AGP: গোৱালপাৰাত অগপৰ শক্তি প্ৰদৰ্শন
গোৱালপাৰাত অগপৰ শক্তি প্ৰদৰ্শন
বুথ সন্মিলনত এনডিএৰ সপক্ষে জোৰদাৰ আহ্বান

DD TIMES গোৱালপাৰা, ২৫ ফেব্ৰুৱাৰীঃ গোৱালপাৰা চহৰৰ নিকটৱৰ্তী মৰিয়মনগৰৰ গ্ৰীণভেলী ক্লাৱৰ খেলপথাৰত আজি অসম গণ পৰিষদ (অগপ)ৰ গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ বুথ সন্মিলন ব্যাপক উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত হয়।
সমষ্টিৰ সভানেত্ৰী ইন্দিৰা মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দলীয় নেতৃত্বই আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি সংগঠন শক্তিশালী কৰাৰ আহ্বান জনায়।
প্ৰাক্তন মন্ত্ৰী তথা বৰপেটা লোকসভাৰ সাংসদ
ফণীভুষন চৌধুৰীয়ে ভাষণ প্ৰদান কৰি গোৱালপাৰাৰ উন্নয়নহীনতাৰ বিষয়টো উত্থাপন কৰে। তেখেতে কয় যে, এসময়ত গোৱালপাৰা প্ৰশাসনিক ক্ষেত্ৰত অগ্ৰণী আছিল যদিও বৰ্তমান বঙাইগাঁও জিলাই বিভিন্ন শিক্ষানুষ্ঠান আৰু প্ৰতিষ্ঠান লাভ কৰি আগবাঢ়িছে।
গোৱালপাৰাৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত সঠিক সিদ্ধান্ত ল’ব লাগিব বুলি তেখেতে মন্তব্য কৰে। লগতে আগন্তুক নিৰ্বাচনত এনডিএৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়।
অগপৰ কেন্দ্ৰীয় উপ-সভাপতি অপুৰ্ব ভট্টাচাৰ্য্য য়ে ১৯৮৫ আৰু ১৯৯৬ চনৰ অগপ চৰকাৰৰ সময়ছোৱাৰ উল্লেখ কৰি দলটোক ধৰ্মনিৰপেক্ষ বুলি অভিহিত কৰে। সংখ্যালঘূ ৰাইজৰ উন্নয়ন আৰু অধিকাৰৰ ক্ষেত্ৰত অগপ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ মন্তব্য কৰে।
ইফালে ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ে ভাষণত কয় যে অগপ য়ে সদায় সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰাখিবলৈ চেষ্টা কৰি আহিছে। উন্নয়নৰ স্বাৰ্থত এনডিএৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ তেওঁ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে।
সভাখনত অগপৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আনোৱাৰা হুছেইনে অনুষ্ঠান পৰিচালনা কৰে। সমষ্টিৰ অন্যতম প্ৰাৰ্থীত্ব প্ৰত্যাশী আব্দুৰ ৰহিম জিব্ৰানে আদৰণি ভাষণ আগবঢ়ায়।
লগতে প্ৰাক্তন বিধায়ক জ্যোতিষ দাস, প্ৰশান্ত বৰুৱা আৰু গোৱালপাৰা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি নকুল নাৰ্জাৰী উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত কেবা শতাধিক লোকে আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে।
গোৱালপাৰা পূৱ সমষ্টিত বুথ সন্মিলনক কেন্দ্ৰ কৰি ৰাজনৈতিক তৎপৰতা লক্ষণীয়ভাৱে বৃদ্ধি পোৱা দেখা গৈছে।

