অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Adi People: অৰুণাচলৰ মানচিত্ৰৰ পৰা নিঃশেষ হ’ব আদী জনগোষ্ঠী!

Spread the love

অৰুণাচলৰ মানচিত্ৰৰ পৰা নিঃশেষ হ’ব আদী জনগোষ্ঠী!
চিয়াং জলবিদ্যুৎ প্ৰকল্পক লৈ চিয়াং ইণ্ডিজিনায়ছ ফাৰ্মাৰ ফ’ৰামৰ বিস্ফোৰক

DD TIMES য়িংকিং (অৰুণাচল প্ৰদেশ), ২৭ নৱেম্বৰঃ খৰস্ৰোতা চিয়াঙৰ বক্ষত নিৰ্মাণ হ’ব ভাৰতৰ সৰ্ববৃহৎ জলবোমাসদৃশ নদীবান্ধ। চিয়াঙক ভেঁটি কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা আপাৰ চিয়াং বহুমূখী জলবিদ্যুৎ প্ৰকল্পই অৰুণাচলৰ মানচিত্ৰৰ পৰা নিঃশেষ কৰিব আদী জনগোষ্ঠী।

সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে চিয়াং ইণ্ডিজিনিয়াছ ফাৰ্মাৰ ফ’ৰামৰ সাধাৰণ সম্পাদক য়ুকেন লিবাঙে। আপাৰ চিয়াং জনতাৰ দীৰ্ঘবছৰীয়া প্ৰতিবাদ তথা বিৰোধিতাকো আওকান কৰি কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে বৃহৎ নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াঙৰ বক্ষত।

বিগত প্ৰায় ২০০৭ চনৰ পৰা আপাৰ চিয়াঙৰ জনতাই জলবোমাসদৃশ বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতা কৰি আহিছে। প্ৰথমে প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্পটোৰ উৎপাদন ক্ষমতা আছিল ১০ হাজাৰ মেগাৱাট। পৰৱৰ্তী সময়ত ১০,৩০০ মেগাৱাটৰ পৰা বৰ্তমান ১২৫০০ মেগাৱাটলৈ বৃদ্ধি কৰিছে প্ৰকল্পটোৰ শক্তি উৎপাদন ক্ষমতা।

সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত য়ুকেন লিবাঙে কয় যে, আমাৰ আদী জনগোষ্ঠীৰ লকোসকল চিয়াং ভেলীৰ ওপৰতে জীৱন-জীৱিকা নিৰ্ভৰ কৰোঁ। কৃষিৰ বাদে আমাৰ জীৱিকাৰ আন একো উপায় নাই।

এনে পৰিপ্ৰেক্ষিতত চৰকাৰে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিলে আমাৰ ভৱিষ্যৎ জীৱন-জীৱিকাৰ প্ৰতি বিৰূপ প্ৰভাৱ পৰিব। ১৪০০ মিটাৰ উচ্চতাত পানী ওফন্দি উঠিলে সা-সম্পত্তি ব্যাপক ৰূপত ক্ষতি হ’ব।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চিয়াঙত নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত বৃহৎ নদীবান্ধে আদী জনগোষ্ঠীৰ লোকসকলৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি নমাই আনিছে। নদীবান্ধ হ’লে আদী জনগোষ্ঠীৰ মানুহবোৰ ক’লৈ যাব। এই নদীবান্ধে অৰুণাচলৰ মানচিত্ৰৰ পৰা আদী জনগোষ্ঠী নিশ্চিহ্ন কৰিব।

একেটা প্ৰসংগত লিবাঙে লগতে স্পষ্ট কৰি কয় যে, আমি নদীবান্ধ বিৰোধী নহয়, কিন্তু আমি আপাৰ চিয়াং বহুমূখী জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধী। চিয়াঙৰ আৱেষ্টনীত আমি কোনো পধ্যে চৰকাৰক বৃহৎ নদীবান্ধ বনাবলৈ দিয়া নহ’ব। আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি যাম। প্ৰতিবাদৰ নামত অগণতান্ত্ৰিক পন্থা হাতত ল’বলৈ আমাক বাধ্য কৰিব নালাগে।

ইফালে প্ৰস্তাৱিত নদীবান্ধক লৈ জনতাৰ মতামত গ্ৰহণ নকৰাকৈ কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ ষড়যন্ত্ৰ আৰু বলপূৰ্বকভাৱে বৃহৎ নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে বুলি মন্তব্য কৰিছে। য়ুকেন লিবাঙে কয় যে, চৰকাৰ জনতাৰ হয়, পশু-পক্ষীৰ বাবে নহয়। আমি কোনো কাৰণতে এই নদীবান্ধ হ’বলৈ দিয়া নহ’ব।

এই ভূখণ্ডৰ মালিকক নোসোধাকৈ নদীবান্ধ বনাবলৈ লোৱা চৰকাৰৰ সিদ্ধান্ত হঠকাৰী। ইতিমধ্যে প্ৰকল্পস্থলীত সামৰিক বাহিনী মূতায়েন কৰি নদীবান্ধৰ সা-সামগ্ৰী সাজু কৰি তুলিছে। এই পৰিকল্পনাৰ জৰিয়তে মানৱতাবিৰোধী কাম-কাজ চলাইছে চৰকাৰে। ভাৰত চৰকাৰে চীনৰ জলবোমাৰ কথা কৈ আছে। চীনে জলবোমাসদৃশ ৬০ হাজাৰ মেগাৱাট নদীবান্ধ বনাইছে নে নাই সেই বিষয়ত কাৰো হাতত প্ৰামাণিক তথ্য নাই। ভিত্তিহীন বাতৰিৰ ভিত্তিত ভাৰত চৰকাৰে চীনৰ জলবোমাক প্ৰতিহত কৰাৰ কথা দোহাই দি চিয়াঙৰ বক্ষত বৃহৎ নদীবান্ধ বনাবলৈ সাজু কৰিছে। চীনে ভাৰতৰ ওপৰত জলবোমা নিক্ষেপ কৰিবনে নাই সেইটো স্পষ্ট নহয়, কিন্তু চিয়াঙৰ নদীবান্ধৰ জৰিয়তে ভাৰতেই ভাৰতীয়ৰ ওপৰত জলবোমা নিক্ষেপ কৰিব সেইয়া স্পষ্ট।

গতিকে এই চিয়াঙৰ এই নদীবান্ধ ভয়ংকৰ। ইয়াৰ বিৰুদ্ধে নামনি অংশত থকা সকলোৱে প্ৰতিবাদ কৰা উচিত। বিশেষকৈ ডিব্ৰুগড়, ধেমাজি, লক্ষীমপুৰ, যোৰহাট, মাজুলী, তিনিচুকীয়া আদি ৰাইজে ব্যাপক ৰূপত প্ৰতিবাদ কৰিব লাগে। আমি যিকোনো প্ৰকাৰে পাহাৰত উঠি হ’লে আমাৰ জীৱনটো ৰক্ষা কৰিব পাৰিম।

কিন্তু অসমত থকা আমাৰ ভাই-ভনীসকল কি কৰিব, ক’লৈ যাব। উল্লেখ্য চিয়াঙৰ বক্ষত কেন্দ্ৰীয় চৰকাৰে তিনিটাকৈ স্থানত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। পাৰং, ডিটে ডিমে আৰু কমকাৰত নিৰ্মাণৰ পৰিকল্পনা কৰিছে ১২৫০০ মেগাৱাট শক্তিসম্পন্ন আপাৰ চিয়াং বহুমূখী জলবিদ্যুৎ প্ৰকল্প।

এই প্ৰকল্পটোৰ বাবে প্ৰায় এক লক্ষাধিকৰো গছ কটাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে। আনহাতে চিয়াঙৰ এই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ পৰিৱেশ আৰু পৰ্যটন বিভাগৰ সম্পাদক গীৰিশ পাত্ৰই।

পাত্ৰই সমগ্ৰ নদীবান্ধ প্ৰকল্পটো পৰ্যবেক্ষণ কৰি কয়, চিয়াঙৰ এই নদীবান্ধে কেৱল অৰুণাচলকে নহয়, আটাইতকৈ প্ৰভাৱাম্বিত কৰিব উজনি অসমক। গতিকে উজনি অসমৰ জনতাই এই জলবোমাসদৃশ প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!