অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

AGP: প্ৰিয়ংক খৰ্গেৰ অসমবিদ্বেষী বক্তব্যক গৰিহণা, ধিক্কাৰ অগপৰ; অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী

Spread the love

প্ৰিয়ংক খৰ্গেৰ অসমবিদ্বেষী বক্তব্যক গৰিহণা, ধিক্কাৰ অগপৰ; অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী

DD TIMES গুৱাহাটী, ২৮ অক্টোবৰঃ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলে অসমীয়াৰ স্বাভিমানক আঘাত কৰি কোৱা কথা-বতৰা আৰু অসমৰ প্ৰতি থকা নেতিবাচক ভাৱৰ উদাহৰণ নতুন নহয়৷

শেহতীয়াকৈ তাৰেই পুনৰ প্ৰতিফলন ঘটাই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী প্ৰিয়ংক খৰ্গেই অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প হোৱাক লৈ যি মন্তব্য আগবঢ়ালে তাক লৈ ক্ষোভিত হৈ পৰিছে অসম গণ পৰিষদ৷

প্ৰিয়ংক খৰ্গেই অসমত উদ্যোগ প্ৰতিষ্ঠাৰ বাবে মেধাসম্পন্ন অসমীয়া লোক নাই বুলি কৰা মন্তব্যক অসম কংগ্ৰেছে গৰিহণা দি তেনে বক্তব্যৰ বাবে খৰ্গেক কিয় ক্ষমা খোজাবপৰা নাই তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে অগপই৷ অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই প্ৰিয়ংক খৰ্গেৰ বিৰুদ্ধে গৰজি উঠি কয় যে, অসম কংগ্ৰেছৰ নেতাসকলে লাজ পাব লাগিছিল।

শীঘ্ৰেই ইয়াৰ বিৰোধিতা কৰি অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ প্ৰিয়ংক খৰ্গেক অসম কংগ্ৰেছৰ নেতৃত্বই বাধ্য কৰাব লাগিছিল। তেনে নকৰি একপ্ৰকাৰ যেন অসমীয়াক তাচ্ছিল্য কৰি থাকিবলৈ সমৰ্থন কৰি আছে অসম প্ৰদেশ কংগ্ৰেছে। যি কাৰ্য অতি নিন্দনীয় আৰু গৰ্হিত।

দেশ-বিদেশৰ তথ্য-প্ৰযুক্তি ক্ষেত্ৰখনত অগণন অসম সন্তানে সেৱা আগবঢ়াই সেই ঠাইৰ তথ্য-প্ৰযুক্তি উদ্যোগৰ উত্তৰণৰ বাবে কাম কৰি আছে৷

কৰ্ণাটকো ইয়াৰ ব্যতিক্ৰম নহয়৷ গতিকে খৰ্গেৰ লগতে আনকোনো লোকে যাতে অসময়ীয়াৰ প্ৰতিভা, দক্ষতা, আৰু সৃজনশীলতাক উপহাস কৰাৰ ধৃষ্টতা নকৰে তাৰ বাবে অগপৰ হৈ স্পষ্টৰূপত সকীয়াই দিয়ে সাধাৰণ সম্পাদক মনোজ শইকীয়াই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!