ্ৰমিকক দুশ বছৰৰ পাছত আমি মাটিৰ পট্টা তুলি দিলোঁ।”


তথাপি বিজেপিৰ এগৰাকী কাৰ্যকৰ্তাই কেশৱ মহন্তৰ বিৰোধিতা কৰাৰ সন্দৰ্ভত কয় – “এনে এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে যেতিয়া বিজেপিৰ কাৰ্যকৰ্তা নিৰ্বাচনত উঠিব খুজিছে বুলি গম পাই কালি মই ফোন কৰি ক’লোঁ, বাবা, নিৰ্বাচনত উঠিব খুজিছা, মোৰ অলপো আপত্তি নাই। কিন্তু কেশৱ মহন্তৰ বিৰুদ্ধে নিৰ্বাচনত নুঠিবা। তেওঁ ক’লে – কিয় দাদা, তেওঁটো বিজেপি নহয়। মই ক’লো, এই কেশৱ মহন্তৰ কাৰণেই আপোনালোকে দুশ বছৰৰ পাছত মাটিৰ পট্টা পাব। অন্ততঃ এইজন মানুহৰ বিৰুদ্ধে চাহ বাগিচাৰ কোনো মানুহে নিৰ্বাচনত উঠিব নালাগে।

এইটো মোৰ অনুৰোধ। তাৰ পিছত মই ফোনটো থৈ দিলোঁ। কথাটো হ’ল আমাৰ মন্ত্ৰীসভাত বিজেপিৰ মন্ত্ৰীয়ে যিমান কাম কৰিছে, তাতকৈ মোৰ মন্ত্ৰীসভা দুটা ডাঙৰ কাম কৰি দিলে – এটা ক’ভিডৰ সময়ত ৰাইজৰ সেৱা কৰা আৰু চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়া।”


দুয়োটা দলে সকলো অসন্তুষ্টি দূৰ কৰি নিৰ্বাচনত একেলগে মিত্ৰজোঁটৰ হৈ কাম কৰাৰ আহ্বান জনাই কয় – “আজিৰে পৰা কলিয়াবৰত সকলো বিজেপিয়ে অগপক সহযোগ কৰিব । এজিপি-বিজেপি বুন্দিয়া-ভুজিয়া। এজিপি-বিজেপি মানে চেনী-চাহ।”


আনহাতে, নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “এতিয়া কিমান আসন পাম আমিও হিচাপ কৰি শেষ কৰিব নোৱাৰিম। কিন্তু এইবাৰ আমি অভূতপূৰ্ব ভাল ফলাফল দেখুৱাবৰ বাবে সক্ষম হ’ম।”


কলিয়াবৰ বিধানসভা সমষ্টিত একেৰাহে ৪ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ মন্ত্ৰিত্ব লাভ কৰা কেশৱ মহন্তই পঞ্চমটো কাৰ্যকালৰ বাবে কলিয়াবৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। মনোনয়ন-পত্ৰ দাখিলৰ প্ৰাক্-মুহূৰ্তত কুঁৱৰীটোল গান্ধী খেলপথাৰত এক বিশাল জনসভাৰ আয়োজন কৰে অগপ-বিজেপি মিত্ৰজোঁটে। প্ৰায় ৩০ হাজাৰ দলীয় কৰ্মীৰ লগতে জাতি-জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক দলসমূহে শুভাশিস প্ৰদান কৰে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তক।

,
কুঁৱৰীটোল গান্ধী খেলপথাৰৰ পৰা কলিয়াবৰ তিনিআলিলৈকে উলিওৱা বিশাল সমদলত প্ৰাৰ্থী কেশৱ মহন্তক আদৰি নিয়ে দলীয় কৰ্মীসকলে। কেশৱ মহন্তৰ মনোনয়ন-পত্ৰ দাখিলৰ প্ৰাক্-মুহূৰ্তত কলিয়াবৰত কেশৱ মহন্তক সঙ্গ দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!