ADRE EXAM: নগাঁৱত এডিআৰইত উত্তীৰ্ণ দৰিদ্ৰ কৰ্মচাৰীক অভিনন্দন নগাঁও অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষৰ
নগাঁৱত এডিআৰইত উত্তীৰ্ণ দৰিদ্ৰ কৰ্মচাৰীক অভিনন্দন নগাঁও অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষৰ

DD TIMES নগাঁও, ২০ অক্টোবৰঃ নগাঁও জিলা অনুসুচিত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ নৰেন দাসে গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ। সদ্য ঘোষিত এডিআৰই পৰীক্ষাত উত্তীৰ্ণ দৰিদ্ৰ পৰিয়ালৰ প্ৰাৰ্থীক অধ্যক্ষ দাসে ঘৰে ঘৰে গৈ অভিনন্দন জনায়।
জিলাখনৰ ডাকৰঘাট, দক্ষিণপাট, মহমৰীয়া আদি অঞ্চলৰ পৰা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য, সম্বৰ্ধনা পৰীক্ষাত উত্তীৰ্ণ হোৱা এই যুৱক-যুৱতীসকলৰ ঘৰ আৰ্থিকভাৱে স্বচ্ছল নহয়।

তেওঁলোকৰ সলোৱেই কাঠমিস্ত্ৰী, ঠেলাচালক, তামোল- পাণৰ ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰি দুখ কষ্টৰে চলি থকা সন্তান। সম্বৰ্ধনা জনোৱা এই প্ৰাৰ্থীসকল হ’ল কৃষ্ণ মোহন দাস, পুৱালী শইকীয়া, মিণ্টু দাস, ৰূপম দাস, প্ৰশান্ত বৰা আদি।
নৰেন দাসক এইক্ষেত্ৰত সহযোগিতা আগবঢ়াই দক্ষিণপাট গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিমা দাস আৰু সমাজসেৱক নৱজ্যোতি দাসে। অধ্যক্ষ দাসে প্ৰাৰ্থী সকলক বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। অধ্যক্ষ দাসৰ এই প্ৰয়াসক সকলোৱে প্ৰশংসা কৰিছে।

