অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Actor Jatin Bora: জীয়াই থাকি বহু মানুহক পেটৰ ভাত দি যোৱা জুবিনে মৃত্যুৰ পিছতো বহু লোকৰ পেটৰ ভাত মুঠি যোগাৰ কৰি থৈ গৈছেঃ অভিনেতা যতীন বৰা

Spread the love

জীয়াই থাকি বহু মানুহক পেটৰ ভাত দি যোৱা জুবিনে মৃত্যুৰ পিছতো বহু লোকৰ পেটৰ ভাত মুঠি যোগাৰ কৰি থৈ গৈছেঃ অভিনেতা যতীন বৰা

জুবিন গাৰ্গৰ জীৱন শৈলীৰ বিশিষ্ট বৈভৱ অসমীয়া জাতীয় জীৱনৰ সম্পদঃ বিষ্ণু দাস

DD TIMES বেবেজীয়া, ২১ নৱেম্বৰঃ “জুবিন গাৰ্গৰ লগত মোৰ এটা দীঘলীয়া জাৰ্ণি আছে ৷ জুবিন গাৰ্গৰ ‘হিয়া দিয়া নিয়া’ছবিখনত যদি সংগীত পৰিচালক হিচাপে মই আগভাগ নললোহেতেন তেতিয়াহ’লে কিজানি মই যতীন বৰা হ’ব নোৱাৰিলোহেতেন, চাগৈ ৷

আমাৰ ৰাইজক জুবিনে বহুত দি গ’ল ৷ জুবিন গাৰ্গ এটা নামেই নহয় এটা অনুষ্ঠান ৷ মই নিজকে সৌভাগ্যৱান বুলি ভাৱোঁ কিয়নো জুবিন গাৰ্গৰ প্ৰথম ছবিখন ‘তুমি মোৰ মাঁথো মোৰ’ত মই অভিনয় কৰিছোঁ ৷ সেই ছবিখন চুটিং কৰি অহাৰ পাছত এদিন বেবেজীয়া চাৰিআলিতে তাৰ আৰু মোৰ লগত সৰু কথা এটাক লৈ কাজিয়া হৈছিল, নমতা নমতিকৈয়ো আছিলোঁ ৷ বন্ধুত্বৰ মাজত তেনেকুৱা হয়েই ৷ আজি এই কথা বিলাক মনত পৰিছে ৷ আজি যদি এনেকৈ কথা ক’ব পাৰিছোঁ তাৰ গুৰিতে জুবিন গাৰ্গ ৷”

এই মন্তব্য অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ৷ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত মনবৰ বাকৰিত পূৱ জামুগুৰি মহিলা সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসোৎসৱৰ লগত সংগতি ৰাখি ১৬ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘স্মৃতি ৰোমন্থন আৰু সংগীতানুষ্ঠান’ৰ সভাত অংশ গ্ৰহণ কৰি জুবিন গাৰ্গৰ বন্ধু অভিনেতা গৰাকীয়ে ‘হিয়া দিয়া নিয়া’ ছবিখনৰ পৰা শেষত তেওঁৰ ‘অগ্নিবাণ’ ছবিখনলৈকে দীঘলীয়া সম্পৰ্কৰ বিষয়ে দোহাৰি সেমেকা চকুলোৰে যতীন বৰাই জুবিন জীয়াই থাকোঁতেও বহু মানুহৰ পেটত ভাত দি গ’ল আৰু জীৱন হেৰুৱাইও জুবিন ক্ষেত্ৰখনৰ কিনাৰৰ পান দোকানৰ পৰা আৰম্ভ কৰি সৰু সৰু দোকানী বিলাককো সি পেটৰ ভাত মুঠি যোগাৰ কৰি থৈ গৈছে বুলি কম্পিত কণ্ঠেৰে উল্লেখ কৰি আচলতে সেইটোৱেই জুবিন বুলি অনুভৱ ব্যক্ত কৰে ৷

বৰাই লগতে আজি জুবিন গাৰ্গ নোহোৱা কথাটো অসমীয়া ছবিৰ কাৰণে, অসমীয়া সংগীত জগতৰ কাৰণে এটা শূন্যত পৰিণত হোৱাৰ বিষয়েও উল্লেখ কৰি মুনীন বৰুৱা,বিজু ফুকন, নিপন গোস্বামীয়ে যিটো সপোন দেখিছিল সেই সপোন জুবিনে বাস্তৱত পৰিণত কৰিলে বুলি মন্তব্য কৰাৰ লগতে ‘ৰৈ ৰৈ বিনালে’ ছবিখনে ২৫ কোটি ক্ৰচ কৰিছে বুলিও বক্তব্যত প্ৰকাশ কৰে ৷

অসমীয়া ছবিৰ কাৰণে এয়া খুব শুভ লক্ষণ বুলি অভিমত দাঙি ধৰি চলচ্চিত্ৰ উদ্যোগৰ জড়িয়তে জুবিনৰ সপোনক আমি আগুৱাই লৈ যাব লাগিব বুলিও মন্তব্য কৰি যতীন বৰাই ৰাইজক উদ্দেশ্যি কয়—আজি আপোনালোকে গৰিমাক শক্তি দিয়ক ৷ গৰিমা মানসিকভাৱে খুব ভাগি পৰিছে, খোৱা বন্ধ কৰিছে, খাব নোৱাৰা হৈছে ৷সকলোৱে আশীৰ্বাদ দিয়ক,সাহস দিয়ক যাতে জুবিন নথকা দিনবোৰত গৰিমাই জুবিনৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিব পাৰে ৷

সম্ভ্ৰমপূৰ্ণ অনুষ্ঠানটিত জুবিন গাৰ্গৰ আন দুগৰাকী বন্ধু, জনপ্ৰিয় বিহু গীতৰ শিল্পী কৃষ্ণমণি নাথ আৰু বিশিষ্ট সাংস্কৃতিক সংগঠক ৰঞ্জিত বৰা (দাদু) উপস্থিত থাকি একেদৰেই জুবিন গাৰ্গৰে থকা সুখ-দুখৰ মধুৰ স্মৃতি ৰোমন্থন কৰি আবেগ বিহ্বল হৈ পৰে ৷

সাংবাদিক প্ৰাঞ্জল বৰদলৈৰ সামগ্ৰিক পৰিচালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সংগীতানুষ্ঠানটিত নগাঁৱৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা খনিন তালুকদাৰ, প্ৰণতি বৰা,নিখিল নাৰায়ণ বৰুৱা, ৰিমলি শৰ্মা বৰা,ইন্দুশ্ৰী কলিতা, কানু কন্দলী, জিতু শ্ৰাৱণ,কীৰ্তি কৃষ্টি বৰা, নিবেদিতা তালুকদাৰ, অভিজিৎ ৰাগ, প্ৰযুক্তি দেৱী, পঙ্কজ নাথ,দেৱাশীষ শইকীয়া, কৃষ্ণা দেৱী, বিকাশ নাথ, অভিজিৎ দাস, বেদব্যাস পৰাশৰ, কৃষাঙ্গী কাশ্যপ, তৰুণ শইকীয়াৰ উপৰি শিশু শিল্পী মৌচুম ময়ূৰ শইকীয়া প্ৰমুখ্যে স্বনামপ্ৰসিদ্ধ শিল্পী সকলে হিয়াৰ আমঠু জুবিন গাৰ্গৰ একোটিকৈ গীত পৰিৱেশন কৰি সভাগৃহ শোকস্তব্ধ কৰি তোলে ৷

গায়ক-গায়িকা সকলৰ সমানেই বিনয় গোস্বামী, পঙ্কজ বৈশ্য, অপু বৰা, পিংকু শৰ্মা আৰু প্ৰাঞ্জল বৰাই পৰিৱেশন কৰা বাদ্যযন্ত্ৰৰ অপূৰ্ব সংমিশ্ৰণত অনুষ্ঠানটি সোণত সোৱগা চৰা হৈ পৰে ৷


সমান্তৰালভাৱে শিল্পী সকলৰ গীতৰ সুৰেৰে মোহাচ্ছন্ন কৰি ৰখা মায়াবিনী ৰাতিটোক ইলোৰা ভূঞা বৰা, লখিমী মহন্ত, যুগস্মিতা ভূঞা বৰা আৰু মিচিমি মহন্তৰ আবৃত্তিৰ আকৰ্ষণীয় ধ্বনিত সভাগৃহ যেন যেন কাহ পৰি জীন যায়৷

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনেৰে অনুষ্ঠিত কৰা স্মৃতি ৰোমন্থন আৰু সংগীতানুষ্ঠানৰ মনোজ্ঞ অনুষ্ঠানটিৰ আৰম্ভণিতে জামুগুৰি শঙ্কৰ-ধাধৱ নামতি দলৰ মমী দেৱীয়ে প্ৰাণৰ শিল্পী গৰাকীক লৈ ৰচনা কৰা নাম আৰু ‘মায়াবিনী ৰাতিৰ বুকুত’ শীৰ্ষক গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে যোগদান কৰি অসম গণ পৰিষদ দলৰ নেতা তথা ৰহা সমষ্টিৰ তত্বাৱধায়ক বিষ্ণু দাসে মহান শিল্পী জুবিন গাৰ্গৰ জীৱন শৈলীৰ বিশিষ্ট বৈভৱ অসমীয়া জাতীয় জীৱনৰ এক নজহানপমা সম্পদ হৈ থাকিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

উল্লেখ্য যে অতিথি তথা শিল্পী সকলক উৎসৱ উদ্‌যাপন সমিতিয়ে জুবিন গাৰ্গৰ প্ৰিয় গছ পুলি আৰু একোখনকৈ গ্ৰন্থৰে আদৰণি জনোৱা ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰথম দিনা অৰ্থাৎ ১৫ নৱেম্বৰত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ উদ্বোধন কৰি প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই কৃষ্ণ সংস্কৃতিয়ে আমাক দিব্য জ্ঞান লাভৰ জড়িয়তে শান্তি আৰু প্ৰেমৰ সমাজ গঢ়িবলৈ প্ৰেৰণা দিয়াৰ উপৰি ৰাস উৎসৱৰ দ্বাৰা হিংসা, অসূয়া-অপ্ৰীতি বিনাশ কৰি দুষ্টক দমন আৰু শান্তক পালনৰ দ্বাৰা ভগৱান কৃষ্ণই সুন্দৰ দৃষ্টান্ত দাঙি ধৰা বুলি উল্লেখ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!