Aghoon carries the hopes and dreams of farmers: কৃষকৰ আশা আৰু সপোন কঢ়িয়াই আঘোণে
কৃষকৰ আশা আৰু সপোন কঢ়িয়াই আঘোণে

DD TIMESত লিখিছে মৃদুল কুমাৰ চাহুে
আঘোণ সোণগুটি চপোৱা মাহ। কৃষকৰ আশা আৰু সপোন কঢ়িয়াই আঘোনে স্পৰ্শ কৰাৰ লগে লগে প্ৰাণৱন্ত হৈ উঠে কৃষকৰ মনবোৰ। সৃষ্টিৰ আমেজ বুকুত সাৱতি সোণগুটি চপোৱাৰ বতৰ আঘোণে অসমীয়া সংস্কৃতিক জীপাল কৰি তোলে। পকা ধানৰ মাজে মাজে সৰু সৰু আলিয়েদি বাৰে বাৰে পাৰ হোৱা শৈশৱক ধৰি ৰখা স্মৃতিবোৰে আঘোণতেই আমনি কৰে। পিতাই আৰু আইৰ পিছে পিছে দৌৰি লেছেৰি বুটলি কেঁচু খান্দি গ্ৰাম্যজীৱনৰ শৈশৱবোৰ ধৰি ৰাখিবলৈ সক্ষম হোৱা আঘোণ মাহ হৈছে অসমীয়া জনজীৱনৰ আমোষ শক্তি, মনত শক্তি যোগাই সৃষ্টিৰ পথাৰত অক্লান্ত ভাৱে ধানৰ ডাঙৰী কঢ়িয়াই সাঁচতীয়া ভাৱে নিৰ্মান কৰা ভঁৰালত থৈ যিটো গৰ্ব অনুভৱ হয় সেই অনুভৱ কোনো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। সেই অনুভৱবোৰ গ্ৰাম্য জীৱনৰ বুকুৰ পৰা হেৰাই যাব ধৰিছে। আধুনিক ধামখুমীয়া সংস্কৃতিয়ে আঘোণৰ মাদকতাবোৰক গিলি পেলাইছে। পুঁৱতি নিশা শোৱা পাতি এৰি গোহালীৰ পৰা গৰুহালক লৈ পথাৰলৈ যোৱা কৃষকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে।
কান্ধত নাঙল লৈ গৰুৰ পিছে পিছে যোৱা কৃষকৰ যি আমেজ সেইবোৰ হেৰাই গৈছে। পুৱাতেই বিছনা এৰি ৬ বজাত নিজ স্বামী তথা কৃষকক পথাৰত জলপান দিবলৈ যোৱা বিৰল দৃশ্য আজি নোহোৱা হৈছে। পত্নীৰ দায়িত্ব আৰু কৰ্তব্য বোধৰ লগতে কৃষিকৰ্মত জড়িত স্বামীক উৎসাহীক কৰা পৰম্পৰা আজিৰ নাৰীয়ে মুঠেই পছন্দ নকৰে। যান্ত্ৰিকতাৰ বুকুত শিক্ষাৰ মুকুতামালা পিন্ধি “নাৰীৰ স্বাধীনতাৰ শে¡াগান দিয়া আধুনিক নাৰীয়ে মেখেলা কোচাই নিজৰ স্বামীক পথাৰত জলপান দিয়া বিপৰীতে ড্ৰয়িংৰূত বহি ফেচবুক ফেচবুক খেলে। এই কাৰ্যবোৰ প্ৰতিপন্ন কৰে অভিজ্ঞতাই।
সময়ৰ পৰিৱৰ্তনে অসমীয়াৰ সংস্কৃতিত পৰিৱৰ্তন আনিছে। পৰিৱৰ্তন হৈছে চিন্তাভাৱনাও। কৃষকক গুৰুত্বই নিদিয়ে। শিক্ষিত সভ্য সমাজে কৃষক বুলি পৰিচয় দিলে নাক কোঁচাই দিয়ে। কৃষক মানে গাওঁৰ চুৰিয়া, গেঞ্জী পিন্ধা ব্যক্তি বুলি ধাৰণা কৰা নাৰীয়ে কেতিয়াও নিবিচাৰে নিজৰ জীৱন-সংগী গৰাকী কৃষক যুৱক হওঁক। মাটি, ভেটি কৃষিৰ লগত ওতঃপ্ৰোত সম্পৰ্ক থকা নিষ্ঠাৱান কৃষকৰ অৱদানেৰে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা কৃষকক অৱজ্ঞা কৰা হৈছে। মাটি-পানীৰ লগত কোনো কালে সম্পৰ্ক নথকা একাংশ ব্যক্তিয়ে কৃষিৰ ওপৰত ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰি ইজিমণিৰ দৰে সহজ পদ্ধতিৰে ব্যৱসায় উদ্যোগ ৰাজ্যত গঢ়ি তুলিছে। পথাৰত আলি দি নোপোৱা ধানৰ ডাঙৰি বান্ধিবলৈ লাজ কৰা নতুন প্ৰজন্মই অসমীয়া সংস্কৃতিৰ ভেটি গঢ়িবলৈ চেষ্টা কৰে।
আঘোণৰ পথাৰত লহ-পহকৈ উপচি পৰা সোণগুটিৰ প্ৰজাতিৰ নাম ইতিমধ্য নতুন প্ৰজন্মই পাহৰিয়েই পেলাইছে। পথাৰ ধান এইবোৰ নতুন প্ৰজন্মই নিজৰ জীৱন গঢ়াৰ ব্যস্ত থাকোতেই “ধানৰ গোন্ধ নোলোৱা হৈছে”। কৃষিয়ে যে মানৱ জীৱনৰ ভেটি স্থাপন কৰিছিল সেই কথা মানুহে ইতিমধ্য পাহৰিয়েই গৈছে। গ্ৰাম্য জীৱনৰ অৰ্থনৈতিক ভেটি স্থাপনত অৰিহনা যোগোৱা কৃষি কৰ্মৰ প্ৰতি মোহভংগ ঘটিছে। যাৰ বাবে চৰকাৰী বিষয়া তথা জনপ্ৰিতিনিধিয়ে ন-ভূঁই, ধান কটা, হাউৰি আয়োজন কৰি নতুন প্ৰজন্মক নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰা কাৰ্যই প্ৰমাণ কৰিছে কৃষি কৃষকৰ প্ৰতি প্ৰজন্মৰ ধাৰণাৰ দিশটো।
আঘোণ মানেই অফুৰন্ত আনন্দ। গৰু চৰায়, লেচেৰি বুটলাৰ ধানে বিক্ৰী কৰি বহী পেঞ্চিল কিনিছিল। সেইবাবে কৃষকৰ সন্তান আৰু কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিৰ সন্তানে বাল্য অৱস্থাৰ পৰাই শিকিছিল নীতিজ্ঞান। নিজক ফাঁকি দিয়াৰ মানসিকতাৰে জীৱনটোক গঢ়ি তোলা নাছিল। শ্ৰমৰ মৰ্য্যদা পলে পলে উপলব্ধি কৰা সন্তানে কৃষক পিতৃক পিতাই বুলি পৰিচয় দি গৌৰববোধ কৰিছিল। কিন্তু আজিৰ সন্তানে শ্ৰমিক তথা কৃষক ‘পিতৃক’ বুঢ়া বুলি উপলুঙা সূচক সম্বোধন কৰি পৰিচয় দিয়ে। পিতৃ-মাতৃক বুঢ়া-বুঢ়ী বুলি আখ্যা দিয়া পুত্ৰয়ে বৃদ্ধা অৱস্থাত জন্মদাতা পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থৈ দায়মুক্ত হোৱা বুলি গৌৰৱ কৰে। দায়বদ্ধতাৰ নমুনা। যি সকলে নিজৰ পিতৃ মাতৃকে সন্মান আৰু শ্ৰদ্ধা কৰিব নাজানে তেওঁলোকে অসমীয়া সংস্কৃতিক শ্ৰদ্ধা জনাব কেনেকৈ?
“আঘোণ” শব্দটোৱে মনলৈ আনে সোণগুটিৰে উপচি পৰা সোনোৱালী পথাৰখনলৈ। সোণগুটিৰে ভৰি পৰা সোনোৱালী পথাৰত দাৱনীয়ে প্ৰখৰ ৰ’দক নেওচি তৃপ্তি লোৱা আমেজ কৃষকৰ ৰন্ধে ৰন্ধে উজ্জীৱিত হৈ থাকে। কৃষকৰ সপোনৰ পথাৰখনক লৈ কিমান যে সপোন দেখে। আঘোণ হৈছে অসমীয়াৰ দাপোণ। য’ত কৃষকৰ বুকুত আশা কঁকালত শক্তি আহৰণ কৰে। এথৰ এথৰ কৈ ডাঙৰী বান্ধি বিৰিয়াৰে কান্ধত ধান কঢ়িয়াই অনা কৃষকৰ মুখত তিৰবিৰাই থাকে আত্মতৃপ্তি আৰু প্ৰত্যয়ৰ লেখহীন প্ৰতিচ্ছবি।
বছৰৰ বাবে ভঁৰালত ধান ভঁৰাই গৌৰৱবোধ কৰা কৃষকৰ মুখৰ সোণালীধানৰ সোনোৱালী ৰঙে প্ৰভাৱ পেলাই গোটেই শৰীৰটোকে ফুৰফুৰীয়া মিঠা সুগন্ধই দেহমন মতলীয়া কৰি তোলে। শ্ৰমেও তলাব নোৱাৰে কৃষকৰ চিন্তা ভাৱনাক। গৌৰৱ উজ্জ্বল এটা উৎসাহী মনলৈ কৃষিৰ লগত জড়িত হৈ পৰা কৃষকৰ নাই আজি সন্মান। নাই মৰ্যদা। নিজৰ খেতি মাটি দৰা বন্ধকীত তথা আধি দি পলায়ন কৰা ব্যক্তিৰ সংখ্যাই সমাজত দ্ৰুতগতিৰে বৃদ্ধি পাইছে। ফলত নিজৰ আত্মীয়-কুটুমক লৈ আঘোণ মাহত ন-খোৱা পৰম্পৰা লাহে লাহে ইতিহাস হ’ব ধৰিছে।
ঠেতুৱৈ ধৰা জাৰত গাত এৰি চাদৰ মেৰিয়াই নিশা চিঞৰ মাৰিলেই গাঁৱৰ ৰাইজে জানিছিল চুবুৰীত কাৰোবাৰ ঘৰত ন-খোৱা হৈছে। ন-খোৱা মানে আজিকালিৰ দৰে বিলাতি সুৰাৰ আড্ডা নাছিল। ন-খোৱা পৰম্পৰাই অসমীয়া জাতিৰ বৰ্ণাঢ্য সংস্কৃতিৰ এক জীৱন্ত প্ৰতিক আছিল। ধান চপাই মৰণা মৰাৰ পিছত অনুষ্ঠিত হোৱা ন-খোৱাত চুবুৰীটোৰ বুঢ়া-বুঢ়ীয়ে আনন্দত এপাক কঁকাল ঘুৰাই নাচিবলৈ সংকোচ কৰা নাছিল। সেই ন-খোৱা আজি ব্যক্তিৰ ঘৰত নাই। ন-খোৱা ৰাজহুৱা হ’ল।
ৰাইজে মিলি কোনো এক মুকলি ঠাইত ন-খোৱা আয়োজন কৰা হয়। টিভিৰ মানুহ আহে আৰু বিশিষ্ট ব্যক্তি আহে। অৰ্থাৎ ন-খোৱা পৰম্পৰাক লৈ যোৱা হ’ল উৎসৱলৈ। ন-খোৱা সাৰ্বজনীন ৰূপত উত্থাপন কৰি সাংস্কৃতিৰ প্ৰেক্ষাপটত নতুনকৈ চিনাকী কৰোৱা হৈছে ন-খোৱাক। ন-খোৱা মানে ঘৰত তথা গাঁৱত গোম গোমাই থকা পৰিৱেশ নাই। কৃষকৰ পৰশত প্ৰাণ পাই উঠা বৰা, জহা, শালি, সুৱাগমণি, মানিকী মধুৰি, ৰঞ্জিত, মালভোক, শলপোনো, শিয়াল শালী, চৰকফলা আদি বিবিধ ধানেৰে উপচি পৰা পথাৰত আজি নাই সেই চঞ্চলা মনা দাউনী। ধান দাউতে বিহুগীতৰ কলিৰে গুণ গুণাই পৰিৱেশ ৰসাল কৰা দাউনী নাই। পৰিৱেশ¸ গোমা হৈ পৰিল। ডাঙৰী বন্ধা যুৱকক যোৰা নামেৰে ঠকা সৰকা কৰা দাউনীৰ অনুপস্থিতিয়ে কৃষকৰ বুকু উদং কৰিছে।
কৃষকৰূপী গৃহস্থই দূৰৈৰ পৰা চাইছে। হিচাব লৈছে দাউনীয়ে কিমান কাটিলে? এইদৰে সময়ৰ গতিত আঘোণ হৈ পৰিছে এক নষ্টালজিক। নতুন প্ৰজন্মই কৃষিকৰ্মৰ কথা ক’লেই বৰ কৰা বুলি কয়। এতিয়া নতুন প্ৰজন্মৰ সন্মুখত ডাক্তৰ, ইঞ্জিনীয়াৰ হোৱা সপোন। ডাক্তৰ ইঞ্জিনীয়াৰ হোৱাৰ সপোনে অসমীয়া জাতিৰ সংস্কৃতি বুকুৰ আপোন স্বৰূপ আঘোণৰ মাদকতা বোৰক দাষ্টবিনত দলিয়াই দিছে।
পথাৰৰ শস্যতকৈ যে নিজৰ অভিজাত্য পৰিচয়ক মাত্ৰাধিক গুৰুত্ব দিয়া নতুন প্ৰজন্মৰ মাজত গঢ়ি উঠিছে ইজিমণিৰ মানসিকতা। এমুঠি অন্নৰ বাবে নতুন প্ৰজন্মই লোকৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। তেনে শ্ৰেণীৰ নৱ প্ৰজন্মৰ দ্বাৰা অসমীয়া জাতিৰ সংস্কৃতি হিত সাধন সম্ভৱনে? যি জনে পুৱা গৰুৰ গোহালী চাফা কৰি পোৱা নাই তেনে ব্যক্তিয়ে সমাজ চাফা কৰিব কেনেকৈ? তাৎপৰ্যৰ বিষয় যে আজি সমাজৰ পৰা হেৰাই গৈছে বহু মূল্যৱান সম্বল। নতুন প্ৰজন্মই নজনাকৈ ধানৰ বীজ পাহৰণিৰ গৰ্ভত বিলিন গৈছে। ধানৰ বীজৰ দৰে সমাজৰ বুকুৰ পৰা হেৰাই গৈছে আপুৰুগীয়া সম্বন্ধবোৰ।
আঘোণৰ পথাৰৰ পৰা ধান চপোৱাৰ পিছত মৰণা মৰাৰ আমেজেই বেলেগ। গৰুৰ পিছে পিছে ধানৰ খেৰত উবৰি খাই আই-পিতাই মাৰ খোৱা দিন আজি নাই। ঘৰৰ কাষতে থকা ছাগলী গড়াঁল চাবলৈ কাটি অনা নৰা আজি পথাৰত পাবলৈ নাই। কাৰণ নৰা কাটিলে পথাৰৰ উৰ্বৰতা শক্তি হ্ৰাস পাই। যাৰ বাবে ধান কটাৰ পিছত নৰাবোৰ জ্বলাই দিয়া হয়। আধুনিকতাৰ অপৰিপ! ব্যৱস্থাই আঘোণৰ সত্বাক গিনিপিক সজাই দিয়াৰ এক পৰম্পৰা সমাজত আৰম্ভ হৈছে। এই পৰম্পৰাই অসমীয়া জাতিৰ সংস্কৃতিত কু-প্ৰভাৱ পেলাইছে। এই ক্ষেত্ৰত সচেতন অসমীয়াই সময় থাকোতেই চিন্তা নকৰিলে পিচত আতাহ পাৰি লাভ নাই।

